প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ছেপ্তেম্বৰ,২০২০ৰ পুৱা ১১ বজাত এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ অধীনত অনুষ্ঠিত হ’বলগীয়া এক সমাৱৰ্তনত ভাষণ আগবঢ়াব। সমাৱৰ্তনৰ বিষয় হ’ল ‘২১শতিকাত স্কুলীয়া শিক্ষা’।

শিক্ষা মন্ত্ৰালয়ে শিক্ষা পৰ্বৰ অংশস্বৰূপে ১০ আৰু ১১ ছেপ্তেম্বৰত এই দুদিনীয়া সমাৱৰ্তনৰ আয়োজন কৰিছে।

ইয়াৰ পূৰ্বে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ আগষ্ট, ২০২০ত ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ অধীনত ‘উচ্চ শিক্ষাত পৰিৱৰ্তনকামী সংস্কাৰ’ বিষয়ক লৈ আয়োজিত সমাৱৰ্তনত উদ্বোধনী ভাষণ আগবঢ়াইছিল।

শ্ৰী মোদীয়ে লগতে ৭ ছেপ্তেম্বৰত ৰাজ্যপালৰ সন্মিলনো সম্বোধন কৰিছিল।

ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ হ’ল ২১ শতিকাৰ প্ৰথমখন শিক্ষা নীতি, যাক ৩৪ বছৰৰ পাছত ঘোষণা কৰা হয়। পূৰ্বৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ত ৰূপায়ন কৰা হৈছিল। ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০-এ পঢ়াশালি আৰু উচ্চ শিক্ষাৰ স্তৰত গুৰুত্বপূৰ্ণ সংস্কাৰৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।

ৰাষ্ট্ৰীয় শিক্ষা নীতিত প্ৰধানমন্ত্ৰী মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ চিন্তাধাৰাক এক নতুন গতি দিয়াৰ আশা কৰা হৈছে। ই দেশৰ শিক্ষা ব্যৱস্থালৈ যুগান্তকাৰী পৰিৱৰ্তন কঢ়িয়াই আনিব।

শিক্ষক সমাজক সম্বৰ্ধনা জনাবলৈ আৰু নতুন শিক্ষা নীতি-২০২০ক আগুৱাই নিয়াৰ লক্ষ্যৰে ৮-২৫ ছেপ্তেম্বৰ,২০২০লৈ শিক্ষক পৰ্ব পালন কৰা হৈছে। এই উপলক্ষে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিভিন্ন দিশ সামৰি দেশজুৰি বিভিন্ন ৱেবিনাৰ, ভাৰ্চুৱেল সন্মিলন আৰু সমাৱৰ্তন আয়োজন কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report

Media Coverage

India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 জুলাই 2026
July 20, 2026

Yuva to Global Stage: How PM Modi’s Policies Are Turning India’s Youth, Farms & Factories into Growth Engines