উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত এটা অট্টালিকা খহি পৰাৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শোক প্ৰকাশ কৰে।

শ্ৰী মোদীয়ে প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়লৈ ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি’ (পিএমএনআৰএফ)ৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলৰ বাবে ৫০,০০০ টকাৰ এককালীন অনুদান ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় (পিএমঅ')য়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে:

"উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত এটা অট্টালিকাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হোৱাটো নিতান্তই দুখজনক কথা। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱালে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ। প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়ক ‘পিএমএনআৰএফ’-ৰ পৰা ২ লাখ টকাকৈ এককালীন অনুদান প্ৰদান কৰা হ'ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ'ব: প্ৰধানমন্ত্ৰী @narendramodi"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%

Media Coverage

India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মাৰ্চ 2026
March 14, 2026

Heartening Resolve Meets Bold Action: PM Modi's Transformative Push for a Developed Assam.