ক্ৰ’ৱেচিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম আন্দ্ৰেজ প্লেংকোভিচে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

দুয়োগৰাকী  নেতাই প্ৰযুক্তি, উদ্ভাৱন, জাহাজ নিৰ্মাণ, নীলা অৰ্থনীতি আৰু আইএমইইচি কৰিডৰৰ জৰিয়তে সংযোগ বৃদ্ধিৰ দৰে ক্ষেত্ৰত  দ্বিপাক্ষিক অংশীদাৰিত্বক কিদৰে অধিক গতিশীল কৰিব পাৰি  সেই বিষয়ত  আলোচনা কৰে।

এক্সত দিয়া  পৃথক পৃথক পোষ্টত শ্ৰী মোদীয়ে কয়-

'ক্ৰ'ৱেচিয়াৰ প্ৰধানমন্ত্ৰী আন্দ্ৰেজ প্লেংকোভিচৰ সৈতে ফলপ্ৰসূ আলোচনা  কৰিলোঁ।আমি প্ৰযুক্তি, উদ্ভাৱন, জাহাজ নিৰ্মাণ, নীলা অৰ্থনীতি আৰু আইএমইইচি কৰিডৰৰ জৰিয়তে সংযোগ বৃদ্ধিৰ দৰে ক্ষেত্ৰত আমাৰ দ্বিপাক্ষিক অংশীদাৰিত্বক কিদৰে অধিক গতিশীল কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিলোঁ, লগতে ভাৰত-ইউৰোপীয় ইউনিয়নৰ এফটিএলৈ তেওঁৰ ব্যক্তিগত সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ, যিয়ে ভাৰতৰ লগতে ইউৰোপৰ লোকসকলৰ বাবে অভূতপূৰ্ব অগ্ৰগতি কঢ়িয়াই আনিব।

'ক্ৰ'ৱেচিয়া গণৰাজ্যৰ প্ৰধানমন্ত্ৰী আন্দ্ৰেজ প্লেংকোভিচৰ সৈতে মোৰ এক ফলপ্ৰসূ আলোচনা হয় ।আমি আমাৰ দ্বিপাক্ষিক অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰিব পৰা সুযোগৰ বিষয়ে আলোচনা কৰিলোঁ, প্ৰযুক্তি, উদ্ভাৱন, জাহাজ নিৰ্মাণ আৰু নীলা অৰ্থনীতিৰ উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ লগতে আইএমইইচি কৰিডৰৰ জৰিয়তে সংযোগ উন্নত কৰাৰ ওবিষয়তো বিশেষ গুৰুত্ব আৰোপ কৰিলোঁ।ভাৰত আৰু ইউৰোপৰ নাগৰিকসকলৰ বাবে  অধিক উন্নয়ন সাধন কৰিব পৰা ভাৰত–ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তি (ভাৰত–ইউৰোপীয় ইউনিয়নৰ এফটিএ) সম্পাদন সন্দৰ্ভত  তেওঁৰ ব্যক্তিগত সমৰ্থনৰ বাবে মই বিশেষভাৱে কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ।

 

@AndrejPlenkovic”

 

 

“Održao sam produktivan razgovor s predsjednikom Vlade Republike Hrvatske, g. Andrejem Plenkovićem. Razmotrili smo mogućnosti dodatnog osnaživanja našeg bilateralnog partnerstva, s posebnim naglaskom na produbljivanje suradnje u područjima tehnologije, inovacija, brodogradnje te razvoja plavog gospodarstva, kao i na unapređenje povezanosti kroz koridor IMEEC. Posebno sam izrazio zahvalnost na njegovoj osobnoj potpori sklapanju Sporazuma o slobodnoj trgovini između Indije i Europske unije (India–EU FTA), koji će omogućiti daljnji razvoj za građane Indije i Europe.

@AndrejPlenkovic”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation

Media Coverage

Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
ভাৰত ত্যাগ আন্দোলনৰ সাহসী অংশগ্ৰহণকাৰীসকলক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
August 09, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলো কৰ্মীকে স্মৰণ কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ সাহস আৰু দৃঢ়তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে মহাত্মা গান্ধীৰ নেতৃত্বত অনুপ্ৰাণিত হৈ ভাৰত ত্যাগ আন্দোলনৰ সুদৃঢ় আহ্বানে স্বাধীনতা সংগ্ৰামত নতুন শক্তিৰ সঞ্চাৰ ঘটাইছিল আৰু ভাৰতৰ জনসাধাৰণৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভৰ অদম্য সংকল্পক প্ৰতিফলিত কৰিছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰিছে :

ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলো কৰ্মীকে স্মৰণ কৰিছো। তেওঁলোকৰ সাহস প্ৰতিজন ভাৰতীয়ৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব। মহাত্মা গান্ধীজীৰ নেতৃত্বত অনুপ্ৰাণিত হৈ ভাৰত ত্যাগ কৰাৰ সুদৃঢ় আহ্বানে আমাৰ স্বাধীনতা সংগ্ৰামত নতুন শক্তিৰ সঞ্চাৰ ঘটাইছিল আৰু আমাৰ জনসাধাৰণৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভৰ অদম্য সংকল্পক প্ৰতিফলিত কৰিছিল।