মাননীয়,

মোৰ বন্ধু বৰিছ, অভিযোজনৰ এই গুৰুত্বপূৰ্ণ বিষয়টোত মোৰ মতামত উপস্থাপন কৰাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ! বিশ্বব্যাপী জলবায়ু বিতৰ্কত অভিযোজনে প্ৰশমনৰ দৰে গুৰুত্ব লাভ কৰা নাই। জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা অধিক প্ৰভাৱিত হোৱা উন্নয়নশীল দেশবোৰৰ প্ৰতি এয়া এক অন্যায়।

ভাৰতকে ধৰি বেছিভাগ উন্নয়নশীল দেশৰ কৃষকসকলৰ বাবে জলবায়ু এক ডাঙৰ প্ৰত্যাহ্বান - শস্যৰ আৰ্হি সলনি হৈ আছে, অকাল বৰষুণ আৰু বানপানী, বা সঘনাই ধুমুহাৰ ফলত শস্য ধ্বংস হৈছে। খোৱা পানীৰ উৎসৰ পৰা সুলভ ঘৰলৈকে, সকলোৱে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে স্থিতিস্থাপক কৰিব লাগিব।

 

মাননীয়,

এই সন্দৰ্ভত মোৰ তিনিটা মতামত আছে। প্ৰথমতে, আমি অভিযোজনক আমাৰ উন্নয়ন নীতি আৰু প্ৰকল্পৰ এক মুখ্য অংশ কৰি তুলিব লাগিব। সকলোৰে বাবে নলৰ পানী - tap water for all, স্বচ্ছ ভাৰত- clean India Mission আৰু ভাৰতৰ সকলোৰে বাবে উজ্জ্বলা- clean cooking fuel for all ৰ দৰে প্ৰকল্পই কেৱল আমাৰ দৰিদ্ৰ নাগৰিকসকলক অভিযোজনৰ সুবিধা প্ৰদান কৰাই নহয়, লগতে তেওঁলোকৰ জীৱনৰ মানদণ্ড উন্নত কৰিছে। দ্বিতীয়তে, বহুতো পৰম্পৰাগত সম্প্ৰদায়ৰ প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰাখি জীয়াই থকাৰ জ্ঞান আছে।


এই পৰম্পৰাগত পদ্ধতিবোৰে আমাৰ অভিযোজন নীতিত উপযুক্ত গুৰুত্ব পাব লাগে। জ্ঞানৰ এই প্ৰবাহটো বিদ্যালয়ৰ পাঠ্যক্ৰমত যোগ দিব লাগে যাতে ই নতুন প্ৰজন্মলৈ যায়। স্থানীয় পৰিস্থিতিৰ সৈতে সংগতি ৰাখি জীৱনশৈলীৰ সংৰক্ষণো অভিযোজনৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হ'ব পাৰে। তৃতীয়তে, অভিযোজনৰ পদ্ধতি, স্থানীয় হওঁক, কিন্তু পিছপৰা দেশবোৰে তেওঁলোকৰ বাবে বিশ্বব্যাপী সমৰ্থন লাভ কৰিব লাগে।


স্থানীয় অভিযোজনৰ বাবে বিশ্বব্যাপী সমৰ্থনৰ ধাৰণাৰে, ভাৰতে দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনি চিডিআৰআইৰ বাবে মিত্ৰজোঁটৰ উদ্যোগ লৈছিল। মই সকলো দেশক এই উদ্যোগত যোগদান কৰিবলৈ অনুৰোধ জনাইছো।


অশেষ ধন্যবাদ।।

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony

Media Coverage

Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 06 আগষ্ট 2026
August 06, 2026

New India Defies the Storm: Multi-Front Progress Under PM Modi