প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ ছেপ্টেম্বৰ,২০২০ৰ দুপৰীয়া ১২বজাত এক ভিডিঅ’ সন্মিলনৰ জৰিয়তে ঐতিহাসিক কোচি ৰেল মহাসেতু(মেগা ব্ৰীজ)ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰিব।

 

ইয়াৰউপৰি প্ৰধানমন্ত্ৰীয়ে বিহাৰ ৰাজ্যৰ সুবিধাৰ্থে যাত্ৰীৰ সুবিধা সম্পৰ্কীয় ১২টা ৰেল প্ৰকল্পও উদ্বোধন কৰিব। ইয়াৰ ভিতৰত আছে কিউল নৈৰ ওপৰত এখন নতুন ৰেল দলং, দটা নতুন ৰেল লাইন, ৫টা বৈদ্যুতিকীকৰণ প্ৰকল্প, ১টা ইলেকট্ৰিক লকোমটিভ শ্বেড আৰু বাঢ়-বখতিয়াৰপুৰৰ মাজত তৃতীয়টো লাইন প্ৰকল্প।

 

 

কোচি ৰেল মহাসেতুৰ উত্সৰ্গা বিহাৰৰ ইতিহাস আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে সংযোগ হোৱা সমগ্ৰ অঞ্চলৰ বাবে এক ঐতিহাসিক ক্ষণ।

 

১৯৮৭ চনত নিৰ্মালী আৰু ভাপটিয়াহী(চৰাইগড়)ৰ মাজত এটা মিটাৰ গজ সংযোগ নিৰ্মাণ কৰা হৈছিল। ১৯৩৪ চনৰ প্ৰবল বান আৰু ভাৰত-নেপালৰ তীব্ৰ ভূমিকম্পৰ সময়ত ৰেল যোগাযোগ নিঃচিহ্ন হৈ যায় আৰু কোচি নৈৰ সৰ্পিল গতিপথ প্ৰকৃতিৰ বাবে দীৰ্ঘদিন ধৰি এই ৰেল সংযোগ ব্যৱস্থা পুনৰুদ্ধাৰৰ বাবে চেষ্টা কৰা হোৱা নাছিল।

 

কোচি মেগা ব্ৰীজ লাইন প্ৰকল্পটোত ২০০৩-০৪ চনতে ভাৰত চৰকাৰে অনুমোদন জনাইছিল। কোচি ৰেল মহাসেতুৰ দৈৰ্ঘ্য ১.৯কিঃমিঃ আৰু নিৰ্মাণ ব্যয় হৈছে ৫১৬ কোটি টকা। ভাৰত-নেপাল সীমান্তৰ সৈতে কৌশলগত গুৰুত্ব আছে এই সেতুখনৰ। এই প্ৰকল্পটো কভিড মহামাৰী চলি থকা সময়তে সমাপ্ত হৈছিল, য’ত প্ৰব্ৰজিত শ্ৰমিকসকলেও অংশ লৈছিল।

 

এই প্ৰকল্পৰ উত্সৰ্গাই ৮৬ বছৰীয়া সপোন সাৰ্থক কৰাৰ লগতে অঞ্চলটোৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাব। এই মহাসেতু উত্সৰ্গা কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে ছুপাউল ষ্টেচনৰ পৰা ছাহাৰছা—আছানপুৰ কুফা ডেমো ৰেলখনৰো ফ্লেগ অফ কৰিব। এবাৰ নিয়মীয়া চলাচল আৰম্ভ হ’লে ই ছুপাউল, আৰাৰিয়া আৰু ছাহাৰছা জিলাৰ বাবে অত্যন্ত উপকাৰী হিচাপে প্ৰমাণিত হ’ব। ইয়ে এই অঞ্চলৰ জনসাধাৰণৰ বাবে দূৰণিবটীয়া কলকাতা, দিল্লী আৰু মুম্বাই ভ্ৰমণ সহজসাধ্য কৰি তুলিব।

 

প্ৰধানমন্ত্ৰীয়ে হাজিপুৰ-ঘোচৱাৰ-বৈশালী আৰু ইছলামপুৰ-নাটেশ্বৰৰ দুটা নতুন লাইন প্ৰকল্পৰো উদ্বোধন কৰিব। শ্ৰী মোদীয়ে কাৰনাউটি-বখতিয়াৰপুৰ লিংক বাইপাছ আৰু বাঢ়-বখতিয়াৰপুৰৰ মাজত তৃতীয় লাইনৰো উদ্বোধন কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে মুজাফ্ফৰপুৰ-ছিটামাৰ্হি, কাটিহাড়-নিউ জলফাইগুৰি, ছমস্তিপুৰ-দাৰভাংগা-জয়ানগৰ, ছমস্তিপুৰ-খাগৰিয়া, ভাগলপুৰ-শিৱনাৰায়ণপুৰ ছেক্সনৰ ৰেলৱে বৈদ্যুতিকীকৰণ প্ৰকল্পৰো উদ্বোধন কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth