বন্ধুসকল,

ভাৰত বিশ্বাস, আধ্যাত্মিকতা আৰু পৰম্পৰাৰ বৈচিত্ৰ্যৰ ভূমি। বিশ্বৰ একাধিক মূল ধৰ্মৰ ইয়াতেই উৎপত্তি হৈছিল আৰু বিশ্বৰ প্ৰতিটো ধৰ্মই ইয়াত সন্মান লাভ কৰিছে।

‘গণতন্ত্ৰৰ মাতৃ’ হিচাপে আলোচনা আৰু গণতান্ত্ৰিক নীতিৰ প্ৰতি আমাৰ বিশ্বাস অনাদি কালৰপৰাই দৃঢ় হৈ আছে। আমাৰ বৈশ্বিক আচৰণৰ মূলতে আছে ‘বসুধৈৱ কুটুম্বকম’ৰ মৌলিক নীতি, যাৰ অৰ্থ হৈছে ‘বিশ্বখন এটা পৰিয়াল’।

বিশ্বখনক এটা পৰিয়াল হিচাপে গণ্যৰ এই ধাৰণাটোৱে প্ৰতিজন ভাৰতীয়কে ‘এক বিশ্ব’ৰ দায়িত্ববোধেৰেও সংযোগ কৰে। ‘এক বিশ্ব’ৰ এই মনোভাৱেৰে ভাৰতে ‘পৰিবেশৰ বাবে জীৱনশৈলী অভিযান’ৰ সূচনা কৰিছে। ভাৰতৰ পদক্ষেপ আৰু আপোনালোকৰ সহযোগত সমগ্ৰ বিশ্বই জলবায়ু সুৰক্ষাৰ নীতিৰে সংগতি ৰাখি এইবাৰ ‘আন্তঃৰাষ্ট্ৰীয় বাজৰা বৰ্ষ’ উদযাপন কৰিছে। এই মনোভাৱেৰেই সংগতি ৰাখি ভাৰতে চিঅ’পি-২৬ত ‘গ্ৰীন গ্ৰীডছ ইনিচিয়েটিভ - এক সূৰ্য্য, এক বিশ্ব, এক গ্ৰীড’ৰ শুভাৰম্ভ কৰে।

 
আজি ভাৰত বৃহৎ পৰিসৰৰ সৌৰ বিপ্লৱ অব্যাহত দেশসমূহৰ অন্যতম হিচাপে পৰিগণিত হৈছে। লাখ-লাখ ভাৰতীয় কৃষকে প্ৰাকৃতিক কৃষি-কাৰ্য্য আৰম্ভ কৰিছে। মানৱ স্বাস্থ্যৰ লগতে মাটি আৰু বিশ্বৰ স্বাস্থ্য ৰক্ষাৰ বাবে এয়া এক বৃহৎ অভিযান। সেউজ হাইড্ৰজেনৰ উৎপাদন বৃদ্ধিৰ বাবে আমি ভাৰতত ‘ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযান’ও আৰম্ভ কৰিছো। ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ সময়ছোৱাত আমি এটি গ্ল’বেল হাইড্ৰজেন ইকচিষ্টেম গঢ়াৰ দিশতো উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছো।


বন্ধুসকল,

জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান অনুধাৱনেৰে শক্তিৰ পৰিৱৰ্তন হৈছে একবিংশ শতিকাৰ বিশ্বৰ এক উল্লেখযোগ্য প্ৰয়োজনীয়তা। সৰ্বাংগীন শক্তি পৰিৱৰ্তনৰ বাবে বহু অৰ্থৰ প্ৰয়োজন। স্বাভাৱিকতে উন্নত দেশসমূহে ইয়াত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।


ভাৰতৰ লগতে গ্ল’বেল চাউথৰ সকলো দেশেই এই বছৰ অৰ্থাৎ ২০২৩ত উন্নত দেশসমূহে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰাত আনন্দিত হৈছে। উন্নত দেশসমূহে জলবায়ু বিত্তৰ বাবে ১০০ বিলিয়ন ডলাৰৰ প্ৰতিশ্ৰুতি প্ৰথমবাৰৰ বাবে পূৰণৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে।

 
‘সেউজ উন্নয়ন চুক্তি’ৰ অভিযোজনাৰে জি-২০য়েও বহনক্ষম আৰু সেউজ বিকাশৰ প্ৰতি নিজৰ অংগীকাৰ পুনৰ দৃঢ় কৰিছে।

 
বন্ধুসকল, 

সামূহিক প্ৰচেষ্টাৰ মনোভাৱেৰে আজি ভাৰতে এই জি-২০ৰ মঞ্চত কিছু পৰামৰ্শ আগবঢ়াব খুজিছে।

 

আজি সকলো দেশেই ইন্ধন মিশ্ৰণৰ ক্ষেত্ৰত একেলগে কাম কৰাতো সময়ৰ আহ্বান। আমি পেট্ৰ’লত ২০ শতাংশ পৰ্য্যন্ত ইথানল মিশ্ৰণৰ বাবে বিশ্ব পৰ্য্যায়ত উদ্যোগ গ্ৰহণৰ প্ৰস্তাৱ জনাইছোঁ।

 

বা, বিকল্পভাৱে আমি বৃহত্তৰ বৈশ্বিক কল্যাণৰ বাবে আন এটা ‘ব্লেণ্ডিং মিক্স’ বিকশিতকৰণৰ অৰ্থে কাম কৰিব পাৰো, যিয়ে জলবায়ু সুৰক্ষাৰ ক্ষেত্ৰতো অৰিহণা যোগোৱাৰ লগতে সুস্থিৰ শক্তি যোগান নিশ্চিত কৰিব।

 

ইয়াৰ পৰিপ্ৰেক্ষিতত আজি আমি আৰম্ভ কৰিছো গ্ল’বেল বায়’ফুৱেল এলায়েন্স। ভাৰতে আপোনালোক সকলোকে এই পদক্ষেপত যোগদান কৰিবলৈ আহ্বান জনাইছে।

বন্ধুসকল, 

পৰিবেশৰ কথা মনত ৰাখি দশক-দশক ধৰি কাৰ্বন ক্ৰেডিট সন্দৰ্ভত আলোচনা চলি আহিছে। কাৰ্বন ক্ৰেডিটে কি কৰা উচিত নহয় তাত গুৰুত্ব আৰোপ কৰে; ইয়াৰ নেতিবাচক দিশ আছে।

 

সেয়ে, কি-কি ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব লাগে, সেই সন্দৰ্ভত সততে আলোচনা কম। ইতিবাচক পদক্ষেপৰ বাবে উৎসাহৰ অভাৱ।

 

গ্ৰীন ক্ৰেডিটে আমাক আগুৱাই যোৱাৰ পথ দেখুৱাইছে। এই ইতিবাচক চিন্তাধাৰাক প্ৰোৎসাহিতকৰণৰ অৰ্থে মই জি-২০ দেশসমূহে ‘সেউজ ঋণ পদক্ষেপ’ৰ কাম আৰম্ভ কৰাৰ প্ৰস্তাৱ জনাইছোঁ।


বন্ধুসকল,

ভাৰতৰ চন্দ্ৰ অভিযান-চন্দ্ৰযানৰ সফলতাৰ কথা আপোনালোক আটাইৰে জ্ঞাত। ইয়াৰপৰা লাভ কৰা তথ্যসমূহ সমগ্ৰ মানৱ জাতিৰ বাবে উপযোগী হ’ব। একেই মনোভাৱেৰে ভাৰতে ‘পৰিবেশ আৰু জলবায়ু পৰ্যবেক্ষণৰ বাবে জি-২০ উপগ্ৰহ অভিযান’ আৰম্ভৰ প্ৰস্তাৱ আগবঢ়াইছে।

 

ইয়াৰ জৰিয়তে লাভ কৰা জলবায়ু আৰু বতৰৰ তথ্য সকলো দেশৰ সৈতে বিশেষকৈ গ্ল’বেল চাউথৰ দেশসমূহক বিলাই দিয়া হ’ব। ভাৰতে জি-২০ৰ সকলো দেশকে এই পদক্ষেপত যোগদান কৰিবলৈ আহ্বান জনাইছে। 

বন্ধুসকল, 

পুনৰ এবাৰ আপোনালোক আটাইকে উষ্ম আদৰণি আৰু অভিনন্দন জনালোঁ।
এতিয়া মই আপোনাসৱৰ ভাৱনা শুনিবলৈ আগ্ৰহী হৈ উঠিছোঁ।

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Can we have a picture? BRICS delegates gather around PM Modi for candid photo op

Media Coverage

Can we have a picture? BRICS delegates gather around PM Modi for candid photo op
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 ছেপ্টেম্বৰ 2026
September 12, 2026

President Putin, Partners, and a Photograph: How PM Modi Turned BRICS Into India’s Showcase

16 Crore Domestic Flyers. ₹22 Lakh Crore Tourism. The Holiday Stayed Home.