"তিনিটা মুখ্য বন্দৰ আৰু সোতৰটা অ-মুখ্য বন্দৰৰ সৈতে তামিলনাডু সামুদ্ৰিক বাণিজ্যৰ এক মুখ্য কেন্দ্ৰ হৈ উঠিছে"
"ভাৰতে বিশ্বক বহনক্ষম আৰু ভৱিষ্যদৰ্শী চিন্তাসূচক বিকাশৰ পথ দেখুৱাইছে"
"উদ্ভাৱন আৰু সহযোগিতা হৈছে উন্নয়নী যাত্ৰাত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ শক্তি"
"ভাৰত বিশ্বজোৰা যোগান শৃংখলাৰ এক মুখ্য অংশীদাৰ হৈ উঠিছে আৰু এই বৰ্ধিত সামৰ্থ্য হৈছে আমাৰ অৰ্থনৈতিক বিকাশৰ ভেটি"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' বাৰ্তা’ৰ জৰিয়তে ‘তুতিকোৰিন আন্তঃৰাষ্ট্ৰীয় কন্টেইনাৰ টাৰ্মিনেলৰ উদ্বোধনী অনুষ্ঠান’ত ভাষণ প্ৰদান কৰে। এই উপলক্ষে দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ দিশত ভাৰতে অব্যাহত ৰখা যাত্ৰাত আজিৰ দিনটো এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে আৰু নতুন ‘তুতিকোৰিন আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ টাৰ্মিনেল’ক তেওঁ 'ভাৰতৰ সামুদ্ৰিক আন্তঃগাঁথনিৰ নতুন তাৰকা' বুলি অভিহিত কৰে। ‘ভি অ’ চিদাম্বৰনাৰ বন্দৰ’ৰ সামৰ্থ্য সম্প্ৰসাৰণত ইয়াৰ ভূমিকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "১৪ মিটাৰতকৈ অধিক গভীৰ ভাৰবাহী(ডীপ ড্ৰাফ্ট) আৰু ৩০০ মিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ঘাট(বাৰ্থ)ৰ সৈতে এই টাৰ্মিনেল-য়ে ‘ভিঅ’চি বন্দৰ’ৰ সামৰ্থ্য বৃদ্ধিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব"। তেওঁ আৰু কয় যে নতুন টাৰ্মিনেল-য়ে বন্দৰত লজিষ্টিক ব্যয় হ্ৰাস কৰিব আৰু ভাৰতৰ বাবে বৈদেশিক মুদ্ৰা ৰাহি কৰিব বুলি আশা কৰা হৈছে। তেওঁ তামিলনাডুৰ লোকসকলক অভিনন্দন জনায় আৰু দুবছৰ পূৰ্বে তেওঁৰ ভ্ৰমণকালত আৰম্ভ কৰা ‘ভিঅ’চি বন্দৰ’ সম্পৰ্কীয় কেইবাটাও প্ৰকল্পৰ কথা স্মৰণ কৰে। তেওঁ প্ৰকল্পটোৰ কাম দ্ৰুতগতিত সম্পূৰ্ণ হোৱাত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ গুৰুত্বসহকাৰে মন্তব্য কৰে যে ৪০% মহিলা কৰ্মচাৰী থকা টাৰ্মিনেলটোৰ অন্যতম গুৰুত্বপূৰ্ণ সাফল্য হৈছে লিংগ বৈচিত্ৰ্যৰ প্ৰতি থকা ইয়াৰ প্ৰতিশ্ৰুতিবদ্ধতা আৰু এয়া হৈছে সামুদ্ৰিক খণ্ডত মহিলা নেতৃত্বাধীন উন্নয়নৰ প্ৰতীক।

 

ভাৰতৰ অৰ্থনৈতিক বিকাশত তামিলনাডুৰ উপকূলীয় অঞ্চলে যি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে সেয়া স্বীকাৰ কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে "তিনিটা মুখ্য বন্দৰ আৰু সোতৰটা অ-মুখ্য বন্দৰৰ সৈতে তামিলনাডু সামুদ্ৰিক বাণিজ্যৰ এক মুখ্য কেন্দ্ৰ হৈ উঠিছে"। তেওঁ লগতে কয় যে বন্দৰ-নেতৃত্বাধীন উন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰাৰ বাবে ভাৰতে ‘আউটাৰ হাৰ্বাৰ কণ্টেইনাৰ টাৰ্মিনেল’ৰ বিকাশত ৭,০০০ কোটি টকাৰো অধিক পুঁজি বিনিয়োগ কৰিছে আৰু ভিঅচি বন্দৰৰ সামৰ্থ্য বৃদ্ধি হৈ আছে। "ভিঅ’চি বন্দৰে ভাৰতৰ সামুদ্ৰিক উন্নয়নৰ ক্ষেত্ৰত এক নতুন অধ্যায় লিখিবলৈ সাজু হৈছে", শ্ৰী মোদীয়ে দৃঢ়তাৰে মন্তব্য কৰে।

 

আন্তঃগাঁথনি উন্নয়নৰ বাহিৰলৈকো বিস্তৃত ভাৰতৰ ‘বিস্তৃত সামুদ্ৰিক অভিযান’ৰ বিষয়েও মন্তব্য কৰে শ্ৰী মোদীয়ে। "ভাৰতে বিশ্বক বহনক্ষম আৰু ভৱিষ্যদৰ্শী চিন্তাসূচক উন্নয়ণৰ পথ দেখুৱাইছে," তেওঁ কয় যে ‘ভিঅ’চি বন্দৰ’ক সেউজীয়া হাইড্ৰজেন কেন্দ্ৰ আৰু সামুদ্ৰিক বায়ু শক্তিৰ বাবে এক ‘নোডেল বন্দৰ’ হিচাপে স্বীকৃতি দিয়া হৈছে। এই পদক্ষেপসমূহে জলবায়ু পৰিৱৰ্তনৰ বিশ্বজোৰা প্ৰত্যাহ্বানৰে মোকাবিলা কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

 

"উদ্ভাৱন আৰু সহযোগিতা হৈছে ইয়াৰ উন্নয়নীযাত্ৰাত ভাৰতৰ সৰ্ববৃহৎ শক্তি", প্ৰধানমন্ত্ৰীয়ে টাৰ্মিনেলটোৰ উদ্বোধন সামূহিক শক্তিৰ প্ৰমাণ বুলি উল্লেখ কৰি এই মন্তব্য কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰত এতিয়া পথ, ঘাইপথ, জলপথ আৰু বায়ুপথৰ এক বিশাল নেটৱৰ্কৰ সৈতে ভালদৰে সম্পৰ্কিত হৈ আছে আৰু বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত দেশৰ স্থিতি শক্তিশালী কৰিছে। "বিশ্বজোৰা যোগান শৃংখলাত ভাৰত এক মুখ্য অংশীদাৰ হৈ উঠিছে আৰু এই বৰ্ধিত সামৰ্থ্য হৈছে আমাৰ অৰ্থনৈতিক বিকাশৰ ভেটি", প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে এই গতিৰ ফলত ভাৰত শীঘ্ৰেই বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হ'ব আৰু তামিলনাডুয়ে এই বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে বুলি বিশ্বাস ব্যক্ত কৰি ভাষণৰ সামৰণি মাৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Can we have a picture? BRICS delegates gather around PM Modi for candid photo op

Media Coverage

Can we have a picture? BRICS delegates gather around PM Modi for candid photo op
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 ছেপ্টেম্বৰ 2026
September 12, 2026

President Putin, Partners, and a Photograph: How PM Modi Turned BRICS Into India’s Showcase

16 Crore Domestic Flyers. ₹22 Lakh Crore Tourism. The Holiday Stayed Home.