জি-২০ সন্মিলনৰ বাবে ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা বিবৃতিৰ লিখিত ৰূপ তলত উল্লেখ কৰা ধৰণৰ—
“আৰ্জেণ্টিনাই আয়োজন কৰা ত্ৰয়োদশসংখ্যক জি-২০ সন্মিলনত উপস্থিত থাকিবলৈ মই ২৯ নৱেম্বৰৰ পৰা ০১ ডিচেম্বৰলৈ বুয়েনাছ আয়াৰ্ছ ভ্ৰমণ কৰিম৷

জি-২০ সন্মিলনে বিশ্বৰ ২০খন বৃহৎ অৰ্থনীতিৰ দেশৰ মাজত বহুমুখী সহযোগিতা প্ৰসাৰ কৰে৷ দহ বছৰৰ অভিজ্ঞতাৰে জি-২০ সন্মিলনে এতিয়ালৈকে সুস্থিৰ আৰু বহনক্ষম গোলকীয় বিকাশক উৎসাহিত কৰি আহিছে৷ এই উদ্দেশ্যই উন্নয়নমূলক দেশ আৰু ভাৰতৰ দৰে দ্ৰুত বিকশিত উদীয়মান দেশৰ বাবে বিশেষ গুৰুত্ব বহন কৰে৷

গোলকীয় অৰ্থনৈতিক বিকাশ আৰু সমৃদ্ধিৰ প্ৰতি ভাৰতৰ অৱদানে সন্মিলনৰ বিষয়বস্তু ‘স্বচ্ছ আৰু বহনক্ষম উন্নয়নৰ বাবে সহমতত উপনীত হোৱা’ৰ প্ৰতি আমাৰ সংকল্পক প্ৰতিফলিত কৰে৷

জি-২০ সন্মিলনত ভাগ ল’বলগীয়া আন দেশৰ নেতাৰ সৈতে আলোচনাত মিলিত হ’বলৈ মই আগ্ৰহী৷ তেওঁলোকৰ সৈতে মই জি-২০ সন্মিলনৰ যোৱা দহ বছৰৰ কামৰ পৰ্যালোচনা কৰাৰ লগতে অনাগত দিনত আহিবলগীয়া নতুন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পৰাকৈ পথৰ সন্ধান কৰিম৷ আমি গোলকীয় অৰ্থনীতি আৰু বাণিজ্য, আন্তঃৰাষ্ট্ৰীয় বিত্তীয় আৰু কৰ ব্যৱস্থা, মহিলা সৱলীকৰণ, আন্তঃগাথনি আৰু বহনক্ষম উন্নয়ন সন্দৰ্ভত পৰ্যালোচনা কৰিম৷

গোলকীয় অৰ্থনীতিৰ বিকাশত নতুন প্ৰাণৰ সঞ্চাৰ কৰি অহা উদীয়মান অৰ্থনীতিৰ দেশসমূহে সম্প্ৰতি অপ্ৰত্যাশিত অৰ্থনৈতিক আৰু প্ৰযুক্তিগত প্ৰত্যাহ্বানৰ মুখামুখি হৈছে৷ মই এই সন্দৰ্ভত সংস্কাৰৰ দিশসমূহ সন্মিলনত উত্থাপন কৰিম, যাতে গোলকীয় কল্যাণৰ বাবে ঐক্যবদ্ধভাৱে আমি কাম কৰিব পাৰো৷ ভগনীয়া অৰ্থনৈতিক অপৰাধী আৰু সন্ত্ৰাসবাদীলৈ ধনপোষণ কৰা ৰাষ্ট্ৰৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰা আৰু সমন্বিত ব্যৱস্থা বৃদ্ধি কৰাটোও আন এক প্ৰয়োজনীয় দিশ৷
সন্মিলনৰ আজৰি সময়ত মই বিভিন্ন দেশৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ সুযোগ লাভ কৰিম৷ ইয়াক লৈও মই আগ্ৰহী৷”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending

Media Coverage

Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026