প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ ছেপ্টেম্বৰ, ২০২০, শুকুৰবাৰে দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে চৰ্দাৰ বল্লভভাই পেটেল নেশ্যনেল পুলিচ একাডেমী (SVP NPA)ৰ দীক্ষান্ত সমাৰোহৰ সময়ছোৱাত নতুন আইপিএছসকলেৰে মত-বিনিময় কৰিব।

২৮ মহিলা শিক্ষানৱিচকে ধৰি ১৩১ গৰাকী আইপিএছ প্ৰৱেশ্যনাৰে একাডেমীখনত I-পৰ্যায়ৰ প্ৰশিক্ষণত ৪২ সপ্তাহৰ প্ৰাথমিক পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে।

লাল বাহাদুৰ শাস্ত্ৰী নেশ্যনেল একাডেমী অৱ এডমিনিষ্ট্ৰেশ্যন, মিছৌৰী আৰু ডঃ মেৰ্ৰী চান্না ৰেড্ডী এইচআৰডি ইনষ্টিটিউট অৱ তেলেংগানা, হায়দৰাবাদত ফাউণ্ডেশ্যন ক’ৰ্ছ সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকে ২০১৮ ৰ ১৭ ডিচেম্বৰত একাডেমীখনত অন্তৰ্ভুক্ত হয়। তেওঁলোকৰ সৈতে আইএএছ, আইএফএছ আদি সেৱালৈ নিৰ্বাচিত সকলো থাকে।

এছভিপি এনপিএ ত প্ৰাথমিক পাঠ্যক্ৰমৰ প্ৰশিক্ষণৰ সময়ছোৱাত, শিক্ষানৱিচসকলে আইন, অনুসন্ধান, ফৰেনচিক, নেতৃত্ব আৰু ব্যৱস্থাপনা, অপৰাধতত্ত্ব, ৰাজহুৱা নিৰ্দেশ আৰু অভ্যন্তৰীণ সুৰক্ষা, নীতি আৰু মানৱ অধিকাৰ, আধুনিক ভাৰতীয় পুলিচিং, ক্ষেত্ৰ নৈপুণ্য আৰু কৌশল, অস্ত্ৰৰ প্ৰশিক্ষণ আৰু গুলীচালনাৰ দৰে ভিন্ন আভ্যন্তৰীণ আৰু বৰ্হিঃ বিষয়ৰ প্ৰশিক্ষণ লাভ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’

Media Coverage

PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 ছেপ্টেম্বৰ 2026
September 13, 2026

Confidence on the Stage, Consensus in the Room: India’s BRICS 2026 Under PM Modi

PM Modi’s India: UPI in the Pocket, Solar on the Roof, Freight on the Rail