ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে নাগৰিকসকলক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যান চান্দলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

আজি কিছু সময় পূৰ্বে কৰা টুইটত প্ৰধানমন্ত্ৰী মোদীয়ে ক্ৰীড়া ক্ষেত্ৰত নিষ্ঠাৰে অৱদান আগবঢ়োৱা তথা গোলকীয় মঞ্চত গৌৰৱেৰে ভাৰতক প্ৰতিনিধিত্ব কৰা সকলোকে স্বীকৃতি দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

শ্ৰী মোদীয়ে প্ৰতিগৰাকী ভাৰতীয় যুৱক-যুৱতীৰ মনত খেলৰ স্পৃহা জগাই তুলিব পৰা তথা তেওঁলোকক জিলিকাই তুলিব পৰা পৰিৱেশতন্ত্ৰ গঢ়ি তুলিবলৈ সকলো স্তৰত ক্ৰীড়াক সমৰ্থন কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰে।

শ্ৰী মোদীয়ে এক্স’ৰ পোষ্টত লিখিছে:

"ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ শুভেচ্ছা। আজি আমি মেজৰ ধ্যান চান্দ মহাশয়ক শ্ৰদ্ধাঞ্জলি জনাইছো। এয়া ক্ৰীড়াৰ প্ৰতি আগ্ৰহী আৰু ভাৰতৰ হৈ খেলা সকলক প্ৰশংসা কৰাৰ এক উপলক্ষ। আমাৰ চৰকাৰ ক্ৰীড়াৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ লগতে অধিক যুৱক-যুৱতীৰ বাবে ক্ৰীড়াৰ বাতাবৰণ সুনিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Auckland's Sky Tower lights up in India's tricolour as PM Modi begins historic New Zealand visit

Media Coverage

Auckland's Sky Tower lights up in India's tricolour as PM Modi begins historic New Zealand visit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 জুলাই 2026
July 11, 2026

Record Exports, Record Investments, Record Pride: India’s Rise Under PM Modi is Multi-Dimensional