মাননীয় মহামহিম,

সংবাদ মাধ্যমৰ সতীৰ্থবৃন্দ!
নমস্কাৰ!

প্ৰথমতে, এই ব্ৰিকছ সন্মিলনৰ সফল আয়োজনৰ বাবে মই ৰাষ্ট্ৰপতি, মোৰ বন্ধু ৰামাফোচাজীক অভিনন্দন জনাইছো।

মই সুখী যে এই তিনিদিনীয়া বৈঠকৰ পৰা বহুতো ইতিবাচক ফলাফল ওলাই আহিছে।

ব্ৰিকছৰ ১৫ তম বাৰ্ষিকীত আমি ইয়াক সম্প্ৰসাৰিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছো।

মই কালি কোৱাৰ দৰে, ভাৰতে সদায় ব্ৰিকছৰ সদস্যপদ সম্প্ৰসাৰণত সম্পূৰ্ণ সমৰ্থন জনাই আহিছে আৰু আগলৈকো অব্যাহত ৰাখিব।

ভাৰতে মত পোষণ কৰি আহিছে যে নতুন সদস্য যোগ দিয়াৰ ফলত ব্ৰিকছক এক সংগঠন হিচাপে অধিক শক্তিশালী কৰা হ'ব আৰু আমাৰ সকলো অংশীদাৰী প্ৰচেষ্টাক এক নতুন গতি প্ৰদান কৰিব।

এই পদক্ষেপে বহুমেৰু বিশ্ব শৃংখলাত পৃথিৱীৰ বহুতো দেশৰ বিশ্বাস কঢ়িয়াই নিব।

মই সুখী যে আমাৰ দলবোৰে সম্প্ৰসাৰণৰ নিৰ্দেশক নীতি, মানদণ্ড, চৰ্ত আৰু প্ৰক্ৰিয়াৰ ওপৰত সন্মত হৈছে।

আৰু ইয়াৰ আধাৰত আজি আমি আৰ্জেণ্টিনা, ইজিপ্ত, ইৰাণ, চৌদি আৰৱ, ইথিওপিয়া আৰু ইউএইক ব্ৰিকছলৈ স্বাগতম জনাবলৈ সন্মত হৈছো।

প্ৰথমে, মই এই দেশসমূহৰ নেতা আৰু জনসাধাৰণক অভিনন্দন জনাইছো।

মই নিশ্চিত যে এই দেশসমূহৰ সৈতে একেলগে আমি আমাৰ সহযোগিতাক এক নতুন গতি, এক নতুন শক্তি প্ৰদান কৰিম।

এই সকলো দেশৰ সৈতে ভাৰতৰ যথেষ্ট গভীৰ সম্পৰ্ক আছে, অতি ঐতিহাসিক সম্পৰ্ক।

ব্ৰিকছৰ সহায়ত আমাৰ দ্বিপাক্ষিক সহযোগিতাত নতুন দিশও যোগ কৰা হ'ব।

ভাৰতে আন দেশসমূহৰ বাবে সহমত গঢ়ি তোলাত অৰিহণা যোগাব যিসকলে অংশীদাৰ দেশ হিচাপে ব্ৰিকছত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

বন্ধুসকল,

ব্ৰিকছৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণ হৈছে এক বাৰ্তা যে বিশ্বৰ সকলো প্ৰতিষ্ঠানে পৰিৱৰ্তনশীল পৰিস্থিতিৰ সৈতে খাপ খোৱা উচিত।

এইটো এটা পদক্ষেপ যি বিংশ শতিকাত স্থাপিত অন্যান্য গোলকীয় প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ বাবে এক নজিৰ স্থাপন কৰিব পাৰে।

বন্ধুসকল,

এইমাত্ৰ, মোৰ বন্ধু ৰামাফোচাজীয়ে ভাৰতৰ চন্দ্ৰ অভিযানৰ বাবে অভিনন্দন জনাইছে, আৰু মই কালিৰ পৰা ইয়াত ইয়াৰ অভিজ্ঞতা লাভ কৰি আহিছো। সকলোৱে ভাল ফলাফল লাভ কৰিছে।

আৰু সমগ্ৰ বিশ্বতে, এই সফলতাক এখন দেশৰ সীমিত সফলতা হিচাপে নহয়, সমগ্ৰ মানৱ জাতিৰ এক গুৰুত্বপূৰ্ণ সফলতা হিচাপে গ্ৰহণ কৰা হৈছে।

এয়া আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়। আৰু সমগ্ৰ বিশ্বৰ হৈ ভাৰতৰ বিজ্ঞানীসকলক অভিনন্দন জনোৱা হৈছে।

বন্ধুসকল,

যোৱা সন্ধিয়া, ভাৰতৰ চন্দ্ৰযানে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰিছে।

এইটো কেৱল ভাৰতৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বৈজ্ঞানিক সমাজৰ বাবেই এক বৃহৎ সাফল্য।

আৰু যি ক্ষেত্ৰত ভাৰতে লক্ষ্য নিৰ্ধাৰণ কৰিছিল, সেই ক্ষেত্ৰত আগতে কেতিয়াও কোনো প্ৰচেষ্টা কৰা হোৱা নাই। আৰু এই প্ৰচেষ্টা সফল হৈছে। গতিকে এনেদৰেই যথেষ্ট এক জটিল পৃষ্ঠত বিজ্ঞানে আমাক সফলকাম কৰি তুলিছে।

এয়েই বিজ্ঞান, এয়া বিজ্ঞানীসকলৰ এক বৃহৎ সফলতা।

এই ঐতিহাসিক অনুষ্ঠানত আপোনালোক সকলোৰে হৈ, মই, ভাৰত, ভাৰতৰ বিজ্ঞানী আৰু বিশ্বৰ বৈজ্ঞানিক সম্প্ৰদায়ৰ হৈ, মই আপোনালোক সকলোকে ৰাজহুৱাভাৱে ধন্যবাদ জনাইছো, মোৰ হৈ, মোৰ দেশবাসীৰ হৈ আৰু মোৰ বিজ্ঞানীসকলৰ হৈ।

ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total

Media Coverage

Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 আগষ্ট 2026
August 28, 2026

India’s Growth Story, Grounded: Inclusion, Exports, and Infrastructure Under One Vision of PM Modi