প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি গুজৰাটৰ কেৱাদিয়াত প্রতিৰক্ষা মন্ত্ৰালয়ে আয়োজন কৰা কমাণ্ডাৰসকলৰ যুটীয়া অধিৱেশনৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়ায়৷

প্রধানমন্ত্রীক চীফ অৱ ডিফেন্স ষ্টাফে অধিৱেশনৰ চলিত বৰ্ষৰ আলোচনাৰ বিষয়সমূহৰ সন্দৰ্ভত অৱগত কৰে৷ প্রধানমন্ত্রীয়ে অধিৱেশনৰ আলোচ্য বিষয়সমূহৰ প্রশংসা কৰে৷ বিশেষকৈ জুনিয়ৰ কমিচনড বিষয়া আৰু নন-কমিচনড বিষয়াসকলক এই বছৰ অধিৱেশনত অন্তর্ভুক্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে শলাগ লয়৷

প্রধানমন্ত্রীয়ে ভাষণ প্ৰসংগত প্রতিৰক্ষা ক্ষেত্রত সর্বোচ্চ সামৰিক আৰু অসামৰিক নেতৃত্বৰ প্রশংসা কৰি কয় যে ভাৰতীয় সশস্ত্র বাহিনীয়ে বিগত বহু বছৰ ধৰি তেওঁলোকৰ নিষ্ঠাৰ পৰিচয় দি আহিছে৷ বিশেষকৈ, ক’ভিড মহামাৰী আৰু দেশৰ উত্তৰাঞ্চলত সৃষ্টি হোৱা প্ৰতিকূল পৰিস্থিতি মোকাবিলা কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে৷

 

প্রধানমন্ত্রীয়ে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা ব্যৱস্থাত আত্মনির্ভৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ কেৱল অস্ত্রৰ ক্ষেত্রতে নহয়, অন্যান্য ক্ষেত্রতো ইয়াৰ প্রয়োজন আছে বুলি সদৰি কৰে প্রধানমন্ত্রীয়ে৷ প্রযুক্তিৰ দ্রুত পৰিৱর্তনৰ প্ৰসংগত প্রধানমন্ত্রীয়ে কয় যে ভৱিষ্যতৰ বাহিনী হিচাপে গঢ়ি তুলিবলৈ ভাৰতীয় সেনা বাহিনীক আৰও উন্নত কৰাৰ ওপৰত জোৰ দিব লাগিব৷

 

অহা বছৰ ভাৰতে ইয়াৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে ভাৰতীয় সেনাই এনে কাৰ্যসূচী আৰু প্ৰচেষ্টা হাতত ল’ব লাগিব, যাতে সেইবোৰে দেশৰ যুৱ সম্প্রদায়ক উৎসাহ যোগায়৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi makes India stand tall

Media Coverage

PM Modi makes India stand tall
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister visits Dera Sachkhand Ballan
February 01, 2026

The Prime Minister, Shri Narendra Modi visited Dera Sachkhand Ballan, in Punjab, today. Shri Modi stated that it was a very special feeling to be at Dera Sachkhand Ballan on the Jayanti of Shri Guru Ravidass Maharaj Ji.

Shri Modi posted on X:

"It was a very special feeling to be at Dera Sachkhand Ballan on the Jayanti of Shri Guru Ravidass Maharaj Ji.”

“ਸ੍ਰੀ ਗੁਰੂ ਰਵਿਦਾਸ ਮਹਾਰਾਜ ਜੀ ਦੀ ਜਯੰਤੀ 'ਤੇ ਡੇਰਾ ਸੱਚਖੰਡ ਬੱਲਾਂ ਵਿਖੇ ਆਉਣਾ ਬਹੁਤ ਹੀ ਖ਼ਾਸ ਅਹਿਸਾਸ ਸੀ।”