মোৰ যুৱ বন্ধুসকলৰ আচৰিত প্ৰতিভাই মোক নতুন শক্তিৰে ভৰাই তুলিলেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সাহিবাবাদ আৰ আৰ টি এছ ষ্টেচনৰ পৰা নিউ অশোক নগৰ আৰ আৰ টি এছ ষ্টেচনলৈ নমো ভাৰত ৰেলত যাত্ৰা কৰে। যাত্ৰাৰ সময়ছোৱাত তেওঁ যুৱ বন্ধুসকলৰ সৈতে আন্তৰিকতাৰে ভাৱৰ আদান-প্ৰদান কৰে, যিয়ে তেওঁক কেইবাখনো চিত্ৰ আৰু শিল্পকৰ্ম উপহাৰ দিয়ে। প্ৰধানমন্ত্ৰী আৰু উদীয়মান ভাৰতৰ বিষয়ে কবিতা আবৃত্তি কৰা এগৰাকী কণমানি ছোৱালীৰ সৈতে মত বিনিময় কৰি শ্ৰী মোদীয়ে তেওঁক প্ৰশংসা কৰে। শ্ৰী মোদীয়ে এজন ল’ৰাৰ সৈতেও মত বিনিময় কৰে, যিয়ে তেওঁক এখন ছবি উপহাৰ দিয়ে। ল’ৰাজন হৈছে চৰকাৰৰ পৰা ঘৰৰ সুবিধা লাভ কৰা এটা হিতাধিকাৰী পৰিয়ালৰ সন্তান। প্ৰধানমন্ত্ৰীয়ে নতুন ঘৰটোৰ অগ্ৰগতিৰ বুজ লয় আৰু শুভেচ্ছা জনালে। আন এগৰাকী কণমানি ছোৱালীয়েও প্ৰধানমন্ত্ৰীগৰাকীৰ বিষয়ে কবিতা আবৃত্তি কৰে, যাৰ বাবে তেওঁ ছোৱালীগৰাকীক প্ৰশংসা কৰে।

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে মহিলা লোকো পাইলটৰ সৈতে মত বিনিময় কৰে যিয়ে নিজৰ কামক লৈ সুখ আৰু গৌৰৱ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক পৰম একাগ্ৰতাৰে কাম কৰিবলৈ আহ্বান জনায় আৰু তেওঁলোকৰ নতুন চাকৰিৰ বাবে শুভকামনা জনায়।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways clears ₹755-crore project to build third line between Champa and Korba

Media Coverage

Indian Railways clears ₹755-crore project to build third line between Champa and Korba
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 জুন 2026
June 17, 2026

PM Narendra Modi's Dual Legacy: Commanding Global Respect While Delivering Health Miracles, Rail Revolution & Digital Leadership