প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ১৪ জুনত ইটালীত অনুষ্ঠিত ‘জি-৭ সন্মিলন’ৰ আহৰি পৰত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী ভলোডিমিৰ জেলেনস্কিৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়। তৃতীয়টো কাৰ্যকালৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাত ৰাষ্ট্ৰপতি জেলেনস্কিয়ে জনোৱা উষ্ম শুভকামনাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওক ধন্যবাদ জনায়।

দুয়োগৰাকী নেতাৰ মাজত এক ফলপ্ৰসূ বৈঠক অনুষ্ঠিত হয়, য'ত তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ উপায় সন্দৰ্ভত আলোচনা কৰে। তেওঁলোকে ইউক্ৰেইনৰ পৰিস্থিতি আৰু চুইজাৰলেণ্ডে আয়োজন কৰা শান্তি সম্পৰ্কীয় আগন্তুক সন্মিলনৰ বিষয়েও মত বিনিময় কৰে।

 প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে আলোচনা আৰু কূটনীতিৰ জৰিয়তে সংঘৰ্ষৰ শান্তিপূৰ্ণ সমাধানত উদগনি দিয়াৰ নীতি অব্যাহত ৰাখিছে আৰু তেওঁ পুনৰ কয় যে ভাৰতে শান্তিপূৰ্ণ সমাধানক সমৰ্থন কৰাৰ বাবে সামৰ্থ্যৰ ভিতৰত সকলোখিনিয়ে কৰি যাব।

 দুয়োগৰাকী নেতাই যোগাযোগত থাকিবলৈও সন্মতি প্ৰকাশ কৰে।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Embassy provided great assistance to get us out: Indian fishermen after returning to the country from Iran

Media Coverage

Indian Embassy provided great assistance to get us out: Indian fishermen after returning to the country from Iran
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 এপ্ৰিল 2026
April 12, 2026

Trust, Technology & Transformation: How India is Building a Viksit Bharat Under PM Modi