প্ৰধানমন্ত্ৰীয়ে 'অমৃত কাল ভিজন, ২০৪৭' - ভাৰতীয় সামুদ্ৰিক সুনীল অৰ্থনীতিৰ দীৰ্ঘম্যাদী ৰূপৰেখা উন্মোচন কৰিব
প্ৰধানমন্ত্ৰীয়ে ২৩,০০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব
গুজৰাটৰ দীনদয়াল বন্দৰ প্ৰাধিকৰণত টুনা টেক্ৰা ডিপ ড্ৰাফ্ট টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
৪,৫০০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে স্থাপন হ’বলগীয়া টুনা টেক্ৰা টাৰ্মিনেল ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (IMEEC)ৰ জৰিয়তে ভাৰতীয় বাণিজ্যৰ প্ৰৱেশদ্বাৰ হিচাপে পৰিগণিত হ’ব
সামুদ্ৰিক খণ্ডত বিশ্ব আৰু ৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ বাবে ৩০০ ৰোধিক বুজাবুজিৰ চুক্তিও (MoU) উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
দেশৰ সৰ্ববৃহৎ সামুদ্ৰিক অনুষ্ঠানত সমগ্ৰ বিশ্বই অংশগ্ৰহণ কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৭ অক্টোবৰ, ২০২৩ৰ পুৱা প্ৰায় ১০:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট (GMIS), ২০২৩ৰ তৃতীয় সংস্কৰণ উদ্বোধন কৰিব। ১৭ অক্টোবৰৰপৰা ১৯ অক্টোবৰলৈ মুম্বাইৰ এমএমআৰডিএ গ্ৰাউণ্ডত এই সন্মিলন অনুষ্ঠিত হ’ব।

এই কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সামুদ্ৰিক সুনীল অৰ্থনীতিৰ দীৰ্ঘম্যাদী ৰূপৰেখা ‘অমৃত কাল ভিজন, ২০৪৭’ উন্মোচন কৰিব। এই ৰূপৰেখাত বন্দৰৰ সুবিধাসমূহৰ বৰ্ধন, বহনক্ষম পদ্ধতিসমূহক প্ৰোৎসাহন আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে কৌশলগত পদক্ষেপসমূহৰ পৰিকল্পনা হৈছে। এই ভৱিষ্যৎ পৰিকল্পনাৰে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সামুদ্ৰিক সুনীল অৰ্থনীতিৰ বাবে ‘অমৃত কাল ভিজন, ২০৪৭’ৰে সংগতিপূৰ্ণ ২৩,০০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে টুনা টেক্ৰা অল-ৱেদাৰ ডিপ ড্ৰাফ্ট টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰিব, গুজৰাটৰ দীনদয়াল বন্দৰ প্ৰাধিকৰণত ৪,৫০০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে ইয়াক স্থাপন কৰা হ’ব। এই অত্যাধুনিক গ্ৰীনফিল্ড টাৰ্মিনেলটো পিপিপি ম’ডত স্থাপন কৰা হ’ব। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশৰ সম্ভাৱনা থকা এই টাৰ্মিনেলটোৱে ১৮,০০০ বিশ-ফুট সমতুল্য ইউনিট (TEU)তকৈ অধিক পৰৱৰ্তী-প্ৰজন্মৰ জাহাজ পৰিচালনা কৰিব আৰু ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰৰ (IMEEC) জৰিয়তে ভাৰতীয় বাণিজ্যৰ বাবে প্ৰৱেশদ্বাৰ হিচাপে কাম কৰিব। প্ৰধানমন্ত্ৰীয়ে সামুদ্ৰিক খণ্ডত বৈশ্বিক আৰু ৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ বাবে ৭ লাখ কোটি টকাৰো অধিক মূল্যৰ ৩০০ ৰোধিক বুজাবুজিৰ চুক্তিও (MoU) উৎসৰ্গা কৰিব।

এই সন্মিলন হৈছে দেশৰ ভিতৰতে সৰ্ববৃহৎ মেৰিটাইম ইভেন্ট। ইয়াত ইউৰোপ, আফ্ৰিকা, দক্ষিণ আমেৰিকা, এছিয়া (মধ্য এছিয়া, মধ্যপ্ৰাচ্য আৰু বিমষ্টেক অঞ্চলকে প্ৰমুখ্য কৰি)ক প্ৰতিনিধিত্ব কৰা সমগ্ৰ বিশ্বৰ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব। এই সন্মিলনত বিশ্বৰ ভিন্ন প্ৰান্তৰ গ্ল’বেল চিইঅ’, ব্যৱসায়ী, বিনিয়োগকাৰী, বিষয়া আৰু আন-আন অংশীদাৰসকলেও অংশগ্ৰহণ কৰিব। তদুপৰি ভাৰতৰ কেইবাখনো ৰাজ্যকো এই সন্মিলনত প্ৰতিনিধিত্ব কৰিব মন্ত্ৰী আৰু আন-আন বিশিষ্ট ব্যক্তিসকলে।

তিনিদিনীয়া এই সন্মিলনত ভৱিষ্যতৰ বন্দৰকে প্ৰমুখ্য কৰি সামুদ্ৰিক খণ্ডৰ মূল বিষয়সমূহত আলোচনা কৰা হ’ব। ডিকাৰ্বনাইজেচন; উপকূলীয় জাহাজ আৰু অভ্যন্তৰীণ জল পৰিবহণ; জাহাজ নিৰ্মাণ; মেৰামতি আৰু পুনঃব্যৱহাৰ; বিত্ত, বীমা আৰু মধ্যস্থতা; সামুদ্ৰিক ক্লাষ্টাৰ; উদ্ভাৱন আৰু প্ৰযুক্তি; সামুদ্ৰিক সুৰক্ষা আৰু নিৰাপত্তা তথা সামুদ্ৰিক পৰ্যটন সন্দৰ্ভত আলোচনা কৰা হ’ব। এই সন্মিলনে দেশৰ সামুদ্ৰিক খণ্ডত বিনিয়োগ আকৰ্ষণৰ বাবেও এক উৎকৃষ্ট মঞ্চ প্ৰশস্ত কৰিব।

২০১৬ত মুম্বাইত প্ৰথম মেৰিটাইম ইণ্ডিয়া সন্মিলন অনুষ্ঠিত হৈছিল। ২০২১ত ভাৰ্চুৱেলভাৱে অনুষ্ঠিত হৈছিল দ্বিতীয় সামুদ্ৰিক সন্মিলন। 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Built for tomorrow's wars: How India's new turbojet engine changes the missile and drone equation

Media Coverage

Built for tomorrow's wars: How India's new turbojet engine changes the missile and drone equation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026