মহামহিমসকল,

আমি গোলকীয় উত্তেজনাপূৰ্ণ বাতাবৰণৰ মাজত সন্মিলিত হৈছো। ভাৰতে সদায়ে শা্ন্তিৰ পক্ষত অৱস্থান কৰি আহিছে। সাম্প্ৰতিক পৰিস্থিতিতো আমি নিৰন্তৰ আলোচনা তথা কুটনৈতিক সম্পৰ্কৰ পথ অৱলম্বন কৰাৰ প্ৰয়াস কৰি আহিছো। এই ভূ-ৰাজনৈতিক উত্তেজনাৰ প্ৰভাৱ কেৱল ইউৰোপতে সীমাবদ্ধ হৈ থকা নাই। ইন্ধন আৰু খাদ্য-সামগ্ৰীৰ বৰ্দ্ধিত দামৰ কু-প্ৰভাৱ সকলো দেশৰ ওপৰতে পৰিবলৈ ধৰিছে। উন্নয়ণশীল দেশৰ ইন্ধন আৰু খাদ্য সুৰক্ষা বিশেষ ভাবে বিপদাপন্ন হৈছে। এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত ভাৰতে বহুকেইখন অভাৱগ্ৰস্থ দেশক খাদ্য-সামগ্ৰী যোগান ধৰি আছে। আমি আফাগানিস্তানক যোৱা কেইটামান মাহত প্ৰায় ৩৫ হাজাৰ টন ঘেহু মানৱীয় সহযোগিতাৰ ৰূপত দিয়াৰ ব্যৱস্থা কৰিছো। আৰু অলপতে দেশখনত হোৱা ভয়ংকৰ ভূমিকম্পৰ পিচতো সাহায্য সামগ্ৰী প্ৰেৰণৰ ক্ষেত্ৰতো প্ৰথম খন দেশ আছিল ভাৰতেই। আমি আমৰ চুবুৰীয়া দেশ শ্ৰীলংকাৰ খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে সহায় আগবঢ়াই আছো।

গোলকীয় খাদ্য সুৰক্ষাৰ প্ৰসংগত মোৰ কেইটামান পৰামৰ্শ আছে। প্ৰথম, আমি সাৰৰ উপলব্ধতাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া উচিত, আৰু গোলকীয়  পৰিমণ্ডলত সাৰৰ ‘প্ৰমূল্য-শৃংখল’ক সুচাৰূ ৰূপে ৰখা উচিত। আমি ভাৰতত সাৰৰ উতপাদন বৃদ্ধি কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছো আৰু এই ক্ষেত্ৰত ‘জি-৭’ দেশসমূহৰ সহযোগিতা কামনা কৰিম। দ্বিতীয়তে, ‘জি-৭’ দেশসমূহৰ তুলনাত ভাৰতৰ হাতত বিশাল সংখ্যক ‘কৃষি-মানৱসম্পদ’ আছে। ভাৰতীয় কৃষি-কৌশলেৰে ‘জি-৭’-ৰ কেতবোৰ দেশত ‘চীজ’ আৰু ‘অলিভ’ৰ দৰে পাৰম্পৰিক কৃষি উত্পাদনে নতুন জীৱন লাভ কৰাত সহায়ক হ’ব। ‘জি-৭’ সদস্য দেশসমূহত ভাৰতীয় কৃষি প্ৰতিভাৰ ব্যাপক উপযোগৰ বাবে কোনো পৰিকাঠামোমূলক ব্যৱস্থা সম্ভৱ হ’ব পাৰেনে বাৰু? ভাৰতৰ খেতিয়কসকলৰ পাৰম্পৰিক প্ৰতিভাৰ সহায়ৰে ‘জি-৭’ দেশসমূহৰ ‘খাদ্য সুৰক্ষা’ সুনিশ্চিত হ’ব।

অহাটো বছৰ পৃথিৱীয়ে ‘আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষ’ হিচাপে উদযাপন কৰিব। এই উপলক্ষত আমি ‘মিলেট’-ৰ দৰে ‘পৌষ্টিক বিকল্প’ক জনপ্ৰিয় কৰাৰ বাবে অভিযান চলোৱা উচিত। মিলেটে পৃথিৱীত খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত মূল্যবান অৱদান আগবঢ়াব পাৰে। শেষত মই আপোনালোক সকলোৰে ধ্যান ভাৰতত সম্পাদিত হোৱা ‘প্ৰাকৃতিক কৃষি বিপ্লৱ’ৰ দিশত আকৰ্ষিত কৰিব বিচাৰিছো। আপোনালোকৰ বিশেষজ্ঞসকলে এই প্ৰয়োগৰ অধ্যয়ন কৰিব পাৰে। এই বিষয়ত আমি এখন ‘নৌন-পোপাৰ’ আপোনালোকৰ মাজত বিতৰণ কৰিছো।

 

মহামহিমসকল,

য’ত ‘জেণ্ডাৰ ইকুৱেলিটী’ অৰ্থাত্ ‘লৌংগিক সমতা’ৰ কথা আছে, আজি ভাৰতৰ দৃষ্টিভংগী ‘মহিলা কল্যাণ’ৰ পৰা আগবাঢ়ি গৈ ‘মহিলা-নেতৃত্বাধীন কল্যাণ’লৈ উন্নীত হৈছে। মহামাৰীৰ সময়ত ৬ নিযুতৰো অধিক ভাৰতীয় মহিলা ‘ফ্ৰণ্টলাইন ৱৰ্কাৰ’য়ে আমাৰ নাগৰিকসকলক সুৰক্ষিত ৰাখিছিল। আমাৰ মহিলা বৈজ্ঞানিকসকলে ভাৰতত প্ৰতিষেধক আৰু ‘টেষ্ট কিট’ বিকশিত কৰাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াইছিল। ভাৰতত এক নিযুতৰো অধিক স্বেচ্ছাসেৱীয়ে গ্ৰামীন স্বাস্থ্যসেৱা প্ৰদান কৰাত সক্ৰিয় ভূমিকা পালন কৰি আছে, যাক আমি ‘আশা কৰ্মী’ বুলি কওঁ। এই যোৱা মাহত মাত্ৰ ‘বিশ্ব স্বাস্থ্য সংস্থা’ই এইসকল ভাৰতীয় ‘আশা কৰ্মী’ক ‘২০২২ গ্লোবেল লীডাৰ্ছ বঁটা’ প্ৰদান কৰি সন্মানিত কৰিছে।

ভাৰতত স্থানীয় প্ৰশাসনৰ পৰা ৰাষ্ট্ৰীয় চৰকাৰ পৰ্যন্ত যদি সকলো নিৰ্বাচিত নেতাৰ গণনা কৰা হয়, তেন্তে ইয়াৰে আধাৰো অধিক সংখ্যকেই মহিলা, আৰু ইয়াৰ মুঠ সংখ্যা নিযুতৰ ঘৰত হ’ব। এই কথাই ইয়াকে স্পষ্ট কৰে যে প্ৰকৃত সিদ্ধান্ত-গ্ৰহণ প্ৰক্ৰিয়াত ভাৰতীয় মহিলসকল আজি সম্পূৰ্ণ ৰূপেই জড়িত হৈ পৰিছে। অহা বছৰ ভাৰতে ‘জি-২০’-ৰ অধ্যক্ষতা কৰিব। আমি ‘জি-২০’ৰ মঞ্চৰ তৰফৰ পৰা ‘ক’ভিড-উত্তৰ পৰিস্থিতিৰ পৰা পুনৰুথ্থান’কে ধৰি অন্যন্য বিষয়সমূহৰ ক্ষেত্ৰতো ‘জি-৭’ দেশসমূহৰ সৈতে আলোচনা আদিৰে ঘনিষ্ঠ সম্পৰ্ক চলাই যাম।

 

ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future