প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ ফেব্ৰুৱাৰী, ২০২৪ত ডুবাইত উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী তথা ডুবাইৰ শাসক মহামহিম শ্বেখ মহম্মদ বিন ৰছিদ আল মাকটুমক সাক্ষাৎ কৰে।

 

দুয়োগৰাকী নেতাই বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, মহাকাশ, শিক্ষা আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ বিস্তৃত ক্ষেত্ৰসমূহৰ ওপৰত আলোচনা কৰে। ভাৰত আৰু ইউএইৰ মাজত দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্কক লৈ তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰে আৰু বিশেষকৈ ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিয়ে গ্ৰহণ কৰা মূল ভূমিকাক স্বীকাৰ কৰে। তেওঁলোকে লগতে স্বাক্ষৰিত দ্বিপাক্ষিক বিনিয়োগ চুক্তিক আদৰণি জনায়।

 

প্ৰধানমন্ত্ৰীয়ে ডুবাইত বসবাস কৰা ভাৰতীয় জনগোষ্ঠীৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্বেখ মহম্মদ বিন ৰছিদ আল মাকটুমক কৃপা কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই ডুবাইৰ বাণিজ্য, সেৱা আৰু পৰ্যটনৰ বৈশ্বিক কেন্দ্ৰলৈ বিকশিত হোৱাত প্ৰৱাসী ভাৰতীয়সকলৰ অৱদানক স্বীকাৰ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী শ্বেখ মহম্মদ বিন ৰছিদক ডুবাইত এখন ইণ্ডিয়ান কমিউনিটি হস্পিতালৰ বাবে ভূমি প্ৰদানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে যিয়ে ভাৰতীয় ব্লু কলাৰ শ্ৰমিকসকলৰ বাবে সুলভ স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰী শ্বেইখ মহম্মদ বিন ৰছিদ আল মাকটুমক তেওঁৰ সুবিধা অনুসৰি অতি সোনকালে ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC

Media Coverage

PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 ছেপ্টেম্বৰ 2026
September 14, 2026

PM Modi Brought the Train to Aizawl and Bharat to the BRICS Table