১৭ জানুৱাৰী, ২০১৯ অৰ্থাৎ কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই ভ্ৰমণকালতে প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰ, আহমেদাবাদ আৰু হাজিৰাতো উপস্থিত হ’ব।

কালি তেওঁৰ প্ৰথমটো কাৰ্যসূচী হিচাপে গান্ধীনগৰত থকা মহাত্মা মন্দিৰ প্ৰদৰ্শনী আৰু সন্মিলন কেন্দ্ৰত ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল বাণিজ্য মেলা উদ্বোধন কৰিব। উল্লেখ্য যে এই প্ৰদৰ্শনী তথা মেলাত একেটা স্থানতে ২৫ ৰো অধিক উদ্যোগ আৰু বাণিজ্য খণ্ড উপস্থাপন কৰা হ’ব।

উক্ত দিনটোতেই সন্ধিয়া প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদত থকা চৰ্দাৰ বল্লভ ভাই পেটেল ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেজ এণ্ড ৰিছাৰ্ছ আনুষ্ঠানিকভাৱে মুকলি কৰিব। উল্লেখ্য যে এই অত্যাধুনিক তথা ছুপাৰস্পেচিয়েলিটি হাস্পতালখন নিৰ্মাণ কৰি উলিয়াইছে আহমেদাবাদ পৌৰ নিগমে আৰু এই চিকিৎসালয়খনত আছে এয়াৰ এম্বুলেন্সৰ লগতে সকলোধৰণৰ আধু্নিক সা-সুবিধা। এই ৭৮ মিটাৰ উচ্চতাৰ বৃহৎ নিৰ্মাণ হৈছে দক্ষতা, ব্যুৎপত্তি আৰু ক্ষীপ্ৰতাৰ অনবদ্য সংমিশ্ৰণ।

ডিজিটেল ইণ্ডিয়াৰ ছন্দোময় গতিৰ প্ৰতি লক্ষ্য ৰাখি এই চিকিৎসালয়খনক সম্পূৰ্ণ “পেপাৰলেছ” কৰি তোলা হৈছে, অৰ্থাৎ কোনো কামতে ইয়াত কাগজৰ ব্যৱহাৰ কৰা নহ’ব। এই চিকিৎসালয়ে দেশৰ সৰ্বসাধাৰণ লোকৰ চিকিৎসা প্ৰয়োজনীয়তা পূৰ কৰাৰ লগতে আয়ুষ্মান ভাৰতৰ অভিলাষী সংকল্প সাকাৰ কৰি তুলিব।

প্ৰধানমন্ত্ৰীয়ে চিকিৎসালয়খনত থকা বিভিন্ন সা-সুবিধাৰ বুজ ল’ব আৰু উপস্থিত জনতাক সম্বোধন কৰি এক ভাষণো প্ৰদান কৰিব।

ইয়াৰ পিছতেই উক্ত সন্ধিয়াই, প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব আহমেদাবাদ শ্ব’পিং ফেষ্টিভেল ২০১৯। উল্লেখ্য যে এই শ্ব’পিং মেলা ভাইব্ৰেণ্ট গুজৰাটৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ভাইব্ৰেণ্ট গুজৰাট আহমেদাবাদ শ্ব’পিং ফেষ্টিভেলৰ মেছকট বা শুভংকৰটোও আনুষ্ঠানিকভাৱে মুকলি কৰিব। উল্লেখ্য যে সমগ্ৰ ভাৰততে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে এক ভিন্নসূৰী আহমেদাবাদ শ্ব’পিং ফেষ্টিভেল ২০১৯। এই অনুষ্ঠানে চহৰখনৰ উদ্যোগীসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ গ্ৰাহক ৰাইজৰ সমূখত তুলি ধৰাৰ এক অনন্য সুযোগ লাভ কৰিব।

প্ৰধানমন্ত্ৰীয়ে এই উদ্দেশ্যে আয়োজন কৰা এক জনসভাতো ভাষণ প্ৰদান কৰিব।

ইয়াৰ পৰৱৰ্তী দিনা, অৰ্থাৎ ১৮ জানুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত থকা মহাত্মা মন্দিৰ প্ৰদৰ্শনী আৰু সন্মিলন কেন্দ্ৰত ৯ম সংস্কৰণৰ ভাইব্ৰেণ্ট গুজৰাট সন্মিলন মুকলি কৰিব। উল্লেখ্য যে ২০০৩ চনতে গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাতে আৰম্ভ কৰিছিল এই ভাইব্ৰেণ্ট গুজৰাট সন্মিলন, এক বিনিয়োগ কেন্দ্ৰ হিচাপে গুজৰাটক এক নতুন ৰূপত স্থাপন কৰাৰ উদ্দেশ্যেৰেই আৰম্ভ কৰা হৈছিল এই ভাইব্ৰেণ্ট গুজৰাট সন্মিলন। এই সন্মিলনে গ্লোবেল আৰ্থ-সামাজিক উন্নয়ন, জ্ঞান বিনিময় আৰু কাৰ্যকৰী অংশীদাৰীত্বক তৰান্বিত কৰিব পৰা বিভিন্ন কাৰ্যসূচীৰ ওপৰত বিশদ আলোচনা কৰাৰ এক শক্তিশালী আৰু উপযুক্ত মঞ্চ প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে ১৯ জানুৱাৰী, ২০১৯ ত উপস্থিত হ’ব হাজিৰাত, হাজিৰা বন্দুক কাৰখানাৰ প্ৰতিষ্ঠাৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এখ অনুষ্ঠানত ভাগ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

হাজিৰাৰ পৰা প্ৰধানমন্ত্ৰীয়ে পোনে পোনে দাদৰ নগৰ হাফেলীৰ শিলভাছালৈ যাব। ইয়াতেই ভালেমান উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীৰ এই তিনিদিনীয়া ভ্ৰমণৰ অন্তিমটো দিনত অৰ্থাৎ ১৯ জানুৱাৰীতেই শিলভাছাৰ পৰা তেওঁ পোনে পোনে মুম্বাইলৈ যাব। ইয়াতেই ভ্ৰমণৰ অন্তিমটো কাৰ্যসূচী হিচাপে ৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ সংগ্ৰহালয়ৰ গৃহটো উদ্বোধন কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design

Media Coverage

India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 ছেপ্টেম্বৰ 2026
September 08, 2026

Viksit Bharat, Many Engines: Defence, Diplomacy, Growth & Green Power Under PM Modi