প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১ ডিচেম্বৰত ডুবাইত অনুষ্ঠিত ‘চিঅ'পি ২৮’ সন্মিলনৰ সময়ত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান(ইউএনএছজি) মহামহিম শ্ৰীযুত এণ্টনিঅ গুটেৰেছক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ‘জি-২০ৰ সভাপতিত্ব’ৰ সময়ত তেওঁৰ সমৰ্থনৰ বাবে ‘ইউএনএছজি’-ক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ জলবায়ু লক্ষ্য প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত ভাৰতৰ পদক্ষেপ আৰু অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে।

দুয়োগৰাকী নেতাই জলবায়ু কাৰ্য, জলবায়ু বিত্ত, প্ৰযুক্তি আৰু ৰাষ্ট্ৰসংঘকে ধৰি বহুপাক্ষিক শাসন আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ সৈতে সম্পৰ্কিত গোলকীয় দক্ষিণৰ অগ্ৰাধিকাৰ আৰু উদ্বেগ সন্দৰ্ভত মত বিনিময় কৰে।

ৰাষ্ট্ৰসংঘৰ সচিবে প্ৰধানগৰাকীয়ে ‘জি-২০ সভাপতিত্ব’ৰ অধীনত বহনক্ষম উন্নয়ন, জলবায়ু পদক্ষেপ, ‘এমডিবি সংস্কাৰ’ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভাৰতৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। তেওঁ প্ৰধানমন্ত্ৰীৰ ‘গ্ৰীণ ক্ৰেডিট ইনিচিয়েটিভ’ক আদৰণি জনায়। তেওঁ ভাৰতৰ সভাপতিত্বৰ সাফল্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আৰু ২০২৪ চনৰ ভৱিষ্যতৰ ৰাষ্ট্ৰসংঘৰ সন্মিলনত সেইসমূহক আগুৱাই নিয়াৰ বাবে ভাৰতৰ সৈতে কাম কৰাৰ কথা নিশ্চিত কৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year

Media Coverage

One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 জুলাই 2026
July 17, 2026

Green Trains, Private Rockets & Global Partnerships — PM Modi’s New India is Playing to Win