সুপ্ৰভাত হিউষ্টন,

সুপ্ৰভাত টেক্সাছ,

সুপ্ৰভাত আমেৰিকা,

ভাৰত তথা সমগ্ৰ বিশ্বৰ মোৰ ভাৰতীয় বন্ধুসকললৈ শুভেচ্ছা যাচিছো৷

বন্ধুসকল,

আজি ৰাতিপুৱা আমাৰ মাজত এজন বিশেষ ব্যক্তি উপস্থিত হৈছেহি৷ প্ৰকৃততে তেওঁৰ পৰিচয়ৰ কোনো প্ৰয়োজন নাই৷ তেওঁৰ নাম এই গ্ৰহৰ প্ৰত্যেকৰেই পৰিচিত৷ বিশ্বৰ ৰাজনীতিত তেওঁৰ নাম সততে উচ্চাৰণ হয়৷ তেওঁৰ প্ৰতিটো শব্দ কোটি কোটি লোকে অনুসৰণ কৰে৷ এই মহান দেশৰ সৰ্বোচ্চ পদ অধিকাৰ কৰাৰ পূৰ্বেও তেওঁ ইয়াত জনপ্ৰিয় আছিল৷ চি ই অৰ পৰা কমাণ্ডাৰইনচীফলৈৰ্ডৰুমৰ পৰা অভেল অফিচলৈষ্টুডিঅৰ পৰা বিশ্ব দৰবাৰলৈৰাজনীতিৰ পৰা অৰ্থনীতিলৈ তথা নিৰাপত্তালৈতেওঁ সকলোতে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সমৰ্থ হৈছে৷

আজি তেওঁ আমাৰ সৈতে উপস্থিত হৈছেহি৷ এয়া মোৰ বাবে সন্মানৰ বিষয় আৰু তেওঁক এই বিশাল ষ্টেডিয়ামবিশাল জনসংখ্যাৰ মাজত স্বাগতম জনাবলৈ বিশেষ অধিকাৰ লাভ কৰিছো৷ আৰু মই কব পাৰো যে যেতিয়াই তেওঁক মই সাক্ষাৎ কৰোপ্ৰতিবাৰে সেই একেই বন্ধুত্বসূলভ স্বভাৱআন্তৰিকতাকৰ্ম তৎপৰতা আচৰণ প্ৰত্যক্ষ কৰো৷ তেওঁ হল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিশ্ৰীযুত ডনাল্ড ট্ৰাম্প৷ এয়া অসাধাৰণএয়া নজিৰবিহীন৷

বন্ধুসকল,

আপোনালোকক অলপ আগেয়ে কোৱাৰ দৰে আমি কেইবাবাৰো পৰস্পৰে পৰস্পৰক সাক্ষাৎ কৰিছো আৰু তেওঁ প্ৰতিবাৰেই বন্ধুত্বসূলভ আচৰণ আৰু আন্তৰিকতা প্ৰদৰ্শন কৰিছে৷ মই তেওঁক আন বহুতো কাৰণত অনুসৰণ কৰো৷ তেওঁৰ নেতৃত্বসূলভ স্বভাৱআমেৰিকাৰ প্ৰতি আৱেগপ্ৰতিজন আমেৰিকানৰ প্ৰতি থকা চিন্তাআমেৰিকাৰ ভৱিষ্যত সম্পৰ্কে উদ্বিগন আৰু আমেৰিকাক পুনৰ শক্তিশালী অৱস্থানত অধিষ্ঠিত কৰোৱাৰ বাবে থকা তেওঁৰ তীব্ৰ বাসনা৷ আৰু তেওঁ ইতিমধ্যেই আমেৰিকাৰ অৰ্থনীতি সৱল কৰি তুলিছে৷ তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু বিশ্বৰ বাবে যথেষ্ট সফলতা লাভ কৰিছে৷

বন্ধুসকল,

আমি ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে ভাৰতত বিশেষভাৱে সংযুক্ত৷ প্ৰাৰ্থী ট্ৰাম্পৰ বাবে এই শব্দলানি– ‘অবকি বাৰ ট্ৰাম্প চৰকাৰ’ হোৱাইট হাউচত লক্ষাধিক সুখী চেহেৰা আৰু প্ৰশংসাৰ মাজত গুঞ্জৰিত হৈ উঠিছে৷ যেতিয়া তেওঁক মই প্ৰথম বাৰৰ বাবে লগ পাইছিলোতেওঁ মোক কৈছিল, ‘‘হোৱাইট হাউচত ভাৰত প্ৰকৃত বন্ধু আছে৷’’ আপোনাৰ উপস্থিতিয়েই সেই কথাৰ সাক্ষ্য বহন কৰিছে৷ বিগত বৰ্ষসমূহত আমাৰ দুয়োখন ৰাষ্ট্ৰই মিত্ৰতাৰ ঊৰ্ধত স্থান লাভ কৰিছে৷ আজিৰ এই পুৱাৰ সময়খিনিত ৰাষ্ট্ৰপতি মহোদয় আপুনিবিশ্বৰ দুখন সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ মহান মিত্ৰতাৰ হৃদয়ৰ ধ্বনি শুনিবলৈ পাৰিব৷ আপুনি আমাৰ দুয়োখন মহান দেশৰ জনতাৰ মাজৰ শক্তিশালী বান্ধোনৰ গভীৰতা অনুভূত কৰিবলৈ পাৰিব৷ হিউষ্টনৰ পৰা হায়দৰাবাদলৈবষ্টনৰ পৰা বেংগালুৰুলৈচিকাগোৰ পৰা ছিমলালৈলছ এঞ্জেলছৰ পৰা লুধিয়ানালৈনিউ জাৰ্ছীৰ পৰা নতুন দিল্লীলৈসকলোতে জনতাৰ মাজৰ সম্পৰ্ক প্ৰৱাহিত হবলৈ ধৰিছে৷

ভাৰতত আজি দেওবাৰৰ নিশা হোৱা স্বত্বেওলক্ষাধিক লোকে আজি দূৰদৰ্শনৰ সন্মুখত বহি আছেবিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে আজি এই ৰচিত হোৱা ইতিহাস প্ৰত্যক্ষ কৰি আছে৷

মাননীয় ৰাষ্ট্ৰপতিআপুনি মোৰ আপোনাৰ পৰিয়ালৰ সৈতে ২০১৭ চনত সাক্ষাৎ কৰাইছিল আৰু আজি মই আপোনাক মোৰ পৰিয়ালৰ সৈতেকোটি কোটি ভাৰতীয়ক আৰু বিশ্বত প্ৰতিনিধিত্ব কৰা ভাৰতীয় ঐতিহ্যৰ সৈতে সাক্ষাৎ কৰাইছো৷

ভদ্ৰপুৰুষ তথা ভদ্ৰমহিলাসকলআপোনালোকৰ সন্মুখত মই মোৰ বন্ধুভাৰতৰ বন্ধুমহান আমেৰিকান ৰাষ্ট্ৰপতি শ্ৰীযুত ডনাল্ড ট্ৰাম্পক প্ৰতিবেদন কৰিছো৷ 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost

Media Coverage

'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 01 আগষ্ট 2026
August 01, 2026

Aatmanirbhar Bharat Delivers: Indigenous Power, Farmer Prosperity & Blue Economy