একাদশ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে ২০১৯ৰ ১৩-১৪ নৱেম্বৰত ব্ৰাজিলৰ বাছিলিয়াত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ এই বছৰৰ ব্ৰিকছ সন্মিলনৰ বিষয়বস্তু হৈছে “এক অভিনৱ ভৱিষ্যতৰ বাবে অৰ্থনৈতিক বিকাশ৷”

এইবাৰৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ষষ্ঠবাৰলৈ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিছে৷ তেওঁ প্ৰথমবাৰ ২০১৪ চনত ব্ৰাজিলৰ ফৰ্টালেজাত ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিছিল৷

ইফালে ব্ৰিকছ ব্যৱসায়িক ফ’ৰামত বাকী পাঁচখন দেশৰ দৰে ভাৰতৰো এক বৃহৎ ব্যৱসায়িক প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিব৷

ব্ৰিকছ ব্যৱসায়িক ফ’ৰামৰ সামৰণী অনুষ্ঠান আৰু একাদশ ব্ৰিকছ সন্মিলনত সামৰণী তথা পূৰ্ণাংগ অধিৱেশনৰ উপৰি প্ৰধানমন্ত্ৰীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু চীনৰ প্ৰধানমন্ত্ৰী জী জিনপিঙৰ সৈতে পৃথকে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব৷

সামৰণী অধিৱেশনত সমসাময়িক বিশ্বৰ ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ অনুশীলনৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বান আৰু সূযোগসমূহৰ সন্দৰ্ভত আলোচনা হোৱাৰ আশা আছে৷ ইয়াৰ ঠিক পাছতে ব্ৰিকছৰ পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হ’ব, য’ত নেতৃবৰ্গই ব্ৰিকছ ছ’চাইটিৰ অৰ্থনৈতিক উন্নয়নৰ বাবে আন্তঃব্ৰিকছ সহযোগিতাৰ সন্দৰ্ভত আলোচনা কৰিব৷

ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে ব্ৰিকছ ব্যৱসায়িক পৰিষদৰ সৈতে ব্ৰিকছ নেতৃবৰ্গৰ বৈঠকত অংশগ্ৰহণ কৰিব, য’ত ব্ৰাজিলৰ ব্ৰিকছ ব্যৱসায়িক পৰিষদৰ অধ্যক্ষ আৰু নিউ ডেভেলপমেণ্ট বেংকৰ অধ্যক্ষই প্ৰতিবেদন দাখিল কৰাৰ আশা আছে৷
ইয়াৰ পাছত বাণিজ্য আৰু বিনিয়োগৰ প্ৰচাৰ অভিকৰণসমূহৰ মাজত এখন ব্ৰিকছ বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হ’ব৷
সন্মিলনৰ সামৰণীত নেতৃবৰ্গই এক যৌথ ঘোষণাপত্ৰ প্ৰকাশ কৰিব৷

ব্ৰিকছে পাঁচটা বৃহৎ উদিত অৰ্থব্যৱস্থাক একেলগ কৰিছে, যি বিশ্বৰ জনসংখ্যাৰ ৪২%, য’ত বিশ্বৰ জিডিপিৰ ২৩% আৰু বিশ্ব বাণিজ্যৰ প্ৰায় ১৭% বহন কৰে৷

ব্ৰিকছ সহযোগিতাৰ দুটা স্তম্ভ আছে, য’ত নেতা আৰু মন্ত্ৰীবৰ্গ বৈঠকৰ জৰিয়তে পাৰস্পৰিক লাভালাভৰ বিষয়ত পৰামৰ্শৰ লগতে ব্যৱসায়, বিত্ত, স্বাস্থ্য, শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, কৃষি, জনসংযোগ তথ্য-প্ৰযুক্তি ইত্যাদিকে ধৰি বিভিন্ন ক্ষেত্ৰত জ্যেষ্ঠ বিষয়াসকলৰ বৈঠকৰ জৰিয়তে সহযোগিতা ৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 ছেপ্টেম্বৰ 2026
September 10, 2026

Beyond Metros, Beyond Borders: How India Is Rewriting Its Growth Story Under PM Modi