সবৰমতী আশ্ৰমৰ পৰা পদযাত্ৰাৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়া@৭৫-ৰ অধীনত পৰিকল্পনা কৰা বিভিন্ন কাৰ্যসূচী শুভাৰম্ভ কৰাৰ লগতে সবৰমতী আশ্ৰমত সমবেত লোকসকলক সম্বোধন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘আজাদী কা অমৃত মহোৎসৱ’ ইণ্ডিয়া@৭৫ৰ আনুষ্ঠানিক উদ্বোধন উপলক্ষে ১২ মাৰ্চ, ২০২১ তাৰিখে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা পদযাত্ৰা আৰম্ভ কৰিব। তেওঁ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষ্যে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু বিভিন্ন ডিজিটেল উদ্যোগৰো শুভাৰম্ভ কৰিব। পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানত গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰত, সাংস্কৃতিক দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেল আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানীও উপস্থিত থাকিব।

‘আজাদী কা অমৃত মহোৎসৱ’

 

ভাৰতৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষপূৰ্তি উপলক্ষে ভাৰত চৰকাৰে ‘আজাদী কা অমৃত মহোৎসৱ’ শীৰ্ষক এক ধাৰাবাহিক কাৰ্যসূচীৰ আয়োজন কৰিছে। এই মহোৎসৱ ৰাইজৰ অংশগ্ৰহণৰ চিন্তাধাৰাৰে ৰাইজৰ-উৎসৱ হিচাপে পালন কৰা হ’ব।

স্বাধীনতাৰ ৭৫ বর্ষপূর্তি সূচনা উপলক্ষ্যে বিভিন্ন অনুষ্ঠানৰ নীতি আৰু পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে কেন্দ্রীয় গৃহমন্ত্ৰীৰ নেতৃত্বত ৰাষ্ট্ৰীয় পৰ্যায়ত এখন ৰূপায়ণ কমিটি গঠন কৰা হৈছে। ২০২২ চনৰ ১৫ আগষ্টৰ ৭৫ সপ্তাহ পূৰ্বে ১২ মাৰ্চ,২০২১ৰ পৰা এই কাৰ্যসূচী আৰম্ভ হ’ব।

 

পদযাত্ৰা

 

প্রধানমন্ত্রীয়ে আহমেদাবাদৰ সবৰমতী আশ্রমৰ পৰা পদযাত্রাৰ শুভাৰম্ভ কৰিব। এই পদযাত্রাত ৮১ জন লোকে অংশগ্ৰহণ কৰিব। এই পদযাত্রাৰ অহা ৫ এপ্রিলত ডাণ্ডিত অন্ত পৰিব। ২৪১ মাইল দৈর্ঘৰ পথ অতিক্রম কৰিবলৈ সময় লাগিব ২৫ দিন। ডাণ্ডিলৈকে কৰা পদযাত্রাৰ সময়ত সমাজৰ বিভিন্ন শ্রেণীৰ লোকে ইয়াত অংশগ্ৰহণ কৰিব। পদযাত্রাৰ প্রথম পর্যায়ত ৭৫ কিলোমিটাৰ দৈর্ঘপথৰ নেতৃত্ব দিব কেন্দ্রীয় মন্ত্রী শ্রী প্রহ্লাদ সিং পেটেলে।

 

ইণ্ডিয়া@৭৫ৰ অধীনত গ্ৰহণ কৰা কাৰ্যসূচীসমূহ

 

ইণ্ডিয়া@৭৫ কাৰ্যসূচীৰ অধীনত চিনেমা, ৱেবছাইট, গীত, আত্মনির্ভৰ চৰখা আৰু আত্মনির্ভৰ ইনকুবেটৰৰ দৰে একাধিক উদ্যোগৰ শুভাৰম্ভ হ’ব।

 

উপৰোক্ত কাৰ্যসূচীসমূহৰ লগতে দেশৰ অদম্য চেতনাক লৈ এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। এই অনুষ্ঠানত দেশৰ বিভিন্ন ভাষা আৰু অঞ্চলৰ গান, নৃত্য, আবৃত্তি আৰু মুখবন্ধ(প্ৰতিটো শাৰী এটা পৃথক ভাষাত, দেশৰ বিভিন্ন অঞ্চলক প্ৰতিনিধিত্ব কৰা)পাঠ কৰা হ’ব। ভাৰতৰ ভবিষ্যৎ হিচাপে যুবশক্তিক চিত্ৰিত কৰি ৭৫টা কন্ঠত সংগীত পৰিবেশন সহ ৭৫ জন শিল্পীয়ে নৃত্য পৰিৱেশন কৰিব।

 

ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহতো ১২ মাৰ্চ,২০২১ তাৰিখে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰোপৰি, সাংস্কৃতিক মন্ত্ৰালয়, যুৱ পৰিক্ৰমা মন্ত্ৰালয় আৰু ট্ৰাইফেডৰ অধীনত ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ আৰু আঞ্চলিক সাংস্কৃতিক কেন্দ্রসমূহৰ ফালৰ পৰা বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘All set for BRICS 2026!': PM Modi shares video of preparations at venue ahead of mega Summit

Media Coverage

‘All set for BRICS 2026!': PM Modi shares video of preparations at venue ahead of mega Summit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over loss of lives in mishap in Nanded
September 11, 2026
Prime Minister announces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has expressed grief over the loss of lives due to a mishap in Nanded, Maharashtra.

The Prime Minister conveyed his thoughts to the bereaved families in this hour of grief and prayed for the speedy recovery of the injured.

Shri Modi announced that an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) would be given to the next of kin of each deceased. The injured would be given Rs. 50,000.

In a post on X, the Prime Minister’s Office said;

“Saddened by the loss of lives due to a mishap in Nanded, Maharashtra. My thoughts are with the bereaved families in this hour of grief. Praying for the speedy recovery of the injured.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”