প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেংককত ৩ নৱেম্বৰত আছিয়ান-ইষ্ট এছিয়া সন্মিলন সম্পৰ্কীয় বৈঠকৰ আজৰি সময়ত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি মাননীয় জোকো ৱাইড’ডোক সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ৱাইড’ডোক দ্বিতীয়বাৰৰ বাবে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে আৰু প্ৰতিৰক্ষা, সুৰক্ষা, যোগাযোগ ব্যৱস্থা, বাণিজ্য আৰু বিনিয়োগ তথা জনসাধাৰণৰ মাজত বিনিময় আদি ক্ষেত্ৰত ইণ্ডোনেছিয়াৰে সম্পৰ্ক শক্তিশালী কৰিবলৈ ভাৰত সংকল্পবদ্ধ বুলি উল্লেখ কৰে৷

ভাৰত আৰু ইণ্ডোনেছিয়া ঘনিষ্ঠ সামুদ্ৰিক প্ৰতিৱেশী বুলি উল্লেখ কৰি দুয়োগৰাকী নেতাই সন্মতি প্ৰকাশ কৰে যে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সামুদ্ৰিক সহযোগিতা স্থাপন কৰিবলৈ তেওঁলোক উভয়ে শান্তি, সুৰক্ষা আৰু সমৃদ্ধিৰ বাবে কাম কৰি যাব৷ তেওঁলোকে বিচ্ছিন্নতাবাদ আৰু সন্ত্ৰাসবাদৰ ভাবুকিক লৈ আলোচনা কৰে আৰু এই প্ৰত্যহ্বানৰ মোকাবিলা কৰিবলৈ ঘনিষ্ঠ দ্বিপাক্ষিক সম্পৰ্ক গঢ়ি তুলিবলৈ সন্মতি প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিপাক্ষিক বাণিজ্য প্ৰসাৰিত কৰাৰ দিশত আলোচনাকালত বিশেষভাৱে জোৰ দিয়ে৷ ভাৰতীয় কোম্পানীসমূহে ইণ্ডোনেছিয়াত যথেষ্ট বিনিয়োগ কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ইণ্ডোনেছিয়াৰ কোম্পানীসমূহক ভাৰতে আগবঢ়োৱা বিনিয়োগৰ সুবিধা গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়৷

প্ৰধানমন্ত্ৰী মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি ৱাইড’ডোক অহা বছৰৰ পাৰস্পৰিক সুবিধাজনক সময়ত ভাৰত ভ্ৰমণলৈ আহিবলৈ আমন্ত্ৰণ জনায়৷

উল্লেখ্য যে চলিত বৰ্ষত ভাৰত আৰু ইণ্ডোনেছিয়াই কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭০ বৰ্ষপূৰ্তিও উদযাপন কৰিছে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From shirts to software: Services drive 67% of India’s export growth over the past decade

Media Coverage

From shirts to software: Services drive 67% of India’s export growth over the past decade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister highlights efforts to preserve and promote India’s cultural heritage
June 18, 2026

The Prime Minister, Shri Narendra Modi has highlighted efforts to preserve and promote India’s cultural heritage and said that India’s cultural heritage is being preserved, celebrated and carried forward with renewed vigour.

The Prime Minister stated that guided by the vision of ‘Virasat Bhi, Vikas Bhi’, efforts ranging from the repatriation of antiquities to strengthening spiritual and pilgrimage infrastructure are reconnecting people with India’s timeless traditions.

In a post on X, he said;

“India’s cultural heritage is being preserved, celebrated and carried forward with renewed vigour.

Guided by the vision of ‘Virasat Bhi, Vikas Bhi’, efforts ranging from the repatriation of antiquities to strengthening spiritual and pilgrimage infrastructure are reconnecting people with India’s timeless traditions.

#12YearsOfVikasBhiVirasatBhi”