“চৰকাৰৰ প্ৰতি বাৰে বাৰে আস্থা প্ৰকাশ কৰাৰ বাবে ভাৰতৰ প্ৰতিজন নাগৰিকৰ প্ৰতি মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ আহিছো”
“বিৰোধীয়ে ৰাজনীতিক সকলোৰে উৰ্ধ্বত ৰখা বাবেই বহু গুৰুত্বপূৰ্ণ আইনে প্ৰাপ্য আলোচনা নাপালে”
“এবিংশ শতিকাৰ এই সময়ছোৱাই অহা হাজাৰ বছৰলৈ দেশখনত প্ৰভাৱ পেলাব। আমাৰ সকলোৰে একক লক্ষ্য থাকিব লাগে”
“আমি ভাৰতৰ যুৱক-যুৱতীক এখন কেলেংকাৰীমুক্ত চৰকাৰ দিছো”
“বিৰোধী অবিশ্বাসত ইমানেই ডুব গৈছে যে মানুহৰ আস্থা চাব পৰা নাই”
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত অনাস্থা প্ৰস্তাৱৰ প্ৰত্যুত্তৰ আগবঢ়ায়।
লগতে এন ডি এ আৰু বিজেপিয়ে সকলো অভিলেখ ভংগ কৰি ৰাইজৰ আশীৰ্বাদত ২০২৪ চনতো বিজয়ী হৈ ওলাই আহিব বুলিও তেওঁ আস্থা প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে দেশে বিৰোধীৰ ৰেহ-ৰূপ চাই আছে আৰু তেওঁলোকে সদায় ৰাইজক হতাশেই কৰি আহিছে।
১৩.৫ কোটি লোক দৰিদ্ৰতাৰ পৰা ওলাই অহাৰ কথাও তেওঁ নিটি আয়োগৰ প্ৰতিবেদনৰ প্ৰসঙ্গৰে উল্লেখ কৰে।
স্বচ্ছ ভাৰত অভিযান সন্দৰ্ভত ইউনিচেফৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ দৰিদ্ৰ পৰিয়ালসমূহক বছৰি ৫০ হাজাৰ টকা সঞ্চয় কৰাত ই সহায় কৰি আছে।”
“যাৰ বাবে তেওঁলোকে বেয়া কামনা কৰে, শেষত তেওঁলোকৰেই ভালে হয়” এইবুলিও তেওঁ কয়।
LIC সন্দৰ্ভত বিৰোধীয়ে কোৱা অসুবিধাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিদিনে LIC শক্তিশালী হৈ আহিছে।
“২০২৮ চনত যেতিয়া আপোনালোকে অনাস্থা প্ৰস্তাৱ আনিব, তেতিয়া আমাৰ দেশ বিশ্বৰ শীৰ্ষ ৩ খনৰ ভিতৰত থাকিব”, তেওঁ সদনত কয়।
ছাৰ্জিকেল ষ্ট্ৰাইকৰ বিষয়ে ভাষণ প্ৰসঙ্গত উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেনেকৈ বিৰোধীয়ে বিষয়টোৰ ওপৰত চৰকাৰক বিশ্বাস কৰাৰ পৰিৱৰ্তে শত্ৰুৱে প্ৰতিষ্ঠা কৰা কাহিনীটোক বিশ্বাস কৰিবলৈ লৈছিল।
তেওঁ বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি কয় যে বিৰোধীয়ে ভাৰত আৰু ইয়াৰ জনসাধাৰণৰ সামৰ্থ্যক বিশ্বাস নকৰে আৰু একেদৰে জনসাধাৰণৰ দৃষ্টিত বিৰোধীৰ প্ৰতি আস্থাৰ মাত্ৰা একেবাৰে নিম্ন স্তৰত আছে।
প্ৰধানমন্ত্ৰীয়ে ‘ঘামণ্ডিয়া’ মিত্ৰজোঁট (অহংকাৰী মিত্ৰজোঁট) I.N.D.I.Aক আখ্যা দি অংশীদাৰসকলৰ মাজত থকা বৈপৰীত্যৰ ওপৰত আলোকপাত কৰে।
এই সংগ্ৰহালয়টো সকলো প্ৰধানমন্ত্ৰীৰ বাবে উৎসৰ্গিত আৰু দলীয় ৰাজনীতিৰ ওপৰত উঠিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত অনাস্থা প্ৰস্তাৱৰ প্ৰত্যুত্তৰ আগবঢ়ায়।

সদনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ প্ৰতি বাৰে বাৰে আস্থা প্ৰকাশ কৰাৰ বাবে ভাৰতৰ প্ৰতিজন নাগৰিকৰ প্ৰতি তেওঁ অপৰিসীম কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ আহিছে। তেওঁ স্মৰণ কৰে যে এয়া চৰকাৰৰ বাবে নহয় বৰঞ্চ ২০১৮ চনত বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ অনাৰ সময়ত সদনত প্ৰৱৰ্তন কৰাসকলৰ বাবেহে ফ্ল’ৰ টেষ্ট। ‘২০১৯ চনত আমি যেতিয়া নিৰ্বাচন খেলিছিলো তেতিয়া ৰাইজে তেওঁলোকৰ ওপৰত সৰ্বতোপ্ৰকাৰে অনাস্থা ঘোষণা কৰিছিল”, এন ডি এ আৰু বিজেপি দুয়োটা দলে অধিক আসন লাভ কৰা বুলি উল্লেখ কৰি এইদৰে কয় প্ৰধানমন্ত্ৰীয়ে। এক প্ৰকাৰে প্ৰধানমন্ত্ৰীয়ে কয় যে বিৰোধীয়ে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱ চৰকাৰৰ বাবে ভাগ্যৰ কথা। লগতে এন ডি এ আৰু বিজেপিয়ে সকলো অভিলেখ ভংগ কৰি ৰাইজৰ আশীৰ্বাদত ২০২৪ চনতো বিজয়ী হৈ ওলাই আহিব বুলিও তেওঁ আস্থা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে অধিৱেশনৰ আৰম্ভণিৰে পৰা বিৰোধীয়ে উপযুক্ত দিশত গুৰুত্বসহকাৰে অংশগ্ৰহণ কৰিলে ভাল আছিল। তেওঁ উল্লেখ কৰে যে বিগত কেইটামানদিনত ভালেমান গুৰুত্বপূৰ্ণ আইন গৃহীত হৈছে আৰু এই সমালোচনাযোগ্য আইনবোৰতকৈ ৰাজনীতিক অগ্ৰাধিকাৰ দিয়া বিৰোধীয়ে সেইবোৰৰ বিষয়ে আলোচনা কৰিব লাগিছিল। ‘মাছমৰীয়া, ডাটা, দৰিদ্ৰ, বঞ্চিত, আৰু জনজাতীয় লোকৰ সৈতে জড়িত বহু বিধেয়ক এইবাৰ উত্থাপন হৈছিল যদিও এইবোৰৰ প্ৰতি বিৰোধীৰ কোনো আগ্ৰহ নাই। এয়া আছিল ৰাইজৰ আশাৰ প্ৰতি বিশ্বাসঘাতকতা। তেওঁলোকে প্ৰমাণ কৰিছে যে তেওঁলোকৰ বাবে দলটো দেশতকৈও ওপৰত”। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশে বিৰোধীৰ ৰেহ-ৰূপ চাই আছে আৰু তেওঁলোকে সদায় ৰাইজক হতাশেই কৰি আহিছে।

প্ৰধানমন্ত্ৰীয়ে উল্লখ কৰে যে জাতি এটাৰ জীৱনত এনে এটা সময় আহে যেতিয়া ই পুৰণি বান্ধোনৰ পৰা মুক্ত হৈ নতুন শক্তি আৰু দৃঢ়তাৰে আগবাঢ়ি যায়। তেওঁ গুৰুত্বসহকাৰে কয়, “একবিংশ শতিকাৰ এই সময়ছোৱা আমাৰ সকলো আকাংক্ষা পূৰণৰ সময়। এই সময়ছোৱাত যিয়েই গঢ় লৈ উঠিব, ইয়াৰ প্ৰভাৱ দেশখনত আগন্তুক হাজাৰ বছৰলৈ পৰিব। গতিকে আমাৰ এক বৃহৎ দায়িত্ব আছে আৰু আমাৰ একক মনোযোগ- দেশৰ উন্নয়ন আৰু দেশবাসীৰ সপোন বাস্তৱায়িত কৰিবলৈ পূৰ্ণ নিষ্ঠা থাকিব লাগে।” তেওঁ কয় যে আমাৰ জনসাধাৰণ আৰু যুৱক-যুৱতীসকলৰ শক্তিয়ে আমাক গন্তব্যস্থানলৈ লৈ যাব পাৰে।

তেওঁ লগতে কয় যে ২০১৪ চনত আৰু পিছলৈ ট্ৰেক ৰেকৰ্ডৰ বাবে দেশখনে সম্পূৰ্ণ সংখ্যাগৰিষ্ঠ চৰকাৰ বাছি লৈছিল কাৰণ তেওঁলোকে জানিছিল যে তেওঁলোকৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষমতা ক’ত আছে। ‘আমি ভাৰতৰ যুৱক-যুৱতীসকলক কেলেংকাৰীমুক্ত চৰকাৰ এখন দিছো। আমি তেওঁলোকক সাহস দিছো আৰু মুকলি আকাশত উৰিবলৈ সুযোগ দিছো। আমি বিশ্বত ভাৰতৰ স্থিতি শক্তিশালী কৰিছো আৰু নিতৌ নতুন উচ্চতালৈ লৈ গৈছো।” তেওঁ লগতে কয়, “বিৰোধীয়ে অনাস্থা প্ৰস্তাৱৰ পোছাক পিন্ধি জনসাধাৰণৰ আস্থা ভংগ কৰাৰ ব্যৰ্থ প্ৰচেষ্টা চলাইছ”। ষ্টাৰ্টআপ ইক’ছিষ্টেমৰ বিকাশ, অভিলেখ বিদেশী বিনিয়োগ, ৰপ্তানিৰ নতুন শিখৰ আদিৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে, “আজি দুখীয়াৰ হৃদয়ত তেওঁলোকৰ সপোন পূৰণৰ বাবে এক আস্থাৰ সৃষ্টি হৈছে।” ১৩.৫ কোটি লোক দৰিদ্ৰতাৰ পৰা ওলাই অহাৰ কথাও তেওঁ নিটি আয়োগৰ প্ৰতিবেদনৰ প্ৰসঙ্গৰে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে আই এম এফৰ এখন ৱৰ্কিং পেপাৰৰ কথা উল্লেখ কৰে য’ত উল্লেখ আছে যে ভাৰতে চৰম দৰিদ্ৰতা প্ৰায় নিৰ্মূল কৰিছে। আই এম এফৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় ডি বি টি (প্ৰত্যক্ষ লাভ হস্তান্তৰ) আঁচনি আৰু অন্যান্য সমাজ কল্যাণমূলক আঁচনিসমূহ এক ‘লজিষ্টিক মাৰ্ভেল’। লগতে তেওঁ বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্ধৃতি দি কয় যে জলজীৱন মিছনে দেশত ৪ লাখ লোকৰ জীৱন ৰক্ষা কৰাত সহায় কৰিছে আৰু স্বচ্ছ ভাৰত অভিযানে ৩ লাখ লোকৰ জীৱন ৰক্ষা কৰাত সহায় কৰিছে। “এইসকল দেশৰ দৰিদ্ৰ লোক যিয়ে নগৰীয়া বস্তিত বাস কৰে”, তেওঁ লগতে কয়। স্বচ্ছ ভাৰত অভিযান সন্দৰ্ভত ইউনিচেফৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ দৰিদ্ৰ পৰিয়ালসমূহক বছৰি ৫০ হাজাৰ টকা সঞ্চয় কৰাত ই সহায় কৰি আছে।”

বিৰোধীৰ হঠকাৰী পন্থাক সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোক অবিশ্বাসত ইমানেই ডুব গৈছে যে, তেওঁলোকে মানুহৰ আস্থা চাব পৰা অৱস্থাত নাই। প্ৰধানমন্ত্ৰীয়ে কয় যে বিৰোধীৰ কটু বাক্য প্ৰয়োগ আৰু অহৰহ শাও-শপনিয়ে এতিয়া ‘কালা টিকা’ (বেয়া নজৰ আঁতৰোৱাৰ বাবে লগোৱা ফোঁট)ৰ দৰে কাম কৰে।

বিৰোধীৰ সমালোচনাৰ সকলোবোৰ লক্ষ্য সুন্দৰভাৱে জিলিকি উঠিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াক ‘বিৰোধীৰ গোপন কবৰ’ বুলি অভিহিত কৰে। “যাৰ বাবে তেওঁলোকে বেয়া কামনা কৰে, শেষত তেওঁলোকৰেই ভালে হয়” এইবুলিও তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে বেংকিং খণ্ডৰ উন্নয়নৰ প্ৰতি বিৰোধীৰ মনোভাৱৰ কথা সোঁৱৰাই কয় যে তেওঁলোকে ভুল তথ্য প্ৰচাৰ আৰু জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। কিন্তু প্ৰধানমন্ত্ৰীৰ মধ্যস্থতাত ৰাজহুৱা খণ্ডৰ বেংকৰ নিকা লাভ দুগুণ বৃদ্ধি পালে। দেশখনক এনপিএৰ সংকটৰ দিশে ঠেলি দিয়া ফোন বেংকিং কেলেংকাৰীৰ কথাও উল্লেখ কৰি তেওঁ কয় যে দেশখনে ইয়াৰ পৰা নিজকে পুনৰ সজীৱ কৰি তুলিছে আৰু এতিয়া আগবাঢ়ি আহিছে। শ্ৰী মোদীয়ে HAL ৰ উদাহৰণো দাঙি ধৰি কয় যে বিৰোধীয়ে ইয়াতো তীব্ৰ আক্ৰমণ কৰিছিল। তেওঁ কয় যে HAL এ সফলতাৰ নতুন উচ্চতাত উপনীত হৈছে আৰু এতিয়ালৈকে সৰ্বাধিক ৰাজহ পঞ্জীয়ন কৰিছে। LIC সন্দৰ্ভত বিৰোধীয়ে কোৱা অসুবিধাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিদিনে LIC শক্তিশালী হৈ আহিছে।

“বিৰোধীয়ে জাতিৰ সামৰ্থ্য আৰু নিষ্ঠাত বিশ্বাস নকৰে”, কিছুদিন পূৰ্বে তৃতীয় কাৰ্যকালত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব বুলি কোৱা কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। দায়িত্বশীল বিৰোধী হিচাপে প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে এই লক্ষ্যত উপনীত হ’বলৈ চৰকাৰক তেওঁলোকে ৰোডমেপত প্ৰশ্ন কৰা উচিত আছিল বা অন্ততঃ পৰামৰ্শ দিব লাগিছিল কিন্তু সেয়া কাৰ্যতঃ নহ’ল। তেওঁ বিৰোধীৰ শিথিলতাক সমালোচনাও কৰে আৰু কয় যে এই বিৰোধীয়েই বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’বলৈ একো কৰাৰ প্ৰয়োজন নাছিল বুলি কৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে বিৰোধীৰ এনে পন্থাই নীতি, উদ্দেশ্য, দৃষ্টিভংগী, বিশ্ব অৰ্থনীতিৰ গতিবিধি, ভাৰতৰ সামৰ্থ্যৰ বুজাবুজিৰ অভাৱৰ ইংগিত দিয়ে।

প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে কেনেকৈ ভাৰত দৰিদ্ৰতাত ডুব গৈছিল আৰু ১৯৯১ চনত দেউলীয়া হোৱাৰ উপক্ৰম হৈছিল। কিন্তু ২০১৪ চনৰ পিছত ভাৰতে বিশ্বৰ শীৰ্ষ ৫ খন অৰ্থনীতিৰ দেশৰ ভিতৰত স্থান লাভ কৰিছিল। তেওঁ কয় যে নিশ্চিত পৰিকল্পনা আৰু কঠোৰ পৰিশ্ৰমেৰে ‘সংস্কাৰ, পৰিৱেশন আৰু ৰূপান্তৰ’ মন্ত্ৰৰ জৰিয়তে এই কাম সম্ভৱ হৈছে। এই ধাৰা এইদৰেই চলি থাকিব আৰু প্ৰয়োজনীয় সংস্কাৰ কৰা হ’ব বুলিও তেওঁ কয়। “২০২৮ চনত যেতিয়া আপোনালোকে অনাস্থা প্ৰস্তাৱ আনিব, তেতিয়া আমাৰ দেশ বিশ্বৰ শীৰ্ষ ৩ খনৰ ভিতৰত থাকিব”, তেওঁ সদনত কয়।

বিৰোধীৰ অবিশ্বাসী পন্থা অব্যাহত ৰাখি প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত, জন ধন একাউণ্ট, যোগ, আয়ুৰ্বেদ, ষ্টাৰ্টআপ ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া আদি অভিযানৰ প্ৰতি তেওঁলোকৰ বিশ্বাসহীনতাৰ কথা কয়।

প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছৰ শাসনকালত কাশ্মীৰত উগ্ৰপন্থীৰ অনুপ্ৰৱেশৰ ওপৰত আলোকপাত কৰে আৰু তেতিয়াৰ চৰকাৰে পাকিস্তানৰ সৈতে সন্মতি দি একেলগে শান্তি আলোচনা অব্যাহত ৰাখিব বুলি উল্লেখ কৰে। কাশ্মীৰী জনসাধাৰণৰ পৰিৱৰ্তে হুৰিয়তৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ কথাও তেওঁ উল্লেখ কৰে। ছাৰ্জিকেল ষ্ট্ৰাইকৰ বিষয়ে ভাষণ প্ৰসঙ্গত উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেনেকৈ বিৰোধীয়ে বিষয়টোৰ ওপৰত চৰকাৰক বিশ্বাস কৰাৰ পৰিৱৰ্তে শত্ৰুৱে প্ৰতিষ্ঠা কৰা কাহিনীটোক বিশ্বাস কৰিবলৈ লৈছিল।

“দেশৰ বেয়া কথা কোৱাসকলক বিৰোধীয়ে সোনকালে বিশ্বাস কৰে”, এই দৰে কৈ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ আগত খাদ্য সুৰক্ষাহীনতাৰ সৈতে মোকাবিলা কৰা এখন ৰাষ্ট্ৰক কিছুমান পৰিমাপত প্ৰচাৰ কৰা এটা বিদেশী সংস্থাৰ ভুল তথ্যযুক্ত প্ৰতিবেদনৰ কথা উল্লেখ কৰে। তেওঁ কয় যে বিৰোধীয়ে এনে ভুল তথ্যৰ প্ৰতিবেদনত লাগি থাকে আৰু লাভ কৰা প্ৰতিটো সুযোগতে দেশক বদনাম কৰিবলৈ চেষ্টা কৰে। লগতে তেওঁ মেড-ইন-ইণ্ডিয়া ক’ৰোনা ভেকচিনৰ উদাহৰণ দি কয় যে বিৰোধীয়ে ইয়াক বিশ্বাস কৰা নাছিল বৰঞ্চ বিদেশত নিৰ্মিত ভেকচিনৰ প্ৰতিহে অধিক উৎসুক আছিল। তেওঁ বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি কয় যে বিৰোধীয়ে ভাৰত আৰু ইয়াৰ জনসাধাৰণৰ সামৰ্থ্যক বিশ্বাস নকৰে আৰু একেদৰে জনসাধাৰণৰ দৃষ্টিত বিৰোধীৰ প্ৰতি আস্থাৰ মাত্ৰা একেবাৰে নিম্ন স্তৰত আছে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে মিত্ৰতা গঢ়াৰ প্ৰসাধনমূলক পৰিৱৰ্তনে দেশৰ জনসাধাৰণক মূৰ্খ কৰিব নোৱাৰে আৰু সাধাৰণ নাম সলনি কৰিলেও বিৰোধী মিত্ৰজোঁটৰ সৌভাগ্য সলনি নহ’ব। ‘তেওঁলোকে জীয়াই থাকিবলৈ এন ডি এৰ সহায় লৈছে যদিও অহংকাৰৰ দুটা ‘আই’ যোগ কৰিছে, প্ৰথমে ২৬টা দলৰ ইগোৰ বাবে আৰু দ্বিতীয়টো ‘আই’ এটা পৰিয়ালৰ ইগোৰ বাবে। আনকি ভাৰতক বিভাজিত কৰি I.N.D.I.A.”, তেওঁ কয়। “বিৰোধীয়ে নাম সলনি কৰাত বিশ্বাস কৰে কিন্তু তেওঁলোকে নিজৰ কৰ্ম সংস্কৃতি সলনি কৰিব নোৱাৰে”, তেওঁ জোৰ দিয়ে। তামিলনাডু চৰকাৰৰ এজন মন্ত্ৰীৰ বিভাজনমূলক মন্তব্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ প্ৰতি থকা বিশ্বাস পুনৰাবৃত্তি কৰি কয় যে তামিলনাডু এনে এখন ৰাজ্য য’ত দেশপ্ৰেমৰ এক ধাৰা অবিৰতভাৱে বৈ আছে। প্ৰধানমন্ত্ৰীয়ে বিৰোধীৰ নামৰ প্ৰতি থকা আকৰ্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰতিটো আঁচনি আৰু কী মাৰ্কাৰৰ নাম কেনেকৈ এটা পৰিয়ালৰ সদস্যৰ নামেৰে নামাকৰণ কৰা হৈছিল সেই কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ‘ঘামণ্ডিয়া’ মিত্ৰজোঁট (অহংকাৰী মিত্ৰজোঁট) I.N.D.I.Aক আখ্যা দি অংশীদাৰসকলৰ মাজত থকা বৈপৰীত্যৰ ওপৰত আলোকপাত কৰে।

শ্ৰী মোদীয়ে জোৰ দি কয় যে দেশৰ স্বাধীনতা সংগ্ৰামী আৰু প্ৰতিষ্ঠাপক পিতৃসকলে সদায় বংশৰ ৰাজনীতিৰ বিৰোধিতা কৰিছিল। বংশ ব্যৱস্থাই সাধাৰণ নাগৰিকক ক্ষতি কৰে। বংশৰ ৰাজনীতিৰ বাবেই মূল নেতাসকলে ক্ষতিগ্ৰস্ত হৈছিল বুলিও তেওঁ কয়। তেওঁ কয় যে এই ধৰণৰ ৰাজনীতিৰ বলি হোৱা ষ্টালৱাৰৰ বহু প্ৰতিকৃতিয়ে সংসদত স্থান লাভ কৰিছিল অকংগ্ৰেছ চৰকাৰৰ পিছৰ বছৰবোৰতহে। তেওঁ ঐক্যৰ প্ৰতিমূৰ্তি আৰু প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ৰ কথাও উল্লেখ কৰে। এই সংগ্ৰহালয়টো সকলো প্ৰধানমন্ত্ৰীৰ বাবে উৎসৰ্গিত আৰু দলীয় ৰাজনীতিৰ ওপৰত উঠিছে।

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে ভাৰতৰ জনসাধাৰণে ৩০ বছৰৰ পাছত দুবাৰকৈ পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰ চৰকাৰ নিৰ্বাচন কৰিলেও প্ৰধানমন্ত্ৰীৰ চকীত বহি থকা এজন ‘গৰীব কা বেটা’ই বিৰোধীক বিচলিত কৰিছে। তেওঁ আঙুলিয়াই দিয়ে যে বিৰোধীয়ে পূৰ্বতে বিমান আৰু নৌসেনাৰ জাহাজৰ অপব্যৱহাৰ এতিয়া ভেকচিন পৰিবহণ আৰু বহিঃৰাজ্যত আবদ্ধ হৈ থকাসকলক ঘূৰাই অনাৰ বাবে শুধৰণি কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে ফ্ৰীবিজৰ ৰাজনীতিৰ বিৰুদ্ধে সকীয়াই দি চুবুৰীয়া দেশসমূহৰ পৰিস্থিতিক এনে ৰাজনীতিয়ে কঢ়িয়াই আনিব পৰা বিধ্বংসী ৰূপৰ উদাহৰণ হিচাপে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে মণিপুৰৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ বিৰোধী কেতিয়াও আগ্ৰহী নাছিল। তেওঁ কয় যে গৃহমন্ত্ৰীয়ে ধৈৰ্য্যৰে আৰু কোনো ৰাজনীতি নকৰাকৈ বিষয়সমূহ অতি বিশদভাৱে ব্যাখ্যা কৰে। গৃহমন্ত্ৰীৰ এই ব্যাখ্যা দেশ আৰু জাতিৰ উদ্বেগ প্ৰকাশৰ প্ৰয়াস আছিল, মণিপুৰলৈ সদনৰ আস্থা প্ৰকাশ কৰাৰ প্ৰয়াস আছিল। আলোচনা আৰু উপায় বিচাৰি উলিওৱাৰ এক সৎ প্ৰচেষ্টা আছিল।

মণিপুৰ সমস্যা সন্দৰ্ভত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে মণিপুৰৰ হিংসাত্মক পৰিস্থিতি দুখজনক। ‘মহিলাৰ বিৰুদ্ধে অপৰাধ গ্ৰহণযোগ্য নহয় আৰু দোষীক যাতে শাস্তি পায় তাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে কাম কৰিব। আমি কৰা প্ৰচেষ্টাৰ ভিত্তিত ভাৰতবাসীক আশ্বাস দিছো যে অনাগত সময়ত মণিপুৰত শান্তি থাকিব”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ মণিপুৰৰ ৰাইজ, মণিপুৰৰ মাতৃ-কন্যাক আশ্বাস দিয়ে যে জাতি তেওঁলোকৰ কাষত আৰু সদনে তেওঁলোকৰ কাষত থিয় দিছে। মণিপুৰ যাতে পুনৰ উন্নয়নৰ পথত আগবাঢ়ে তাৰ বাবে চৰকাৰে কোনো শিল নপৰাকৈ নাৰাখিব বুলিও আশ্বাস দিয়ে।

প্ৰধানমন্ত্ৰীয়ে সদনত মা ভাৰতীৰ বাবে আপত্তিজনক ভাষা ব্যৱহাৰ কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰি কয় যে এইসকল লোকেই বিভাজনৰ বাবে দায়ী আৰু আনকি বন্দে মাতৰমকো তেওঁলোকে গালি পাৰিছে। শ্ৰী মোদীয়ে বিৰোধীৰ ব্যৰ্থতাৰ উদাহৰণ হিচাপেও কচ্চাথিভু বিবাদটো উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চল সন্দৰ্ভত তিনিটা ঘটনাৰ কথা উল্লেখ কৰে। প্ৰথমতে, ১৯৬৬ চনৰ ৫ মাৰ্চত যেতিয়া মিজোৰামৰ মানুহক আক্ৰমণ কৰিবলৈ বায়ুসেনা ব্যৱহাৰ কৰা হৈছিল। দ্বিতীয়তে, ১৯৬২ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী নেহৰুৰ ৰেডিঅ’ত ভাষণ প্ৰদানেৰে চীনৰ আক্ৰমণৰ সময়ত উত্তৰ-পূৱৰ জনসাধাৰণক নিজৰ যত্ন ল’বলৈ এৰি দিছিল। অঞ্চলটোৰ অৱহেলা সন্দৰ্ভত ৰাম মনোহৰ লোহিয়াৰ অভিযোগো উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে বৰ্তমানৰ চৰকাৰত মন্ত্ৰীসকলে উত্তৰ-পূবৰ বিভিন্ন জিলা সদৰত ৪০০ নিশা কটাইছে, আৰু প্ৰধানমন্ত্ৰীয়ে নিজেই ৫০ বাৰ ভ্ৰমণ কৰিছে। ‘উত্তৰ-পূৱৰ সৈতে মোৰ আৱেগিক মোহ আছে। আনকি প্ৰধানমন্ত্ৰী হোৱাৰ আগতেও মই সমগ্ৰ অঞ্চল ভ্ৰমণ কৰিছো”, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে মণিপুৰৰ পৰিস্থিতি এনেদৰে উপস্থাপন কৰা হৈছে যে সংঘাতৰ সৃষ্টি হৈছে শেহতীয়াকৈহে কিন্তু মণিপুৰৰ সকলো বিষয়ৰ মূল কাৰণ হৈছে কংগ্ৰেছ আৰু ইয়াৰ ৰাজনীতি। ‘মণিপুৰ চহকী ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰে ভৰি আছে। মণিপুৰ অগণন বলিদানৰ ভূমি”, তেওঁ কয়। তেওঁ ৰাজ্যৰ কংগ্ৰেছ চৰকাৰৰ সেই সময়ৰ কথা স্মৰণ কৰে যেতিয়া প্ৰতিটো প্ৰতিষ্ঠানে উগ্ৰপন্থী সংগঠনৰ আহ্বানত কাম কৰিছিল আৰু চৰকাৰী কাৰ্যালয়ত মহাত্মা গান্ধীৰ ফটো থোৱাটো নিষিদ্ধ আছিল। মৈৰাঙৰ আজাদ হিন্দ ফৌজৰ সংগ্ৰহালয়ত নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিত বোমা বিস্ফোৰণৰ কথাও উল্লেখ কৰে। তেওঁ আৰু স্মৰণ কৰে যেতিয়া মণিপুৰৰ বিদ্যালয়সমূহত জাতীয় সংগীত গোৱা নিষিদ্ধ আছিল আৰু পুথিভঁৰালৰ কিতাপ জ্বলোৱাৰ অভিযান আৰম্ভ কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছৰ শাসনকালত অঞ্চলটোত উগ্ৰপন্থী কাৰ্যকলাপৰ কেইবাটাও উদাহৰণ দাঙি ধৰি সন্ধিয়া ৪ বজাতে মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া, ইম্ফলৰ ইস্কন মন্দিৰত বোমা বিস্ফোৰণৰ ফলত প্ৰাণ হেৰুৱাবলগীয়া হোৱা, চৰকাৰী বিষয়াই উগ্ৰপন্থীক সুৰক্ষাৰ ধন দিবলগীয়া হোৱা বিষয়ৰ কথাও উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰীয়ে কয় যে আগন্তুক দিনত উত্তৰ-পূৰ্বাঞ্চল উন্নয়নৰ কেন্দ্ৰবিন্দু হ’বলৈ গৈ আছে। তেওঁ কয় যে বিশ্বব্যৱস্থাৰ আন্দোলনে দক্ষিণ-পূব এছিয়া আৰু আছিয়ান দেশসমূহত পৰিৱৰ্তন আনিব আৰু ইয়াৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলত কি প্ৰভাৱ পৰিব, সেই বিষয়ে তেওঁ অৱগত। সেইবাবেই প্ৰধানমন্ত্ৰীয়ে কয়, “আমাৰ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নক প্ৰথম অগ্ৰাধিকাৰ দিছে।” শ্ৰী মোদীয়ে উত্তৰ-পূৱৰ আন্তঃগাঁথনিত বিনিয়োগৰ কথা উল্লেখ কৰি আধুনিক ঘাইপথ, ৰে’লপথ, বিমানবন্দৰ কেনেকৈ উত্তৰ-পূৱৰ পৰিচয় হৈ পৰিছে সেই কথা উল্লেখ কৰে। “প্ৰথমবাৰৰ বাবে আগৰতলা ৰে’লপথেৰে সংযোগ হ’ল, প্ৰথমবাৰৰ বাবে গুডছ ট্ৰেইন মণিপুৰত উপস্থিত হ’ল, প্ৰথমবাৰৰ বাবে অঞ্চলটোত বন্দে ভাৰতৰ দৰে আধুনিক ৰে’ল চলিল, প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশত গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণ হ’ল, ছিকিম এতিয়া বিমানযাত্ৰাৰ সৈতে সংযোগ হ’ল৷ ৰাজ্যসভাত প্ৰথমবাৰৰ বাবে মহিলা সাংসদৰ অন্তৰ্ভুক্তি হ’ল। প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ইমান সংখ্যক লোকক পদ্ম বঁটাৰে সন্মানিত কৰা হৈছে আৰু গণৰাজ্য দিৱসত লাচিত বৰফুকনৰ দৰে নায়কক বিশেষ মৰ্যাদাৰে সন্মানিত কৰা হৈছে আৰু ৰাণী গাইডিনলিউ নামেৰে এটা সংগ্ৰহালয় স্থাপন কৰা হৈছে”, তেওঁ কয়।

“আমাৰ বাবে সবকা সাথ সবকা বিশ্বাস কোনো শ্লোগান নহয় বৰঞ্চ ই এক বিশ্বাসৰ ভেটি, এক প্ৰতিশ্ৰুতি”, প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে “মই দেশবাসীক আশ্বাস দিছো যে মই শৰীৰৰ প্ৰতিটো কণা আৰু প্ৰতিটো মুহূৰ্তক নিয়োজিত কৰিম দেশবাসীৰ সেৱা।”

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয়, ‘সংসদ কোনো দলৰ মঞ্চ নহয়। সংসদ দেশৰ বাবে শ্ৰদ্ধাৰ সৰ্বোচ্চ সংস্থা। গতিকে ইয়াৰ প্ৰতি সংসদ সদস্যসকলৰ এক নিৰ্দিষ্ট গুৰুত্ব থকাটো অতি প্ৰয়োজনীয়। গতিকে বহুতো সম্পদ ইয়াত উচৰ্গা কৰা হৈছে। ইয়াৰ প্ৰতিটো চেকেণ্ড দেশৰ বাবে ব্যৱহাৰ কৰা উচিত।” তেওঁ লগতে কয় যে গুৰুত্বৰ অভাৱত ৰাজনীতি কৰিব পাৰি কিন্তু দেশ চলাব নোৱাৰি।

যোৱা ৯ বছৰত প্ৰধানমন্ত্ৰীয়ে কয় যে সাধাৰণ নাগৰিকৰ আস্থা নতুন উচ্চতালৈ আগবাঢ়ি গৈছে আৰু প্ৰতিজন ভাৰতীয় আত্মবিশ্বাসেৰে উদ্বুদ্ধ হৈ পৰিছে। ‘আজিৰ ভাৰত হেঁচাত পৰি ছিন্নভিন্ন নহয়। আজিৰ ভাৰত কোঙা নহয়, ভাগৰুৱা নহয়, আৰু স্তব্ধ নহয়।” - শ্ৰী মোদীয়ে কয়। তেওঁ নাগৰিকসকলক বিশ্বাস আৰু সংকল্পৰে আগবাঢ়ি যাবলৈ আহ্বান জনাই কয় যে সাধাৰণ মানুহৰ আস্থাইহে বিশ্ববাসীক ভাৰতত বিশ্বাস কৰিবলৈ অনুপ্ৰাণিত কৰে। তেওঁ ভাৰতৰ প্ৰতি বিশ্বৰ ক্ৰমবৰ্ধমান আস্থাৰ কৃতিত্ব সাধাৰণ নাগৰিকৰ ওপৰত আস্থা বৃদ্ধিৰ বাবে বুলি কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত কেইটামান বছৰত চৰকাৰে বিকশিত ভাৰতৰ বাবে সুদৃঢ় ভেটি স্থাপন কৰাত সফল হৈছে। এই ভেটিয়েই ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰলৈ পৰিণত কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰি জাতিটো একেলগে বেয়া পৰিস্থিতিৰ পৰা ওলাই অহাৰ কথা আলোকপাত কৰি মণিপুৰৰ ভূমিক ক্ষুদ্ৰ ৰাজনীতিৰ বাবে অপব্যৱহাৰ নকৰিবলৈ ৰাজনৈতিক দলসমূহক আহ্বান জনায়। তেওঁ কয়, ‘আমি বিষ আৰু দুখৰ প্ৰতি সহানুভূতিশীল হ’ব লাগিব আৰু আৰোগ্যৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব। এয়াই আগুৱাই যোৱাৰ পথ”, প্ৰধানমন্ত্ৰীয়ে আবেদন জনায়।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity

Media Coverage

From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Press Statement by Prime Minister during Joint Press Statement with President of Seychelles
June 28, 2026

Your Excellency, डॉक्टर पैट्रिक एर्मिनी,
दोनों देशों के delegates,
मीडिया के साथियों,

नमस्कार

हमारे स्नेहपूर्ण स्वागत और आतिथ्य-सत्कार के लिए मैं राष्ट्रपति एर्मिनी का हार्दिक आभार व्यक्त करता हूँ।

उनके द्वारा “Guardian of the Blue Horizon” से सम्मानित किया जाना मेरे लिए और 140 करोड़ भारतवासियों के लिए अत्यंत हर्ष का विषय है। मैं इस सम्मान को विनम्रतापूर्वक स्वीकार करते हुए, उन सभी देशों को समर्पित करता हूँ, जो climate change की चुनौती से लड़ रहे हैं, और पर्यावरण संरक्षण को भावी पीढ़ियों के प्रति अपना दायित्व मानते हैं।

Friends,

मेरी यात्रा ऐसे ऐतिहासिक अवसर पर हो रही है, जब सेशेल अपनी स्वतंत्रता के पचास वर्ष पूरे कर रहा है, और हम भारत-सेशेल राजनयिक संबंधों की भी पचासवीं वर्षगांठ मना रहे हैं।

इन पचास वर्षों की यात्रा में हमने मित्रता को विश्वास में, विश्वास को सहयोग में, और सहयोग को जन-कल्याण में बदला है।

Friends,

हिन्द महासागर ने सदियों से भारत और सेशेल के संबंधों को सींचा है। इसकी लहरों ने हमारे बीच व्यापार, संस्कृति और मानवीय संबंधों को निरंतर पोषित किया है।

We believe the Indian Ocean is our shared home; Its security, sustainability and prosperity are our shared responsibility. यही भावना हमारे MAHASAGAR विज़न का आधार है।

Friends,

इस वर्ष फरवरी में राष्ट्रपति जी की भारत यात्रा के दौरान जारी किए गए Joint Vision से हमारी भावी साझेदारी का blueprint तैयार हुआ है। इस पर आगे बढ़ते हुए हर क्षेत्र में हमारा सहयोग मजबूत हो रहा है।

आज हमने हमारे आर्थिक सहयोग को और अधिक resilient और future-ready बनाने पर चर्चा की। हम दोनों देशों के उद्योगों के लिए नए अवसरों की तलाश जारी रखेंगे।

भारत और सेशेल के बीच connectivity बढ़ाने पर भी काम किया जाएगा। इससे हमारा व्यापार तो बढ़ेगा ही, साथ-साथ पूर्वी अफ्रीका और हिंद महासागर क्षेत्र के साथ सबंधों को भी बल मिलेगा।

हमारा विश्वास है कि Digital Technology दोनों देशों के बीच की दूरी को कम करने का प्रभावी माध्यम है। हम Digital Public Infrastructure में भारत के सफल अनुभव को सेशेल के साथ साझा करेंगे। और मुझे प्रसन्नता है कि आज UPI को सेशेल में लागू करने के लिए MOU किया जा रहा है।

Friends,

विकास साझेदारी हमारे संबंधों की मजबूत पहचान रही है। भारत हमेशा सेशेल की प्राथमिकताओं, आवश्यकताओं और आकांक्षाओं को केंद्र में रखकर आगे बढ़ रहा है।

राष्ट्रपति जी की भारत यात्रा के दौरान हमने 175 मिलियन डॉलर के Special Economic Package की घोषणा की थी। इसके अंतर्गत Social housing, transport, skilling, food security, शिक्षा और रक्षा जैसे क्षेत्रों में काम किया जा रहा है। सेशेल के human resource development में सहयोग भारत की विशेष प्राथमिकता रही है।

मुझे खुशी है कि हम सेशेल के civil servants की training में योगदान दे रहे हैं। आज Professional and Technical Centre की virtual ground-breaking भी की जा रही है। हमारा विश्वास है कि यह Centre आने वाले समय में सेशेल के युवाओं के कौशल, रोजगार और आत्मविश्वास को नई ऊंचाई देगा।

Friends,

स्वास्थ्य के क्षेत्र में हमारी साझेदारी समय की कसौटी पर खरी उतरी है। कोविड के मुश्किल समय में vaccines की आपूर्ति से हमने एक मित्र के रूप में अपना दायित्व निभाया।

आज जन औषधि पर किए गए MOU से सेशेल के लोगों को quality और affordable medicines उपलब्ध कराने में सहयोग मिलेगा। हम capacity building और ट्रेनिंग के माध्यम से सेशेल की medical care को और सशक्त बनाने के प्रयास करते रहेंगे।

ऊर्जा और climate action में भी हमारा सहयोग निरंतर आगे बढ़ रहा है। हम Green Hydrogen सहित clean energy के नए क्षेत्रों में भी win-win सहयोग जारी रखेंगे। Blue Economy हमारे संबंधों का एक स्वाभाविक और strategic क्षेत्र है।

हम Ocean observation, marine science और coastal management में भारत की expertise सेशेल के साथ साझा करेंगे। स्पेस के क्षेत्र में हम मिलकर आगे बढ़ रहे हैं। मुझे खुशी है कि इस विषय पर आज दोनों पक्षों के बीच MOU किया गया है।

हमारा मानना है कि भारत और सेशेल की रक्षा और सुरक्षा एक दूसरे से अभिन्न है। हम इस दिशा में अपना करीबी सहयोग जारी रखेंगे।

Friends,

भारत-सेशेल संबंधों की असली शक्ति हमारे people-to-people ties हैं। हमारी आज की चर्चाओं से यह संबंध और मजबूत होंगे। दोनों देशों के sportsmen और athletes के बीच सहयोग बढ़ाने के लिए हम संस्थागत रूप से आगे बढ़ेंगे।

सेशेल में योग और भारतीय फिल्म इंडस्ट्री की लोकप्रियता हमारे सांस्कृतिक जुड़ाव को दर्शाती है। इसी भावना के साथ हम दोनों देशों के लोगों, विशेषकर युवाओं के बीच संपर्क बढ़ाने के प्रयास जारी रखेंगे।

Friends,

मेरी सेशेल की यात्रा का संदेश स्पष्ट है: भारत ऐसे हिंद महासागर की कल्पना करता है, जहाँ समुद्री सुरक्षा के साथ आर्थिक समृद्धि भी बढ़े; जहाँ हमारी साझेदारी आकार नहीं, आपसी सम्मान और विश्वास पर आधारित हो; और जहाँ हम हर देश के पास-पास नहीं, साथ-साथ चलें।

Our vision is to make Indian Ocean into an Ocean of Opportunity.

Excellency,

हमारे संबंधों के पिछले पचास वर्ष गहरे विश्वास और साझा प्रगति के रहे हैं। आने वाले पचास वर्ष innovation, sustainability और shared prosperity के होंगे।

मैं एक बार फिर भारत के प्रति आपकी मित्रता और हमारे संबंधों के प्रति आपकी अटूट प्रतिबद्धता के लिए आपका आभार व्यक्त करता हूँ।

आप सबका बहुत-बहुत धन्यवाद।