মান্যবৰ,

দুয়োখন দেশৰ প্ৰতিনিধিবৰ্গ,

সংবাদ মাধ্যমৰ বন্ধুসকল,

ভাৰত-ছৌদি আৰব কৌশলগত অংশীদাৰিত্ব পৰিষদৰ প্ৰথমখন নেতা বৈঠকত আজি অংশগ্ৰহণ কৰি মই অতি আনন্দিত হৈছো৷

২০১৯ চনত ছৌদি আৰব ভ্ৰমণৰ সময়ত আমি এই পৰিষদৰ কথা ঘোষণা কৰিছিলোঁ।

এই চাৰি বছৰত ই আমাৰ কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ এক ফলপ্ৰসূ উপায় হিচাপে আত্মপ্ৰকাশ কৰিছে।

এই পৰিষদৰ অধীনত দুয়োখন সমিতিৰ বহু বৈঠক অনুষ্ঠিত হোৱাত মই সুখী, যাৰ বাবে প্ৰতিটো ক্ষেত্ৰতে আমাৰ পাৰস্পৰিক সহযোগিতা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।

পৰিৱৰ্তিত সময়ৰ প্ৰয়োজন অনুসৰি আমি আমাৰ সম্পৰ্কত নতুন আৰু আধুনিক মাত্ৰা সংযোজন কৰিছো।

ভাৰতৰ বাবে ছৌদি আৰব আমাৰ অন্যতম গুৰুত্বপূৰ্ণ কৌশলগত অংশীদাৰ।

বিশ্বৰ দুখন বৃহত্তম আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি হিচাপে সমগ্ৰ অঞ্চলটোৰ শান্তি আৰু সুস্থিৰতাৰ বাবে আমাৰ পাৰস্পৰিক সহযোগিতা অতি প্ৰয়োজনীয়।

মহামহিমৰ সৈতে হোৱা বৈঠকত আমি আমাৰ ঘনিষ্ঠ অংশীদাৰিত্বক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাৰ বাবে কেইবাটাও পদক্ষেপ চিনাক্ত কৰিলোঁ।

আজি আমাৰ বৈঠকে আমাৰ সম্পৰ্কক এক নতুন শক্তি, নতুন দিশ প্ৰদান কৰিব আৰু মানৱতাৰ উন্নতিৰ বাবে একেলগে কাম কৰি যাবলৈ আমাক অনুপ্ৰাণিত কৰিব।

কালি আমি একেলগে ভাৰত, পশ্চিম এছিয়া আৰু ইউৰোপৰ মাজত এক অৰ্থনৈতিক কৰিড’ৰ স্থাপনৰ  ঐতিহাসিক আৰম্ভণি কৰিলোঁ৷

এই কৰিড’ৰে কেৱল দুখন দেশক সংযোগ কৰাই নহয়, বৰঞ্চ এছিয়া, পশ্চিম এছিয়া আৰু ইউৰোপৰ মাজত অৰ্থনৈতিক সহযোগিতা, শক্তি বিকাশ আৰু ডিজিটেল সংযোগ শক্তিশালী কৰিব।

মান্যবৰ, আপোনাৰ নেতৃত্বত আৰু আপোনাৰ ভিজন ২০৩০ৰ জৰিয়তে ছৌদি আৰবে যি দ্ৰুত অৰ্থনৈতিক আৰু সামাজিক অগ্ৰগতি লাভ কৰিছে তাৰ বাবে মই আপোনাক আন্তৰিক অভিনন্দন জনাইছো।

ছৌদি আৰৱত বসবাস কৰা ভাৰতীয়সকলৰ স্বাৰ্থ আৰু কল্যাণৰ বাবে আপোনালোকৰ দায়বদ্ধতাৰ বাবে আমি আপোনালোকৰ ওচৰত অতিশয় কৃতজ্ঞ।

আঞ্চলিক আৰু বৈশ্বিক সুস্থিৰতা, সমৃদ্ধি আৰু মানৱ কল্যানৰ বাবে ভাৰত আৰু ছৌদি আৰৱৰ বন্ধুত্ব গুৰুত্বপূৰ্ণ।

জি-২০ শীৰ্ষ সন্মিলনৰ সফলতাত আপোনালোকৰ অৱদানৰ বাবে মই পুনৰবাৰ মহামহিম আৰু আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছো।

মই এতিয়া আপোনাক উদ্বোধনী ভাষণ দিবলৈ আমন্ত্ৰণ জনাইছো। 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
On Puri’s Grand Road, a devotee’s submission

Media Coverage

On Puri’s Grand Road, a devotee’s submission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 জুলাই 2026
July 16, 2026

Atmanirbhar to Inclusive: PM Modi’s Blueprint for a Self-Reliant, Empowered & Culturally Rooted Bharat