নমস্কাৰ বন্ধুবৰ্গ,

চন্দ্ৰ অভিযানৰ সফলতাচন্দ্ৰযান-৩য়ে আমাৰ তিনিৰঙী পতাকাক উৰুৱাইছে। শিৱশক্তি পইন্ট নতুন প্ৰেৰণাৰ কেন্দ্ৰস্থল হৈ পৰিছেত্ৰিৰঙ্গা পইন্ট আমাৰ গৌৰৱৰ কেন্দ্ৰ হৈ পৰিছে। সমগ্ৰ বিশ্বত যেতিয়া এইধৰণৰ সফলতা পোৱা যায় তেতিয়া সেয়া আধুনিকতাৰেবিজ্ঞানৰে তথা প্ৰযুক্তিৰে সংযুক্ত কৰি চোৱা হয়। আৰু যেতিয়া এই সামৰ্থ সমগ্ৰ বিশ্বৰ সম্মুখত উপস্থাপিত হয় তেতিয়া দেশৰ সম্মুখত অনেক সম্ভাৱনাঅনেক সুবিধা আমাৰ দুৱাৰমুখত আহি থিয় দিয়ে। জি-২০ৰ অভূতপূৰ্ব সফলতা তথা ৬০খনৰো অধিক স্থানত বিশ্বৰ শীৰ্ষস্থানীয় নেতাক আদৰণিসম্ভাষণ তথা মন্থন আৰু প্ৰকৃত ভাৱনাৰে সংযুক্ত গাঁথনিৰ এক জীৱন্ত অনুভৱে ভাৰতৰ বিচিত্ৰতাভাৰতৰ বিশেষতাই জি-২০ক নিজৰ মাজতেই দেশৰ বৈচিত্ৰতাক উদযাপন কৰিছে। আৰু জি-২০ত ভাৰতে এই কথাটোক লৈ সদায় গৰ্ব কৰিব যে গ্লোবেল ছাউথৰ বাবে আমি স্বয়ং কণ্ঠ হৈ পৰিছোঁ। আফ্ৰিকান ইউনিয়নৰ স্থায়ী সদস্যপদ আৰু জি-২০ত সৰ্বসন্মতিৰে গ্ৰহণযোগ্যতাই ভাৰতৰ বাবে উজ্জ্বল ভৱিষ্যতৰ ইংগিত বহন কৰিছে।

কালি যশোভূমি এক আন্তৰ্জাতিক সন্মিলন কেন্দ্ৰ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰা হৈছেকালি বিশ্বকৰ্মা জয়ন্তী আছিলদেশৰ বিশ্বকৰ্মা সম্প্ৰদায়ৰ যি পৰম্পৰাগত পৰিয়ালকেন্দ্ৰিক দক্ষতা আছেসেইবোৰক প্ৰশিক্ষণআধুনিক সা-সৰঞ্জামঅৰ্থনৈতিক ব্যৱস্থা প্ৰদান কৰি বিশ্বকৰ্মা সামৰ্থক অধিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিদৰে নিজৰ ভূমিকা পালন কৰিব পৰা যায়। এনেকুৱা অনেক এটাৰ পাছত এটা ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিব পৰা একপ্ৰকাৰৰ উৎসৱমুখৰ পৰিৱেশউৎসাহৰ পৰিৱেশআনন্দৰ পৰিৱেশ আৰু সমগ্ৰ দেশত এক প্ৰকাৰৰ আত্মবিশ্বাস আমি সকলোৱে অনুভৱ কৰি আছোঁ। তেনে সময়তে সংসদৰ এই অধিৱেশনএই পৱিত্ৰ ভূমিত এই অধিৱেশন,  এয়া সঠিকএয়া চুটি হয় কিন্তু সময়ৰ বিশ্লেষণেৰে এয়া যথেষ্ট দীঘলীয়া হয়। ঐতিহাসিক সিদ্ধান্তৰ এই অধিৱেশন হয়। এই অধিৱেশনৰ এটা বিশেষত্ব এয়াই যে এতিয়া ৭৫ বছৰীয়া যাত্ৰাই এক নতুন শীৰ্ষ বিন্দুৰ আৰম্ভণি সূচনা কৰিছে। সেই শীৰ্ষ বিন্দুত বিগত ৭৫বছৰৰ যাত্ৰা আছিলসেয়া অতীৱ প্ৰেৰণাদায়ক সময় আছিল আৰু এতিয়া এই নতুন স্থানৰ পৰা যাত্ৰাক আগবঢ়োৱাৰ সময়নতুন সংকল্পনতুন শক্তিনতুন সংকল্পনতুন বিশ্বাসৰে আৰু নিৰ্ধাৰিত সময়ত ২০৪৭ চনত এই দেশক এখন উন্নত ৰাষ্ট্ৰলৈ পৰিৱৰ্তিত কৰিব লাগিব। ইয়াৰ বাবে আগন্তুক যিবোৰ নতুন সিদ্ধান্ত লোৱা হব সেইবোৰ এই নতুন সংসদ ভৱনৰ পৰা লোৱা হব। সেইকাৰণে অনেক কাৰণত মহত্বপূৰ্ণ এই অধিৱেশনত মই আদৰণীয় সকলো সাংসদক অনুৰোধ কৰিছো যাতে আপোনালোকে এই কম সময়ৰ সংসদ অধিৱেশনত অধিক সময় দিয়ক যাতে সকলো মিলি এক উছাহপূৰ্ণ আৰু ধনাত্মক বাতাবৰণ সৃষ্টি হওক। জীৱন এনেকুৱা কেতবোৰ সময় থাকে যিবোৰ উৎসাহেৰে ভৰি থাকেবিশ্বাসেৰে ভৰি থাকেমই এই কম সময়ৰ সংসদ অধিৱেশন তেনেকুৱা দৃষ্টিৰে চাইছোঁ। মই আশা কৰিছোঁ যে পুৰণি ক্লেশ আঁতৰ কৰি উত্তমৰ পৰা উত্তম ভালবোৰৰ সৈতে আমি নতুন সংসদ ভৱনত প্ৰৱেশ কৰিম আৰু নতুন সংসদৰ ভালবোৰ বৃদ্ধি কৰিবলৈ আমি কেতিয়াও কৃপণালি নকৰোঁএই পণ আমি সকলো সাংসদে লওঁ তাৰেই এয়া মহত্বপূৰ্ণ সময়।

কাইলৈ গণেশ চতুৰ্থী। বিনাশ-বিঘিনি আঁতৰ কৰা দেৱতা হিচাপে গণেশক পূজা কৰা হয়এতিয়া ভাৰতৰ বিকাশৰ যাত্ৰাত কোনো ধৰণৰ বাধা নাথাকে। নিৰ্বিঘ্ন ৰূপত সকলো সপোনসকলো সংকল্প ভাৰতে সম্পূৰ্ণ কৰিব। আৰু গণেশ চতুৰ্থীৰ দিনটোত এয়া নৱ-প্ৰস্থান নতুন ভাৰতৰ সকলো স্বপ্ন-সংকল্পক চাৰিতাৰ্থ কৰিব। সেয়েহে এই অধিৱেশন কম সময়ৰ হয় কিন্তু মূল্যবান হয়।

সকলোকে অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 আগষ্ট 2026
August 26, 2026

Accountability Meets Ambition: Record Low NPAs, Record Defence Output, Record Digital Adoption Under the Leadership of PM Modi