প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ১৫ জানুৱাৰী, ২০১৯ত কেৰালাৰ কোল্লাম আৰু তিৰুৱন্তপুৰমভ্ৰমণ কৰিব৷

কোল্লামত প্ৰধানমন্ত্ৰীয়ে ৬৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ কোল্লাম বাইপাছ মুকলি কৰিব৷ ৩৫২ কোটি টকা প্ৰকল্প ব্যয়েৰেনিৰ্মাণ কৰা দ্বৈতপথযুক্ত পথটোৰ দৈৰ্ঘ্য ১৩ কিলোমিটাৰ৷ ইয়াৰে ভিতৰত অষ্টমুদী হ্ৰদৰ ওপৰত সৰ্বমুঠ ১,৫৪০মিটাৰ দৈৰ্ঘ্যৰ তিনিখন প্ৰধান দলঙো অন্তৰ্ভূক্ত আছে৷ এই প্ৰকল্পই আলাপ্পুঝা আৰু তিৰুৱন্তপুৰমৰ মাজৰভ্ৰমণৰ সময়ৰ লগতে কোল্লাম চহৰৰ ব্যাপক যানজঁটৰ সমস্যাও হ্ৰাস কৰিব৷

তিৰুৱন্তপুৰমত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্মনাভস্বামী মন্দিৰ পৰিদৰ্শন কৰিব৷ এই উপলক্ষে তেওঁপৰ্যটকৰ হকে কেতবোৰ সা–সুবিধাৰ শুভাৰম্ভণিৰ লগত সংগতি ৰাখি এখনি নামফলকো মুকলি কৰাৰ সম্ভাৱনাআছে৷

উল্লেখ্য যে এয়া প্ৰধানমন্ত্ৰীৰ তৃতীয়টো চৰকাৰী কোল্লাম ভ্ৰমণ হ’ব৷ ২০১৫ৰ ডিচেম্বৰত প্ৰথমবাৰলৈ তেওঁচহৰখন ভ্ৰমণ কৰাৰ সময়ত আৰ. শংকৰৰ প্ৰতিমূৰ্তি উন্মোচন কৰিছিল৷ সমান্তৰালভাৱে, ২০১৬ৰ এপ্ৰিলতবিধ্বংসী অগ্নিকাণ্ডৰ কেইঘণ্টামানৰ পাছতে প্ৰধানমন্ত্ৰীয়ে কোল্লাম ভ্ৰমণ কৰিছিল৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rolls-Royce joins with HAL at the wheel to make India a major aerospace hub

Media Coverage

Rolls-Royce joins with HAL at the wheel to make India a major aerospace hub
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 মে’ 2026
May 15, 2026

Viksit Bharat Unleashed: PM Modi's Blueprint Delivers Energy Independence, Tech Boom, and Diplomatic Dominance