ক’ভিড-১৯ৰ বিৰুদ্ধে এই পৰ্যন্ত চলোৱা যুঁজৰ বাবে সকলো স্বাস্থ্যসেৱা কৰ্মীলৈ প্ৰধানমন্ত্ৰীৰ ধন্যবাদ
চিকিত্সকলে সমাজক প্ৰভাৱিত কৰিব পৰাকৈ ৰূপান্তৰকাৰী ভূমিকাত অৱতীৰ্ণ হোৱাত গুৰুত্ব প্ৰধানমন্ত্ৰীৰ
বিধি-নিৰ্দেশনা পালনৰ প্ৰসংগ নিশ্চিত কৰিব পৰাকৈ প্ৰয়োজনীয় প্ৰশিক্ষণ, অনলাইন দিহা-পৰামৰ্শ প্ৰদানকে ধৰি যাৱতীয় কাম-কাজত হাতে-কামে লাগি এতিয়াও পিচ পৰি ৰোৱা অঞ্চলসমূহক সহযোগিতা আগবঢ়োৱাৰ বাবে মহানগৰীসমূহৰ ক’ভিড-প্ৰবন্ধনৰ অভিজ্ঞতাৰে অভিজ্ঞ চিকিত্সকমণ্ডলীলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ক’ভিড-১৯য়ে সৃষ্টি কৰা পৰিস্থিতি আৰু প্ৰতিষেধক প্ৰদান অভিযানৰ অগ্ৰগতি সন্দৰ্ভত দেশৰ চিকিত্সকলমণ্ডলীৰে এক পৰ্যালোচনা সভাত মিলিত হয়। ক’ৰোনাভাইৰাছে সৃষ্টি কৰা মহামাৰীৰ সময়ছোৱাত আগবঢ়োৱা অনবদ্য সেৱাৰ দেশৰ চিকিত্সক, নাৰ্ছ তথা অন্যান্য স্বাস্থ্যসেৱা কৰ্মীসকলক ভূয়সী প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে কয়, ‘যোৱাটো বছৰৰ এই ছোৱা সময়তে আমাৰ দেশৰ চিকিত্সক, তথা স্বাস্থ্যকৰ্মীসকলে কৰা কঠোৰ পৰিশ্ৰমৰ সুবাদতে আমি ক’ৰোনাভাইৰাছৰ প্ৰকোপ নিয়ন্ত্ৰিত কৰিবলৈ সক্ষম হৈছিলো। ক’ৰোনাই পুনৰ তাণ্ডৱ আৰম্ভ কৰাৰ মুহূৰ্ততো এতিয়া আমাৰ চিকিত্সক আৰু আগশাৰীত থাকি সেৱা আগবঢ়োৱা কৰ্মীসকলে আকৌ এবাৰলৈ দেহেকেহে লাগি কৰোনাক প্ৰতিহত কৰাৰ যুঁজত অৱতীৰ্ণ হৈছে, আৰু লক্ষ লক্ষ জন লোকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে’।

অত্যাৱশ্যকীয় ঔষধ-পাতি, চিকিত্সা উপকৰণ তথা অক্সিজেন  আদিৰ যোগান সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বহুবোৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। ৰাজ্যচৰকাৰসমূহক এই সন্দৰ্ভত যাৱতীয় বিধি-নিৰ্দেশনাও প্ৰদান কৰা হৈছে।

ক’ৰোনাভাইৰাছৰ বিৰুদ্ধে প্ৰতিষেধকক মহা-অস্ত্ৰ বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ যিমান পাৰি অধিক সংখ্যক লোকক প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে উদ্বুদ্ধ কৰাৰ বাবে চিকিত্সকমণ্ডলীক পদক্ষেপ গ্ৰহণৰ আহ্বান জনায়।

ক’ভিডৰ চিকিত্সা তথা নিবাৰণী অভিযান সন্দৰ্ভত অব্যাহত থাকা অপপ্ৰচাৰৰ বিৰুদ্ধে জন সাধাৰণক সজাগ কৰি তোলাত আগভাগ লোৱাৰ বাবে তেওঁ চিকিত্সকলক আগবাঢ়ি অহাৰ বাবে গোঁহাৰি জনায়। সংকটৰ এনে মুহূৰ্তত ৰাইজ যাতে আতংকৰ চিকাৰ হ’বলগীয়া নহয় সেয়া নিশ্চিত কৰাতো নিতান্তই গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে এনে পৰিস্থিতিত উপযুক্ত চিকিত্সাৰ লগতে চিকিত্সাধীন হোৱা ৰোগীসকলক উপযুক্ত ‘কাউন্সেলীঙ’ৰো খুবেই প্ৰয়োজন বুলি অভিমত ব্যক্ত কৰে। ইফালে, প্ৰধানমন্ত্ৰীয়ে খুউব জৰুৰী নোহোৱা সাধাৰণ ৰোগ-ব্যাধিৰ চিকিত্সা প্ৰদানৰ ক্ষেত্ৰত ‘টেলি-মেডিচিন’ ব্যৱস্থাৰ ব্যৱহাৰ কৰাত গুৰুত্ব প্ৰদান পোষকতা কৰে।

প্ৰসংগক্ৰমে, চিকিত্সকলক সমাজক প্ৰভাৱিত কৰিব পৰাকৈ ৰূপান্তৰকাৰী ভূমিকাত অৱতীৰ্ণ হোৱাত গুৰুত্ব প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে।

 

আনহাতে, বিধি-নিৰ্দেশনা পালনৰ প্ৰসংগ নিশ্চিত কৰিব পৰাকৈ প্ৰয়োজনীয় প্ৰশিক্ষণ, অনলাইনৰে দিহা-পৰামৰ্শ প্ৰদানকে ধৰি যাৱতীয় কাম-কাজত হাতে-কামে লাগি এতিয়াও পিচ পৰি ৰোৱা অঞ্চলসমূহক সহযোগিতা আগবঢ়োৱাৰ বাবে মহানগৰীসমূহৰ ক’ভিড-প্ৰবন্ধনৰ অভিজ্ঞতাৰে অভিজ্ঞ  চিকিত্সকমণ্ডলীলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়।

সভাত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী শ্ৰী হৰ্ষ বৰ্দ্ধন, স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবে, ৰসায়ণ আৰু সাৰ বিভাগৰ মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়া, বিভাগটোৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডৱীয়া, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, নীতি আয়োগৰ সদস্য ড০ ভি কে পাল, কেবিনেট সচিব, স্বাস্থ্য সচিব, ফাৰ্মাচিউটিকেল মন্ত্ৰালয়ৰ সচিব, ‘আইচিএমআৰ’ৰ সঞ্চালক প্ৰধান ড০ বলৰাম ভাৰ্গৱেও অংশগ্ৰহণ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s startup game-changer? ₹10,000 crore FoF 2.0 set to attract investors

Media Coverage

India’s startup game-changer? ₹10,000 crore FoF 2.0 set to attract investors
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 এপ্ৰিল 2026
April 26, 2026

One Radio Address, Many Milestones: PM Modi Links Clean Energy, Culture & Citizen Power in Mann Ki Baat

Citizens Celeberate Clean Skies, Maritime Might & Defence Milestones: How PM Modi is Scripting India’s Infrastructure Success Story