মহামহিম,

নমস্কাৰ!

আৰম্ভণিতে মই ৰাষ্ট্ৰপতি লুলাক জি-২০ সন্মিলন আয়োজনৰ বাবে আৰু জি-২০ৰ সফল অধ্যক্ষতাৰ বাবে অভিনন্দন জনাইছোঁ।

নতুন দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনত গ্ৰহণ কৰা জনকেন্দ্ৰিক সিদ্ধান্তসমূহ ব্ৰাজিলৰ অধ্যক্ষতাৰ সময়ছোৱাত আগবঢ়াই নিয়া হৈছে।

আমি এছডিজিৰ লক্ষ্যক অগ্ৰাধিকাৰ প্ৰদান কাৰ্য্য অতিশয় সন্তোষৰ কথা।

আমি সৰ্বাংগীন উন্নয়ন, মহিলা নেতৃত্বাধীন উন্নয়ন আৰু যুৱ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ।

আৰু গ্ল’বেল চাউথৰ আশা আৰু আকাংক্ষাৰাজিলৈ সমৰ্থন জনাইছোঁ।

এটা কথা স্পষ্ট যে এক বিশ্ব, এক পৰিয়াল, এক ভৱিষ্যতৰ মনোভাৱ এই সন্মিলনতো যোৱা বছৰৰ দৰেই প্ৰাসংগিক হৈ আছে।

বন্ধুসকল,

প্ৰথম অধিবেশনৰ বিষয়বস্তুৰ প্ৰতি সন্মান জনাই মই আপোনালোকক ভাৰতৰ অভিজ্ঞতা আৰু সফলতাৰ কাহিনী ব্যক্ত কৰিব বিচাৰিছোঁ।

যোৱা ১০ বছৰত আমি ২৫০ নিযুত লোকক দৰিদ্ৰতাৰ গ্ৰাসৰপৰা মুক্ত কৰিছোঁ।

৮০০ নিযুতৰো অধিক লোকক বিনামূলীয়াকৈ খাদ্য শস্য প্ৰদান কৰা হৈছে।

বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনিৰ জৰিয়তে ৫৫০ নিযুত লোক উপকৃত হৈছে।

এতিয়া ৭০ বছৰৰ উৰ্ধ ৬০ নিযুত জ্যেষ্ঠ নাগৰিকেও বিনামূলীয়া স্বাস্থ্য বীমাৰ সুবিধা লাভ কৰিব পাৰিব।

মহিলা নেতৃত্বাধীন উন্নয়ন আৰু সামাজিক অন্তৰ্ভুক্তিৰ ওপৰত আমাৰ মনোযোগ অক্ষুণ্ণ ৰাখি ৩০০ নিযুতৰো অধিক মহিলা ক্ষুদ্ৰ উদ্যোগীক বেংকৰ সৈতে সংযুক্ত কৰা হৈছে আৰু তেওঁলোকক ঋণৰ সুবিধা প্ৰদান কৰা হৈছে।

 

বিশ্বৰ সৰ্ববৃহৎ শস্য বীমা আঁচনিৰ অধীনত ৪০ নিযুতৰো অধিক কৃষকে ২০ বিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ লাভা-লাভ অৰ্জন কৰিছে।

কৃষক আঁচনিৰ অধীনত ১১০ নিযুত কৃষকক ৪০ বিলিয়ন ডলাৰৰো অধিক মূল্যৰ সাহায্য প্ৰদান কৰা হৈছে।

কৃষকসকলক ৩০০ বিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ প্ৰতিষ্ঠানিক ঋণ প্ৰদান কৰা হৈছে।

ভাৰতে কেৱল খাদ্য সুৰক্ষা নিশ্চিতকৰণেই নহয়, পুষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।

সক্ষম অংগনৱাড়ী আৰু পুষ্টি ২.০ অভিযান হৈছে এক সংহত পুষ্টি সহায়ক কাৰ্য্যসূচী। যিয়ে বিশেষকৈ গৰ্ভৱতী, নৱজাতক, ৬ বছৰৰ তলৰ শিশু আৰু কিশোৰী ছোৱালীৰ পুষ্টিত গুৰুত্ব আৰোপ কৰিছে।

মধ্যাহ্ন ভোজন আঁচনিৰ জৰিয়তে স্কুললৈ যোৱা শিশুসকলৰ পুষ্টিৰ প্ৰয়োজনীয়তাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে।

বিশ্বৰ খাদ্য সুৰক্ষাৰ ক্ষেত্ৰতো ভাৰতে অৰিহণা যোগাইছে।

আমি শেহতীয়াকৈ মালাউই, জাম্বিয়া আৰু জিম্বাবুৱেলৈ মানৱীয় সাহায্য আগবঢ়াইছোঁ।

বন্ধুসকল,

আমাৰ সফলতাৰ মূল চাবিকাঠি হৈছে আমাৰ দৃষ্টিভংগীঃ ‘বেক টু বেচিকছ’ আৰু ‘মাৰ্চ টু দ্য ফিউচাৰ’।

আমি কেৱল প্ৰাকৃতিক কৃষি আৰু জৈৱিক কৃষিয়েই নহয়, বৰঞ্চ নতুন প্ৰযুক্তিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছোঁ।

আমি শ্ৰী অন্ন বা বাজৰাক প্ৰোৎসাহনেৰে বহনক্ষম কৃষি, পৰিবেশ সুৰক্ষা, পুষ্টি আৰু খাদ্য সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ।

 

আমি ২০০০ৰো অধিক জলবায়ু স্থিতিস্থাপক শস্যৰ জাত বিকশিত কৰিছোঁ আৰু ‘ডিজিটেল কৃষি অভিযান’ৰ শুভাৰম্ভ কৰিছোঁ।

ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিয়ে সামাজিক আৰু বিত্তীয় অন্তৰ্ভুক্তি প্ৰশস্ত কৰিছে।

আকাংক্ষী জিলা আৰু ব্লক প্ৰকল্পৰ জৰিয়তে আমি সৰ্বাংগীন উন্নয়নৰ বাবে এক নতুন আৰ্হি যুগুত কৰিছোঁ, যিয়ে আটাইতকৈ দুৰ্বল সংযোগক সুদৃঢ় কৰে।

বন্ধুসকল,

আমি ব্ৰাজিলৰ "ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে বৈশ্বিক মিত্ৰতা”ৰ পদক্ষেপক সমৰ্থন কৰোঁ।

নতুন দিল্লী সন্মিলনত অভিযোজনা কৰা খাদ্য সুৰক্ষাৰ বাবে ডেকান উচ্চ পৰ্য্যায়ৰ নীতিসমূহ কাৰ্য্যকৰীকৰণৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

বন্ধুসকল,

 

শেষত ক’ব খুজিছোঁ যে বিশ্ব সংঘাতৰ বাবে খাদ্য, ইন্ধন আৰু সাৰৰ সংকটৰ ফলত গ্ল’বেল চাউথৰ দেশসমূহত আটাইতকৈ বিৰূপ প্ৰভাৱ পৰিছে।

গতিকে আমাৰ আলোচনাসমূহ তেতিয়াহে সফল হ’ব, যেতিয়া আমি গ্ল’বেল চাউথৰ প্ৰত্যাহ্বান আৰু অগ্ৰাধিকাৰসমূহৰ কথা মনত ৰাখিম।

আৰু যেনেকৈ আমি নতুন দিল্লী সন্মিলনৰ সময়ত আফ্ৰিকান ইউনিয়নক জি-২০ৰ স্থায়ী সদস্যপদ প্ৰদানেৰে গ্ল’বেল চাউথৰ কণ্ঠৰ বৰ্ধন ঘটাইছিলোঁ, তেনেকৈয়ে আমি গ্ল’বেল শাসনৰ প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ সাধন কৰিম।

মোৰ বিশ্বাস যে পৰৱৰ্তী অধিবেশনৰ সময়ত এই বিষয়ত অধিক বিশদ, ইতিবাচক আলোচনা হ’ব।

আপোনাসৱক অশেষ ধন্যবাদ জনালোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PUSA's IARI enters QS university ranking in agriculture, forestry category

Media Coverage

PUSA's IARI enters QS university ranking in agriculture, forestry category
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 মাৰ্চ 2026
March 26, 2026

India’s Economy, Innovative Spirit and Global Standing Continue to Thrive with the Modi Government