টেষ্টিং, ট্ৰেকিং আৰু ট্ৰিটমেন্টৰ কোনো বিকল্প নাইঃ প্ৰধানমন্ত্ৰী
ক’ভিড ৰোগীসকলৰ বাবে হাস্পতাল বেডৰ উপলব্ধতা বৃদ্ধিৰ অৰ্থে সকলো যাৱতীয় ব্যৱস্থা অৱশ্যেই গ্ৰহণ কৰিব লাগেঃ প্ৰধানমন্ত্ৰী
জনসাধাৰণৰ সমস্যাৰ প্ৰতি স্থানীয় প্ৰশাসন অতিশয় সক্ৰিয় আৰু সংবেদনশীল হ’ব লাগেঃ প্ৰধানমন্ত্ৰী
ৰেমডেচিভিৰ আৰু আন মেডিচিনৰ যোগানৰ স্থিতি পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ
অনুমোদিত মেডিকেল অক্সিজেন প্লান্টৰ স্থাপন ত্বৰান্বিত কৰা উচিতঃ প্ৰধানমন্ত্ৰী
ভেকচিনৰ উৎপাদন বৃদ্ধি কৰিবলৈ ৰাষ্ট্ৰৰ সমস্ত ক্ষমতা ব্যৱহাৰ কৰকঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অব্যাহত থকা ক’ভিড-১৯ মহামাৰীৰে মোকাবিলা কৰিবলৈ প্ৰস্তুতিৰ স্থিতি সন্দৰ্ভত পৰ্যালোচনাৰ অৰ্থে এখনি বৈঠকত পৌৰহিত্য় কৰে। মেডিচিন, অক্সিজেন, ভেন্টিলেটৰ আৰু টিকাদানৰে জড়িত ভিন্ন দৃষ্টিকোণ সন্দৰ্ভত ইয়াত আলোচনা কৰা হয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা বৰ্ষত ভাৰতে সমন্বিতভাৱে ক’ভিডক পৰাভূত কৰিছিল ও ভাৰতে পুনৰ একেই নীতিৰে কিন্তু অধিক ক্ষীপ্ৰতা আৰু সমন্বয়ৰে এয়া কৰিব পাৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে টেষ্টিং, ট্ৰেকিং আৰু ট্ৰিটমেন্টৰ কোনো বিকল্প নাই। মৃত্যুৰ ঘটনা হ্ৰাস কৰাৰ মূল উপায় হৈছে আৰম্ভণিতে টেষ্টিং আৰু যথোচিত ট্ৰেকিং। তেখেতে তদুপৰি কয় যে জনসাধাৰণৰ সমস্যাৰ প্ৰতি স্থানীয় প্ৰশাসন অধিক সক্ৰিয় আৰু সংবেদনশীল হ’ব লাগে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে মহামাৰীটোৰে মোকাবিলাত ৰাজ্যসমূহৰ সৈতে নিকট সমন্বয় নিশ্চিতকৰণৰ নিৰ্দেশনা প্ৰদান কৰে। তেখেতে কয় যে ক’ভিড ৰোগীসকলৰ বাবে হাস্পতাল বেডৰ উপলব্ধতা বৃদ্ধিৰ অৰ্থে সকলো যাৱতীয় ব্যৱস্থা অৱশ্যেই গ্ৰহণ কৰিব লাগে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি অস্থায়ী চিকিৎসালয় আৰু আইছ’লেশ্যন কেন্দ্ৰসমূহৰ জৰিয়তে বেডৰ অতিৰিক্ত যোগান নিশ্চিত কৰা উচিত বুলি নিৰ্দেশনা প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে ভিন্ন মেডিচিনৰ বৰ্ধিত চাহিদাৰে মোকাবিলা কৰিবলৈ ভাৰতৰ ফাৰ্মাচিউটিকেল উদ্যোগৰ পূৰ্ণ সম্ভাৱনা ব্যৱহাৰৰ প্ৰয়োজনীয়তা সন্দৰ্ভত কয়। তেখেতে ৰেমডেচিভিৰ আৰু আন মেডিচিনৰ যোগানৰ স্থিতি পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰীগৰাকীক ৰেমডেচিভিৰৰ উপলব্ধতাৰ প্ৰসংগৰে মোকাবিলা কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত চমুকৈ অৱগত কৰা হয়। জানুৱাৰী-ফেব্ৰুৱাৰীত প্ৰতি মাহে মাত্ৰ ২৭-২৯ লাখ বটলৰ উৎপাদনৰ বিপৰীতে চৰকাৰখনৰ প্ৰচেষ্টাৰাজিৰ জৰিয়তে মে’ত প্ৰতি মাহে প্ৰায় ৭৪.১০ লাখ বটল আগবঢ়াবলৈ ৰেমডেচিভিৰৰ প্ৰস্তুতৰ অৰ্থে ক্ষমতা আৰু উৎপাদন বৃদ্ধি কৰা হৈছে। ১১ এপ্ৰিলত ৬৭,৯০০ বটল যোগানৰপৰা ২০২১ ৰ ১৫ এপ্ৰিলত ২,০৬,০০০ ৰোধিক বটললৈ যোগান বৃদ্ধি কৰা হৈছে যাৰ জৰিয়তে অধিক কেছল’ড আৰু অধিক চাহিদা থকা ৰাজ্যসমূহত বিশেষকৈ গুৰুত্ব আৰোপ কৰা যায়। তেখেতে উৎপাদন ক্ষমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ৰাজ্যসমূহৰ সমন্বয়ত ৰাজ্যসমূহলৈ সঠিক-সময়ৰ যোগান শৃংখল ব্যৱস্থাপনাৰে সম্পৰ্কীয় সমস্যাৰাজি ক্ষীপ্ৰতাৰে সমাধান কৰাৰ নিৰ্দেশনা প্ৰদান কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰি কয় যে অনুমোদিত মেডিকেল গাইডলাইন অনুসৰি ৰেমডেচিভিৰ আৰু আন মেডিচিনৰ ব্যৱহাৰ কৰিব লাগে আৰু ইয়াৰ অপব্যৱহাৰ আৰু চোৰাং বিপণন কঠোৰভাৱে ৰোধ কৰিব লাগে।

মেডিকেল অক্সিজেনৰ যোগান প্ৰসংগত, প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰি কয় যে অনুমোদিত মেডিকেল অক্সিজেন প্লান্টসমূহৰ স্থাপন প্ৰক্ৰিয়া ত্বৰান্বিত কৰা উচিত। পিএম কেয়াৰ্ছৰপৰা ১৬২ পিএছএ অক্সিজেন প্লান্ট ৩২ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত স্থাপন কৰা হৈছে। বিষয়াসকলে অৱগত কৰে যে ১ লাখ চিলিণ্ডাৰ ক্ৰয় কৰা হৈছে ও সেইসমূহ শীঘ্ৰেই ৰাজ্যসমূহলৈ যোগান ধৰা হ’ব। প্ৰধানমন্ত্ৰীগৰাকীক বিষয়াসকলে অৱগত কৰে যে মেডিকেল অক্সিজেনৰ সাম্প্ৰতিক আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ মূল্যায়নৰ ভিত্তিত তেওঁলোকে ১২ অধিক জৰ্জৰিত ৰাজ্যলৈ নিৰন্তৰভাৱে যোগান অব্যাহত ৰাখিছে। এই ১২ অধিক জৰ্জৰিত ৰাজ্যলৈ ৩০ এপ্ৰিল পৰ্যন্ত যোগান মেপিং পৰিকল্পনাও গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি কয় যে মেডিচিনসমূহ উৎপাদনৰ অৰ্থে প্ৰয়োজনীয় অক্সিজেনৰ যোগান আৰু মহামাৰীটোৰে মোকাবিলা কৰিবলৈ যাৱতীয় সা-সৰঞ্জামৰ যোগানো নিশ্চিত কৰা উচিত।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি ভেন্টিলেটৰৰ উপলব্ধতা ও যোগানৰ স্থিতি পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এটা সঠিক সময়ৰ নিৰীক্ষণ প্ৰণালী গঢ়ি তোলা হৈছে আৰু তেখেতে এই প্ৰণালীটো অধিক সক্ৰিয়তাৰে ব্যৱহাৰ কৰিবলৈ সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক সচেষ্ট কৰি তোলাৰ নিৰ্দেশনা প্ৰদান কৰে।

টিকাদানৰ প্ৰসংগত, প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো বিষয়াকে ভেকচিন উৎপাদন বৃদ্ধি কৰি তুলিবলৈ সমগ্ৰ ৰাষ্ট্ৰীয় ক্ষমতা, ৰাজহুৱা তথা একেদৰে ব্যক্তিগত খণ্ডৰ ক্ষমতা ব্যৱহাৰৰ অৰ্থে প্ৰচেষ্টা গ্ৰহণৰ নিৰ্দেশনা আগবঢ়ায়।

ইয়াত কেবিনেট সচিব, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, কেন্দ্ৰীয় গৃহ সচিব, কেন্দ্ৰীয় স্বাস্থ্য সচিব, ফাৰ্মা সচিব, নিটি আয়োগৰ ডাঃ ভি কে পালেও ভাগ লয়।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's auto retail sales rise 18 per cent in January; dealers optimistic about Feb-Mar growth

Media Coverage

India's auto retail sales rise 18 per cent in January; dealers optimistic about Feb-Mar growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Pandit Deendayal Upadhyay ji
February 11, 2026

The Prime Minister, Shri Narendra Modi paid tributes to Pandit Deendayal Upadhyay ji on his death anniversary, today. Shri Modi stated that his principles and thoughts, rooted in values, will continue to remain a guiding light for every generation of the country.

The Prime Minister posted on X:

"मातृभूमि के अनन्य उपासक पंडित दीनदयाल उपाध्याय जी को उनकी पुण्यतिथि पर सादर नमन। मूल्यों पर आधारित उनके सिद्धांत और विचार देश की हर पीढ़ी के लिए पथ-प्रदर्शक बने रहेंगे।"