“আম্মাৰ সান্নিধ্য আৰু তেওঁৰ আশীৰ্বাদ শব্দৰে বৰ্ণনা কৰাটো কঠিন, সেয়া কেৱল অনুভৱ কৰিব পাৰো”
“প্ৰেম, মমতা, সেৱা আৰু ত্যাগৰ মূৰ্তি হৈছে আম্মা। তেওঁ ভাৰতৰ আধ্যাত্মিক পৰম্পৰাৰ বাহক”
“স্বাস্থ্যৰ ক্ষেত্ৰতেই হওক বা শিক্ষাৰ ক্ষেত্ৰতেই হওক, আম্মাৰ পৰামৰ্শত প্ৰতিটো প্ৰতিষ্ঠানে মানৱ সেৱা আৰু সমাজ কল্যাণক নতুন উচ্চতা প্ৰদান কৰিছিল”
“সমগ্ৰ বিশ্বতে আম্মাৰ অনুগামী আছে আৰু তেওঁ ভাৰতৰ ভাবমূর্তি আৰু ইয়াৰ বিশ্বাসযোগ্যতা সদায় শক্তিশালী কৰি আহিছে৷”
“ভাৰতৰ উন্নয়নৰ মানৱকেন্দ্ৰিক দৃষ্টিভংগীৰ আম্মা হৈছে প্ৰতিফলন যি আজি মহামাৰীৰ পিছৰ পৰ্যায়ত গ্ৰহণ কৰা হৈছে”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আম্মা, মাতা অমৃতানন্দময়ী জীৰ ৭০ সংখ্য়ক জন্মদিন উপলক্ষে আজি ভিদিঅ’ বাৰ্তা যোগে সম্বোধন কৰে।

প্ৰধানমন্ত্ৰীয়ে মাতা অমৃতানন্দময়ী জীক তেওঁৰ ৭০ সংখ্যক জন্মদিনত দীৰ্ঘ আৰু সুস্থ জীৱনৰ শুভেচ্ছা জনাই ভাষণ আৰম্ভ কৰি কয় যে তেওঁ সেৱা আৰু আধ্যাত্মিকতাৰ প্ৰতীক। তেওঁ আশা প্ৰকাশ কৰে যে বিশ্বজুৰি প্ৰেম আৰু মমতা বিয়পোৱাৰ বাবে তেওঁৰ মিছন আগবাঢ়ি যাব। প্ৰধানমন্ত্ৰী মোদীয়ে আম্মাৰ অনুগামীকে ধৰি বিভিন্ন শ্ৰেণীৰ পৰা সমবেত হোৱা সকলোকে অভিনন্দন জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে।

৩০ বছৰতকৈও অধিক সময় আম্মাৰ সৈতে থকা সম্পৰ্ক সন্দৰ্ভত স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কচ্চৰ ভূমিকম্পৰ পিচত দীৰ্ঘদিন ধৰি আম্মাৰ সৈতে কাম কৰাৰ কথা উল্লেখ কৰে। তেওঁ আম্মাৰ ৬০ সংখ্য়ক জন্মদিন অমৃতাপুৰীত উদযাপন কৰাৰ কথা মনত পেলায়। শ্ৰী মোদীয়ে কয়,“আজিও আম্মাৰ হাঁহিমুখীয়া মুখ আৰু মৰমলগা স্বভাৱ আগৰ দৰেই আছে”। বিগত ১০ বছৰত আম্মাৰ কাম আৰু বিশ্বত তেওঁৰ প্ৰভাৱ বহুগুণে বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আম্মাৰ উপস্থিতিত হাৰিয়ানাৰ ফৰিদাবাদত অমৃতা চিকিৎসালয় উদ্বোধন কৰাৰ কথা সোঁৱৰণ কৰে। তেওঁ কয়, “আম্মাৰ উপস্থিতিৰ আভা আৰু তেওঁৰ আশীৰ্বাদ শব্দৰে বৰ্ণনা কৰাটো কঠিন, সেয়া কেৱল আমি অনুভৱহে কৰিব পাৰো”। তেওঁ লগতে কয় যে আম্মা হৈছে প্ৰেম, কৰুণা, সেৱা আৰু ত্যাগৰ মূৰ্তি আৰু তেওঁ ভাৰতৰ আধ্যাত্মিক পৰম্পৰাৰ বাহক।

“স্বাস্থ্যৰ ক্ষেত্ৰতেইই হওক বা শিক্ষাৰ ক্ষেত্ৰতেই হওক, আম্মাৰ পৰামৰ্শত প্ৰতিখন প্ৰতিষ্ঠানে মানৱ সেৱা আৰু সমাজ কল্যাণক নতুন শিখৰ প্ৰদান কৰিলে”, দেশ-বিদেশত প্ৰতিষ্ঠান সৃষ্টি আৰু প্ৰচাৰৰ ক্ষেত্ৰত আম্মাৰ কামবোৰৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে। তেওঁ কয় যে দেশত আৰম্ভ হোৱা স্বচ্ছতা অভিযানক সফল কৰিবলৈ আগবাঢ়ি অহা প্ৰথম ব্যক্তিসকলৰ ভিতৰত আম্মাও অন্যতম। প্ৰধানমন্ত্ৰী মোদীয়ে জনায় যে তেওঁ গংগাৰ পাৰত শৌচাগাৰ নিৰ্মাণৰ বাবেও ১০০ কোটি টকা অনুদান আগবঢ়াইছিল যিয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতাক এক নতুন উত্থান দিছিল। ‘আম্মাৰ সমগ্ৰ বিশ্বতে অনুগামী আছে আৰু তেওঁ সদায় ভাৰতৰ ভাবমূৰ্তি আৰু ইয়াৰ বিশ্বাসযোগ্যতাক শক্তিশালী কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যেতিয়া প্ৰেৰণা বহল পৰিসৰত হয়, তেতিয়া প্ৰচেষ্টাও বিশাল হৈ পৰে”।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰি কয় যে আম্মাৰ দৰে ব্যক্তিত্ব ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত মানৱকেন্দ্ৰিক দৃষ্টিভংগীৰ প্ৰতিফলন যি আজি মহামাৰীৰ পিচৰ জগতখনত গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে আম্মাই সদায় প্ৰতিবন্ধীসকলক সবলীকৰণ আৰু বঞ্চিতসকলক অগ্ৰাধিকাৰ দিয়াৰ মানৱীয় ত্যাগ কৰি আহিছে। মাত্ৰ কেইদিনমান পূৰ্বে সংসদত নাৰীশক্তি বন্দন অধিনিয়ম গৃহীত হোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মহিলা নেতৃত্বাধীন উন্নয়নৰ সংকল্পৰে আগবাঢ়ি যোৱা দেশত আম্মাৰ দৰে প্ৰেৰণাদায়ক ব্যক্তিত্ব আছে। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে বিশ্বাস প্ৰকাশ কৰি কয় যে আম্মাৰ অনুগামীসকলেও বিশ্বৰ শান্তি আৰু প্ৰগতিৰ প্ৰসাৰৰ বাবে একেধৰণৰ কাম কৰি যাব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's banking sector resilient; 11-13% credit growth for January-June likely: Survey

Media Coverage

India's banking sector resilient; 11-13% credit growth for January-June likely: Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Jagadguru Basaveshwara on Basava Jayanthi
April 20, 2026

The Prime Minister, Shri Narendra Modi, paid homage to Jagadguru Basaveshwara on the occasion of Basava Jayanthi.

Shri Modi said that on the special occasion of Basava Jayanthi, he is paying homage to Jagadguru Basaveshwara and his enduring teachings. He noted that Basaveshwara’s vision of a just society, along with his unwavering efforts to empower the people, will always motivate us.

The Prime Minister posted on X;

“On the special occasion of Basava Jayanthi, paying homage to Jagadguru Basaveshwara and his enduring teachings. His vision of a just society, along with his unwavering efforts to empower the people, will always motivate us.”