মহামহিমসকল,

দুৰ্ভাগ্যবশতঃ, এনেকৈ ভবা হয় যে, বিশ্বৰ বিকাশ আৰু পৰিৱেশ সুৰক্ষাৰ বাবে নিৰ্দ্ধাৰণ কৰা লক্ষ্যসমূহৰ মাজত এক ধৰণৰ মূলভূত সংঘাত আছে। আনহাতে, দুখীয়া দেশ আৰু দুখীয়া মানুহে পৰিৱেশৰ অধিক ক্ষতি সাধন কৰে বুলিও আন এক ভুল ধাৰণা পোষণ কৰি অহা হৈছে। কিন্তু, ভাৰতৰ বহু হেজাৰ বছৰ জোৰা ইতিহাসে এই ধাৰণাক সম্পূৰ্ণ ৰূপেই খণ্ডন কৰে।

প্ৰাচীন ভাৰতে অপাৰ সমৃদ্ধিৰ সময় দেখিছে; আকৌ আমি সংকটৰে পূৰ্ণ পৰাধীনতাৰ বহু শতাব্দীও সহিবলগীয়া হৈছে; আৰু আজি, স্বাধীন ভাৰতে সমগ্ৰ বিশ্বতে সবাতোকৈ দ্ৰুত গতিৰে উন্নতি কৰা বৃহত্ অৰ্থনীতি হিচাপেও পৰিচিতি দাঙি ধৰিবলৈ সক্ষম হৈছে। কিন্তু এই সম্পূৰ্ণ সময়ছোৱাত ভাৰতে পৰিৱেশৰ প্ৰতি নিজৰ দায়বদ্ধতা সামান্যতমো হীন-দেঢ়ি হ’বলৈ দিয়া নাই। ভাৰতত বিশ্বৰ ১৭% জনসংখ্যাই বসতি কৰে। কিন্তু পৃথিৱীৰ কাৰ্বন-নিৰ্গমণত আমাৰ হাৰ মাত্ৰ ৫%। ইয়াৰ মূল কাৰণ হৈছে আমাৰ জীৱনশৈলী, যি প্ৰকৃতিৰ সৈতে সহবাসৰ সিদ্ধান্তৰে আধাৰিত হয়।

এই কথাতো আপোনালোক সকলোৱেও মানিব চাগৈ যে ‘এনাৰ্জী একছেছ’ কেৱল আমেৰিকাৰে ‘প্ৰিভিলেজ’ হোৱা উচিত নহয়- এটি দুখীয়া পৰিয়ালৰো শক্তিৰ ওপৰত সমানেই অংশীদাৰিত্ব থাকে। অতি সম্প্ৰতি ভূ-ৰাজনৈতিক পৰিস্থিতিৰ ফলত ইন্ধনৰ দামে যে আকাশ চুইছেগৈ এই কথা মনত ৰখাটো আৰু অধিক প্ৰয়োজনীয় হৈ উঠিছে। এই কথাৰ পৰাই প্ৰেৰণা লৈ আমি ভাৰতত ঘৰে ঘৰে ‘এলইডি বাল্ব’ আৰু ‘ক্লিন কুকিং গেছ’ উপলব্ধ কৰাৰ ব্যৱস্থা কৰিছো, আৰু ইয়াকে কৰি এই কথাও দেখুৱাব খুজিছো যে দুখীয়া-দৰিদ্ৰসকলৰ বাবে ইন্ধন উপলব্ধ কৰাইও লাখ লাখ টন কাৰ্বনৰ নিৰ্গমণ ৰোধ কৰিব পৰা যায়।

জলবায়ু সুৰক্ষাৰ প্ৰতি আমাৰ দায়বদ্ধতা আমাৰ কাৰ্যব্যৱস্থাত স্পষ্ট হৈছে। অনা-জীৱাস্ম উত্সৰ পৰা ৪০% ইন্ধন আহৰণৰ লক্ষ্য আমি নিৰ্দ্ধাৰিত সময়তকৈ ৯ বছৰ আগতেই সম্ভৱ কৰি তুলিছো। সেইদৰে প্ৰেট্ৰোলত ১০% ইথানলৰ ‘ব্লেণ্ডিং’’-ৰ লক্ষ্যতো আমি নিৰ্দ্ধাৰিত সময়তকৈ ৫ বছৰ আগতেই উপনীত হবলৈ সক্ষম হৈছো। ভাৰতত আজি বিশ্বৰ প্ৰথমটো সম্পূৰ্ণ ৰূপে সৌৰ-শক্তিৰে সঞ্চালিত বিমানবন্দৰ আছে। ভাৰতৰ বিশাল ৰে’লৱে’ নেটৱৰ্কো এই দশকৰ ভিতৰতে ‘নেট-জিৰো’ হৈ উঠিব।

মহামহিমসকল,

ভাৰতৰ দৰে বিশাল দেশে যেতিয়া এনে ধৰণৰ মহতাংকাক্ষা প্ৰদৰ্শন কৰে তেন্তে ইয়াৰ পৰা অন্য উন্নয়ণশীল দেশসমূহেও প্ৰেৰণা লাভ কৰে। আমি আশা কৰিম যে ‘জি-৭’ৰ সমৃদ্ধ দেশসমূহে ভাৰতৰ এই প্ৰয়াসলৈ সমৰ্থন আগবঢ়াব। আজি ভাৰতত ‘ক্লীন এনাৰ্জী টেকন’লজী’ৰ বাবে এখন বহুত ডাঙৰ বজাৰ সৃষ্টি হ’বলৈ ধৰিছে। ‘জি-৭’ দেশসমূহে এই ক্ষেত্ৰত গৱেষণা, উদ্ভাৱন আৰু উত্পাদন  আদিৰ বাবে বিনিয়োগ কৰিব পাৰে। প্ৰতিটো নতুন প্ৰযুক্তিৰ বাবে ভাৰতে যি পৰিসৰ প্ৰদান কৰিব পাৰে তাৰ জৰিয়তে সেই প্ৰযুক্তি সমগ্ৰ পৃথিৱীৰ বাবেই লাভদায়ক হৈ উঠিব পাৰে। ‘চক্ৰীয়-অৰ্থনীতি’ৰ মূল সিদ্ধান্ত ভাৰতীয় সংস্কৃতি আৰু জীৱনশৈলীৰ অভিন্ন অংগ হৈ আহিছে।

মই যোৱা বছৰ গ্লাছগোত ‘লাইফ : লাইফষ্টাইল ফৰ এনভাৰ্নমেণ্ট’( LIFE – Lifestyle for Environment) নামৰ এক আন্দোলনৰ আহ্বান জনাইছিলো। এইবছৰ বিশ্ব পৰিৱেশ দিৱসত আমি ‘লাইফ’( LiFE) অভিযানৰ বাবে গোলকীয় উদ্যোগৰ শুভাৰম্ভ কৰিছো। এই অভিযানৰ উদ্দেশ্য হৈছে পৰিৱেশৰ অনুকূল জীৱনশৈলীক উত্সাহিত কৰাটো। এই অভিযানৰ অনুকূল জীৱনশৈলী ব্ৰতীত কৰাসকলক আমি ‘ত্ৰিপল পি’ অৰ্থাত্ ‘প্ৰ’ প্লেনেট পিপুল’(‘pro planet people’) বুলি কব পাৰো, আৰু আমি সকলোৱে নিজ নিজ দেশত ‘ত্ৰিপল পি’ লোকৰ সংখ্যা  বঢ়োৱাৰ দায়িত্ব গ্ৰহণ কৰা উচিত। আগন্তুক প্ৰজন্মসূহৰ বাবে এয়া আমাৰ সকলোতকৈ ডাঙৰ অৱদান হব।

মহামহিমসকল,

মানৱ আৰু আমাৰ গ্ৰহটোৰ স্বাস্থ্যৰ সম্পৰ্ক পৰস্পৰে জড়িত হৈ আছে। সেয়ে আমি ‘এক পৃথিৱী, এক স্বাস্থ্য’-ৰ দৃষ্টিভংগী গ্ৰহণ কৰিছো। মহামাৰীৰ সময়ত ভাৰতে স্বাস্থ্যৰ ক্ষেত্ৰত ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ কৰাৰ বাবে বহুবোৰ ৰচনাত্মক পদ্ধতি আৱিষ্কাৰ কৰি উলিয়াইছে। এইসমূহ অভিনৱ পন্থাসমূহক আন উন্নয়ণশীল দেশসমূলৈ লৈ যোৱাৰ বাবে ‘জি-৭’ দেশসমূহে ভাৰতক সহায় কৰিব পাৰে। এই অলপতে মাত্ৰ আমি সকলোৱে ‘যোগ দিৱস’ উদযাপন কৰিলো। ক’ভিডৰ সংকটৰ সময়ত যোগ বিশ্বৰ সকলো লোকৰ বাবে ‘প্ৰিভেণ্টিভ হেল্থ কেয়াৰ’ৰ উত্তম সাধন হৈ উঠিল। ইয়াৰ দ্বাৰা বহু সংখ্যক লোকে তেওঁলোকৰ শাৰিৰীক আৰু মানসিক স্বাস্থ্য সুস্থ কৰি ৰখাত বৰুকৈয়ে সুফল লাভ কৰিছে।

যোগৰ উপৰিও ভাৰতৰ লগতে সমগ্ৰ পথিৱীৰ বহু দেশত পৰম্পৰাগত ঔষধৰ এক সমৃদ্ধ সম্ভাৰ আছে, যাক ‘হ’লিষ্টিক হেল্থ’ৰ বাবে সদ্ব্যৱহাৰ কৰিব পৰা যায়। মোৰ ভাল লাগিছে যে অলপতে ‘বিশ্ব স্বাস্থ্য সংস্থা’ ‘হু’-য়ে তেওঁলোকৰ ‘গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিশ্যনেল মেডিচিন’-টো ভাৰতত স্থাপন কৰাৰ সিদ্ধন্ত গ্ৰহণ কৰিছে। এই কেন্দ্ৰই কেৱল বিশ্বৰ আন আন দেশৰ পৰম্পৰাগত চিকিতসা পদ্ধতিৰ কেৱল ‘ৰিপ’জিটৰী’য়ে নহ’ব, বৰং ইয়াত গৱেষণাৰ আৰু অধিক উত্সাহজনক বাতাবৰণো প্ৰদান কৰা হ’ব। ইয়াৰ সুফল পৃথিৱীৰ সকলো নাগৰিকেই লাভ কৰিব।

ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-Cambodia UPI Connectivity Goes Live For Merchant Payments

Media Coverage

India-Cambodia UPI Connectivity Goes Live For Merchant Payments
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of veteran actor Shri Salim Kumar Ji
June 07, 2026

Prime Minister Shri Narendra Modi today expressed deep sadness over the passing of veteran actor Shri Salim Kumar Ji. The Prime Minister noted that over the course of a distinguished career, he made a mark with his versatility and memorable performances across a wide range of roles.

Shri Modi conveyed that his thoughts are with the family and countless admirers of the veteran actor in this hour of grief.

The Prime Minister posted on X:

"Deeply saddened by the passing of veteran actor Shri Salim Kumar Ji. Over the course of a distinguished career, he made a mark with his versatility and memorable performances across a wide range of roles. My thoughts are with his family and countless admirers in this hour of grief. Om Shanti."