মই অহা ০৪-০৫ ছেপ্তেম্বৰত ৰাছিয়াৰ ভ্লাডিভোষ্ট’ক ভ্ৰমণ কৰিম৷

ৰাছিয়াৰ সুদূৰ পূ্ৰ্ব অঞ্চললৈ মোৰ ভ্ৰমণ হ’ব ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীৰ ৰূপত৷ এই ভ্ৰমণে আমাৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি মই আশাবাদী৷

মোৰ ভ্ৰমণৰ লক্ষ্য দুটা ভাগত বিভক্ত—ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ আমন্ত্ৰণক্ৰমে পঞ্চম ইষ্টাৰ্ণ ইক’নমিক ফ’ৰামত মুখ্য অতিথি হিচাপে উপস্থিত থকা৷ দ্বিতীয়টো লক্ষ্য হ’ল—ৰাছিয়ান ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ২০সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলন৷ ফ’ৰামৰ দৃষ্টি থাকিব ৰাছিয়াৰ সুদূৰ পূব অঞ্চলত ব্যৱসায় আৰু বিনিয়োগৰ সম্ভাৱনীয়তাৰ ওপৰত৷ লগতে এই অঞ্চলত ভাৰত আৰু ৰাছিয়াৰ মাজত পাৰস্পৰিক লাভালাভৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হ’ব৷

আমি দুয়োখন দেশে আমাৰ বিশেষ আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বৰ শক্তিশালী ভেঁটিৰ ভিত্তিত সুন্দৰ সম্পৰ্ক অক্ষুন্ন ৰাখিছো৷ দুয়োখন ৰাষ্ট্ৰই প্ৰতিৰক্ষা, পাৰমাণৱিক শক্তি আৰু মহাকাশৰ শান্তিপূৰ্ণ ব্যৱহাৰৰ কৌশলগত ক্ষেত্ৰত ব্যাপকভাৱে সহযোগিতা আগবঢ়াইছো৷ আমি বাণিজ্য আৰু বিনিয়োগ সম্পৰ্ক শক্তিশালী কৰিছো৷

মই মোৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনৰ সৈতে আমাৰ দ্বিপাক্ষিক অংশীদাৰিত্বৰ সকলো দিশ আৰু পাৰস্পৰিক আগ্ৰহৰ আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহ আলোচনা কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰিছো৷ ইষ্টাৰ্ণ ইক’নমিক ফ’ৰামত অংশ লোৱা বিশ্বৰ আন নেতাসকলৰ লগতে ভাৰতীয় উদ্যোগপতি আৰু ব্যৱসায়িক প্ৰতিনিধিকো মই সাক্ষাৎ কৰিবলৈ আগ্ৰহেৰে বাট চাইছো৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views

Media Coverage

Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 এপ্ৰিল 2026
April 21, 2026

Aatmanirbhar Bharat Goes Global: PM Modi Turns India into Manufacturing Superpower & Innovation Powerhouse