ৰাজ কাপুৰে ভাৰতৰ ছফ্ট পাৱাৰ সেই সময়ত প্ৰতিষ্ঠা কৰিছিল যেতিয়া এই শব্দটো উদ্ভাৱনেই কৰা হোৱা নাছিল: প্ৰধানমন্ত্ৰী
মধ্য এছিয়াত ভাৰতীয় চিনেমাৰ বাবে থকা অপৰিসীম সম্ভাৱনাক বিকশাই তোলাৰ দিশত কাম কৰাৰ প্রয়োজন আছে, মধ্য এছিয়াত নতুন প্রজন্মৰ কাষ চাপিবলৈ প্রয়াস কৰা উচিত: প্রধানমন্ত্রী

মহান ৰাজ কাপুৰৰ ১০০ সংখ্যক জয়ন্তী উপলক্ষে কাপুৰ পৰিয়ালে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ সৈতে ভাবপূৰ্ণ বাৰ্তালাপ কৰে। এই বিশেষ বৈঠকত ভাৰতীয় চিনেমালৈ আগবঢ়োৱা ৰাজ কাপুৰৰ অনন্য অৱদান আৰু তেওঁৰ চিৰস্থায়ী ঐতিহ্যক সন্মানিত কৰা হয়। এই উপলক্ষে, প্ৰধানমন্ত্ৰীয়ে কাপুৰ পৰিয়ালৰ সৈতে মুকলিকৈ মত বিনিময় কৰে।

 

ৰাজ কাপুৰ ডাঙৰীয়াৰ কন্যা শ্ৰীমতী ৰীমা কাপুৰে ৰাজ কাপুৰৰ আগন্তুক শতবাৰ্ষিকী উদযাপনৰ উপলক্ষে কাপুৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ বহুমূলীয়া সময় উলিওৱা বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰীমতী কাপুৰে ৰাজ কাপুৰৰ এখন ছবিৰ গীতৰ কেইটামান শাৰী শুনায় আৰু কয় যে সমগ্ৰ ভাৰত শ্ৰী মোদীয়ে কাপুৰ পৰিয়ালক দিয়া মৰম, উষ্ণতা আৰু সন্মানৰ সাক্ষী হ’ব। শ্ৰী ৰাজ কাপুৰৰ মহান অৱদানৰ শলাগ লৈ প্ৰধানমন্ত্ৰীয়ে কাপুৰ পৰিয়ালক আদৰণি জনায়।

শ্ৰী মোদীয়ে কয় যে ৰাজ কাপুৰৰ ১০০ সংখ্যক জয়ন্তী উদযাপন ভাৰতীয় চলচ্চিত্ৰ জগতৰ সোণালী যাত্ৰাৰ কাহিনীৰ প্ৰতীক। তেওঁ কয় যে ‘নীল কমল’ ছবিখন ১৯৪৭ চনত নিৰ্মাণ হৈছিল আৰু এতিয়া আমি ২০৪৭ চনৰ দিশে আগবাঢ়িছোঁ আৰু এই ১০০ বছৰৰ ভিতৰত তেওঁৰ অৱদান অতি গুৰুত্বপূৰ্ণ। কূটনীতিৰ সন্দৰ্ভত ব্যৱহৃত ‘ছফ্ট পাৱাৰ’ শব্দৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে ৰাজ কাপুৰে সেই সময়ত ভাৰতৰ ছফ্ট পাৱাৰ প্ৰতিষ্ঠা কৰিছিল যেতিয়া এই শব্দটোৰ উদ্ভাৱনেই হোৱা নাছিল। তেওঁ কয় যে ভাৰতৰ সেৱাত এয়া ৰাজ কাপুৰৰ এক বৃহৎ অৱদান।

 

প্ৰধানমন্ত্ৰীয়ে কাপুৰ পৰিয়ালক অনুৰোধ জনায় যে ৰাজ কাপুৰক লৈ বিশেষভাৱে মধ্য এছিয়াক কেন্দ্ৰ কৰি এখন ছবি নিৰ্মাণ কৰক, যি ইমান বছৰৰ পাছতো তাত থকা জনসাধাৰণক মন্ত্ৰমুগ্ধ কৰি ৰাখিছে। তেওঁ কয় যে ৰাজ কাপুৰৰ তেওঁৰ জীৱনত প্ৰভাৱ পৰিছিল। শ্ৰী মোদীয়ে পৰিয়ালটোক কয় যে মধ্য এছিয়াত ভাৰতীয় চিনেমাৰ বহু সম্ভাৱনা আছে আৰু ইয়াক বিকশাই তোলাৰ দিশত কাম কৰাৰ প্ৰয়োজন আছে। তেওঁ কয় যে আমি মধ্য এছিয়াত নতুন প্ৰজন্মলৈ ইয়াক আগবঢ়াই নিয়াৰ বাবে প্ৰচেষ্টা চলাব লাগে আৰু তেওঁ পৰিয়ালটোক এনে এখন ছবি নিৰ্মাণ কৰিবলৈ আহ্বান জনায় যিয়ে এটা সংযোগ হিচাপে কাম কৰিব।

 

সমগ্ৰ বিশ্বৰ পৰা লাভ কৰা মৰম আৰু খ্যাতিক স্বীকাৰ কৰি শ্ৰীমতী ৰীমা কাপুৰে কয় যে ৰাজ কাপুৰ ডাঙৰীয়াক ‘সাংস্কৃতিক ৰাষ্ট্ৰদূত’ বুলি ক’ব পাৰি আৰু তেওঁ প্ৰধানমন্ত্ৰীগৰাকীক ভাৰতৰ ‘গ্ল’বেল এম্বেছাদৰ’ বুলি প্ৰশংসা কৰি কয় যে সমগ্ৰ কাপুৰ পৰিয়ালে প্ৰধানমন্ত্ৰীক লৈ গৌৰৱ কৰে। শ্ৰী মোদীয়ে জোৰ দি কয় যে আজি দেশৰ প্ৰতিপত্তি বহু পৰিমাণে বৃদ্ধি পাইছে আৰু যোগক এটা উদাহৰণ হিচাপে উপস্থাপন ধৰিলে যিটো সমগ্ৰ বিশ্বতে চৰ্চা চলি আছে। তেওঁ আৰু কয় যে তেওঁ আন দেশৰ নেতাসকলৰ সৈতে হোৱা বৈঠকৰ সময়ত যোগ আৰু ইয়াৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে গৱেষণা এক আকৰ্ষণীয় কাম, যাৰ প্ৰক্ৰিয়া শিক্ষণৰ জৰিয়তে উপভোগ কৰিব পাৰি। তেওঁ ৰাজ কাপুৰ ডাঙৰীয়াৰ নাতি শ্ৰীযুত অৰমান জৈনক ৰাজ কাপুৰৰ ওপৰত গৱেষণাৰ অন্তত এখন ছবি নিৰ্মাণ কৰাৰ বাবে অভিনন্দন জনায়, যাৰ জৰিয়তে তেওঁ নিজৰ ককাকৰ জীৱন যাত্ৰা জীয়াবলৈ সুযোগ পালে।

 

চিনেমাৰ শক্তিৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে এটা ঘটনাৰ কথা উল্লেখ কৰে যেতিয়া তৎকালীন জন সংঘ পাৰ্টি দিল্লীত নিৰ্বাচনত পৰাস্ত হৈছিল। তেতিয়া নেতাসকলে ৰাজ কাপুৰৰ ছবি ‘ফিৰ সুবহ হোগী’ চাবলৈ সিদ্ধান্ত লয়। তেওঁ কয় যে দলটোৱে এতিয়া পুনৰ প্ৰভাত দেখা পাইছে। শ্ৰী মোদীয়ে এটা ঘটনাৰ কথাও স্মৰণ কৰে যেতিয়া তেওঁ চীনত বাজি থকা এটা গীতৰ ৰেকৰ্ডিং শ্ৰী ঋষি কাপুৰলৈ পঠিয়াইছিল, যিটোৱে তেওঁক অতিশয় আনন্দিত কৰিছিল।

 

শ্ৰী ৰণবীৰ কাপুৰে প্ৰধানমন্ত্ৰীক কয় যে কাপুৰ পৰিয়ালে ২০২৪ চনৰ ১৩, ১৪ আৰু ১৫ ডিচেম্বৰত ৰাজ কাপুৰৰ ওপৰত এটা ৰেট্ৰ’স্পেকটিভ শ্ব’ কৰিবলৈ ওলাইছে। তেওঁ ভাৰত চৰকাৰ, এনএফডিচি আৰু এনএফএআইক তেওঁলোকৰ সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে পৰিয়ালটোৱে তেওঁৰ ১০খন ছবি দিছে আৰু ইয়াৰ অডিঅ’ আৰু ভিজুৱেল পুনৰুদ্ধাৰ কৰা হৈছে, যাক সমগ্ৰ ভাৰতৰ প্ৰায় ৪০খন চহৰৰ ১৬০টা ছবিগৃহত প্ৰদৰ্শিত কৰা হ’ব। শ্ৰী কাপুৰে প্ৰধানমন্ত্ৰীক কয় যে প্ৰিমিয়াৰ শ্ব’ ১৩ ডিচেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব আৰু ইয়াৰ বাবে, তেওঁ সমগ্ৰ চলচ্চিত্ৰ উদ্যোগক আমন্ত্ৰণ জনাইছে।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves Rs 5,070 crore PM Surya Sarovar Yojana for 5,000 MW floating solar projects

Media Coverage

Cabinet approves Rs 5,070 crore PM Surya Sarovar Yojana for 5,000 MW floating solar projects
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Yash Vir Singh on winning Bronze in Men’s Javelin at Commonwealth Games 2026
August 01, 2026

The Prime Minister, Shri Narendra Modi has congratulated Yash Vir Singh on winning the Bronze medal in the Men’s Javelin event at the Glasgow Commonwealth Games 2026.

The Prime Minister said that Yash Vir Singh produced an impressive throw, reflecting his zeal and dedication.

Shri Modi expressed confidence that his achievement would inspire many young athletes and wished him the very best for his future endeavours.

The Prime Minister wrote on X;

“Congratulations to Yash Vir Singh for winning the Bronze in the Men’s Javelin event! He produced an impressive throw, reflecting his zeal and dedication. His achievement will inspire many young athletes. All the best to him for the endeavours ahead.

#CWG2026”