প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংককত ইষ্ট এছিয়া আৰু আৰচিইপি সন্মিলনত অংশগ্ৰহণ কৰিব৷ ইয়াৰোপৰি তেওঁ জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ আবে, ভিয়েটনামৰ প্ৰধানমন্ত্ৰী গুৱেন জুৱান ফুক আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ সৈতেও আজি ৰাতি দিল্লীলৈ উভতি অহাৰ পূৰ্বে বৈঠকত মিলিত হ’ব৷

প্ৰধানমন্ত্ৰীয়ে আঞ্চলিক ব্যাপক অৰ্থনৈতিক সহযোগিতা অথবা চমুকৈ আৰচিইপিত ভাৰতৰ মধ্যস্থতা সম্পৰ্কে বৰ্ণনা কৰিব৷ আৰচিইপি হ’ল ১০খন আছিয়ান সদস্য তথা আছিয়ানৰ মুক্ত বাণিজ্যিক চুক্তিৰ সহযোগী দেশ অষ্ট্ৰেলিয়া, চীন, ভাৰত, জাপান, কোৰিয়া আৰু নিউজিলেণ্ডৰ মাজত হোৱা এক ব্যাপক চুক্তি৷

বেংকক পোষ্টৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে চলিত আৰচিইপি মধ্যস্থতাত ব্যাপক আৰু ভাৰসাম্য ফলাফলত নিজকে প্ৰতিশ্ৰুতিৱদ্ধ কৰি ৰাখিব৷

উল্লেখ্য, ২০১২ চনত কম্বোডিয়াত সূচনা হোৱা আৰচিইপি মধ্যস্থতাত সামগ্ৰী আৰু সেৱা, বিনিয়োগ, বজাৰ অভিগমন, অৰ্থনৈতিক সহযোগিতা আৰু ই-ব্যৱসায় আদি ক্ষেত্ৰসমূহ সামৰি লোৱা হৈছে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
e-Jagriti: Reimagining consumer justice for a Digital India

Media Coverage

e-Jagriti: Reimagining consumer justice for a Digital India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 জুলাই 2026
July 04, 2026

PM Modi’s Viksit Bharat Vision in Action: Modern Infrastructure, Strategic Strength & Economic Progress