প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জি-৭ সন্মিলনৰ সমান্তৰালভাৱে হিৰোছিমাত ২১ মে’, ২০২৩ত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি শ্ৰীযুত লুইজ ইনাচিঅ’ লুলা দা ছিলভাৰ সৈতে বৈঠকত মিলিত হয়৷

দুয়োগৰাকী নেতাৰ মাজত এইখন প্ৰথম বৈঠক৷ নেতা দুগৰাকীয়ে উল্লেখ কৰে যে এই বছৰটো দেশ দুখনৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি৷ তেওঁলোকে কৌশলগত অংশীদাৰিত্বৰ পৰ্যালোচনা কৰাৰ লগতে সেইবোৰ, বিশেষকৈ প্ৰতিৰক্ষা উৎপাদন, বাণিজ্য, ঔষধ-পাতি, কৃষি, দুগ্ধপাম আৰু পশু-পালন আৰু জৈৱ ইন্ধন তথা স্বচ্ছ শক্তি খণ্ডৰ অংশীদাৰিত্বক আৰু অধিক গভীৰ কৰি তোলাৰ উপায়সমূহো আলোচনা কৰে৷ দুয়োগৰাকী নেতাই দুয়োখন দেশৰ ব্যৱসায়িক মুৰব্বীসকলৰ মাজত এখন উচ্চ পৰ্যায়ৰ বৈঠক আয়োজন কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে৷

নেতা দুগৰাকীয়ে আঞ্চলিক উন্নয়নৰ দিশত মত বিনিময় কৰে৷ তেওঁলোকে বহুপাক্ষিক মঞ্চৰ সহযোগিতা অব্যাহত ৰখা আৰু বহুপাক্ষিক প্ৰতিষ্ঠানৰ দীৰ্ঘদিনীয়া সংস্কাৰৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে৷

প্ৰধানমন্ত্ৰীয়ে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত ৰাষ্ট্ৰপতি লুলাক ভাৰতলৈ আদৰণি জনোৱাৰ বাবে আগ্ৰহী বুলি উল্লেখ কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost

Media Coverage

'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 01 আগষ্ট 2026
August 01, 2026

Aatmanirbhar Bharat Delivers: Indigenous Power, Farmer Prosperity & Blue Economy