নেতাদ্বয়ে ভাৰত-ডেনমাৰ্ক সেউজ কৌশলগত অংশীদাৰিত্বক সুদৃঢ়কৰণৰ অংগীকাৰৰ কথা দোহাৰে
নেতা দুজনে ইউক্ৰেইনৰ সংঘাতৰ শান্তিপূৰ্ণ আৰু অগ্ৰিম সমাধানৰ ক্ষেত্ৰত মত-বিনিময় কৰে
প্ৰধানমন্ত্ৰী ফ্ৰেডৰিকচনে ভাৰত-ইইউ এফটিএ-ৰ অগ্ৰিম পৰিসমাপ্তিৰ বাবে সমৰ্থন আগবঢ়ায়

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমতী মেটে ফ্ৰেডৰিকচনৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।

নেতাদ্বয়ে বাণিজ্য, বিনিয়োগ, উদ্ভাৱন, শক্তি, জল ব্যৱস্থাপনা, খাদ্য সংসাধন আৰু বহনক্ষম উন্নয়ন আদি ক্ষেত্ৰত ভাৰত-ডেনমাৰ্ক সেউজ কৌশলগত অংশীদাৰিত্বক সুদৃঢ়কৰণৰ অংগীকাৰৰ কথা দোহাৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে অব্যাহত ডেনমাৰ্কৰ ইউৰোপিয়ান ইউনিয়নৰ পৰিষদৰ অধ্যক্ষতা আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যপদৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

নেতা দুজনে আঞ্চলিক আৰু বিশ্বজনীন গুৰুত্বপূৰ্ণ বিষয়সমূহতো আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইনৰ সংঘাতৰ শান্তিপূৰ্ণ সমাধান আৰু শান্তি তথা সুস্থিৰতাৰ অগ্ৰিম পুনৰুদ্ধাৰৰ বাবে ভাৰতৰ ধাৰাবাহিক সমৰ্থনৰ কথা দোহাৰে।

প্ৰধানমন্ত্ৰী ফ্ৰেডৰিকচনে পাৰস্পৰিকভাৱে উপযোগী ভাৰত-ইইউ মুক্ত বাণিজ্য চুক্তিৰ অগ্ৰিম পৰিসমাপ্তি আৰু ২০২৬-ত ভাৰতে আয়োজন কৰিবলগীয়া এআই ইম্পেক্ট ছামিটৰ সফলতাৰ বাবে ডেনমাৰ্কৰ দৃঢ় সমৰ্থনৰ কথা পুনৰবাৰ প্ৰকাশ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future