ভাৰত চৰকাৰে ১৮ বছৰ বয়সৰ উৰ্ধ সকলো ভাৰতীয় নাগৰিককে বিনামূলীয়াকৈ ভেকচিন আগবঢ়াব
ৰাজ্যসমূহৰ দায়িত্বত থকা ২৫ শতাংশ টিকাদানৰ দায়িত্ব এতিয়া ভাৰত চৰকাৰে গ্ৰহণ কৰিবঃ প্ৰধানমন্ত্ৰী
ভাৰত চৰকাৰে ভেকচিন প্ৰস্তুতকৰ্তাসকলৰ মুঠ উৎপাদনৰ ৭৫ শতাংশ ক্ৰয় কৰিব আৰু ৰাজ্যসমূহলৈ বিনামূলীয়াকৈ আগবঢ়াবঃ প্ৰধানমন্ত্ৰী
দীপাৱলীলৈকে প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা সম্প্ৰসাৰিত কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
নৱেম্বৰলৈকে, ৮০ কোটি লোকে প্ৰতি মাহে বিনামূলীয়াকৈ খাদ্য শস্য লাভ কৰি থাকিবঃ প্ৰধানমন্ত্ৰী
ক’ৰোনা হৈছে যোৱা এশ বছৰৰ চৰম দুৰ্যোগঃ প্ৰধানমন্ত্ৰী
আহি থকা দিনসমূহত ভেকচিনৰ যোগান বৃদ্ধি কৰা হ’বঃ প্ৰধানমন্ত্ৰী
নতুন ভেকচিনসমূহ প্ৰস্তুতৰ অগ্ৰগতি সন্দৰ্ভত জনালে প্ৰধানমন্ত্ৰীয়ে
শিশুৰ বাবে ভেকচিন আৰু নাছল ভেকচিনৰ পৰীক্ষণ চলি আছেঃ প্ৰধানমন্ত্ৰী
টিকাদান সন্দৰ্ভত সন্দেহ সৃষ্টিকাৰীসকলে জনসাধাৰণৰ জীৱনক লৈ খেলা কৰিছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰবাসীক সম্বোধন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে মহামাৰীটোত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। মহামাৰীটোক যোৱা এশটা বছৰৰ সৰ্ব-বৃহৎ দুৰ্যোগ আখ্যা দি, আধুনিক বিশ্বখনত নেদেখা তথা ইয়াৰ অভিজ্ঞতা লাভ নকৰা মহামাৰী হিচাপে উল্লেখ কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশখনে বহু দিশত মহামাৰীটোৰে যুঁজ দিছে। শ্ৰী মোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

বহু কেইখন ৰাজ্যই টিকাদান কৌশলৰ পুনৰ বিবেচনাৰ আহ্বানেৰে আগবাঢ়ি অহা আৰু ১ মে’ৰ পূৰ্বে থকা ব্যৱস্থালৈ উলটি যোৱাৰ দাবীৰ পৰিপ্ৰেক্ষিতত, প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে ৰাজ্যসমূহৰ দায়িত্বত থকা ২৫ শতাংশ টিকাদানৰ দায়িত্ব এতিয়া ভাৰত চৰকাৰে গ্ৰহণৰ সিদ্ধান্ত লৈছে। দুটা সপ্তাহত ইয়াক কাৰ্য্যকৰী কৰা যাব। এই দুই সপ্তাহত, কেন্দ্ৰ আৰু ৰাজ্যসমূহে নতুন নীতি-নিৰ্দেশনা অনুসৰি যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰি তুলিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি ঘোষণা কৰে যে ২১ জুনৰ পাছত, ভাৰত চৰকাৰে ১৮ বছৰ বয়সৰ উৰ্ধ সকলো ভাৰতীয় নাগৰিককে বিনামূলীয়াকৈ ভেকচিন আগবঢ়াব। ভাৰত চৰকাৰে ভেকচিন প্ৰস্তুতকৰ্তাসকলৰ মুঠ উৎপাদনৰ ৭৫ শতাংশ ক্ৰয় কৰিব আৰু ৰাজ্যসমূহলৈ বিনামূলীয়াকৈ আগবঢ়াব। ভেকচিনৰ অৰ্থে কোনো ৰাজ্য চৰকাৰে কোনো ব্যয় বহন কৰিব নালাগে। এতিয়ালৈকে, কোটি-কোটি লোকে বিনামূলীয়াকৈ ভেকচিন লাভ কৰিছে, এতিয়া ১৮ বছৰ পৰ্যায়টো ইয়াৰ সৈতে সংযোজিত কৰা হ’ব। ভাৰত চৰকাৰে সকলো লোকলৈ বিনামূলীয়াকৈ ভেকচিন আগবঢ়োৱাৰ কথা প্ৰধানমন্ত্ৰীগৰাকীয়ে দোহাৰে।

শ্ৰী মোদীয়ে অৱগত কৰে যে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহৰদ্বাৰা প্ৰত্যক্ষভাৱে ২৫ শতাংশ ভেকচিন ক্ৰয়ৰ ব্যৱস্থাটো অব্যাহত থাকিব। ইয়াত ৰাজ্য চৰকাৰসমূহে নিৰীক্ষণ কৰিব যে ভেকচিনৰ নিৰ্ধাৰিত মূল্যৰ ওপৰি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে আৰোপ কৰা মাথো ১৫০ টকা সেৱা মাচুলহে গ্ৰহণ কৰিছে।

আন এটি গুৰুত্বপূৰ্ণ ঘোষণা হিচাপে, প্ৰধানমন্ত্ৰীগৰাকীয়ে দীপাৱলীলৈকে প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্তৰ কথা অৱগত কৰে। ইয়াৰ অৰ্থ এয়ে যে নৱেম্বৰলৈকে ৮০ কোটি জনসাধাৰণে প্ৰতি মাহে বিনামূলীয়াকৈ নিৰ্ধাৰিত পৰিমাণৰ খাদ্য শস্য লাভ কৰি থাকিব। মহামাৰীটোৰ সময়ছোৱাত, চৰকাৰখনে দৰিদ্ৰ লোকসকলৰ সৈতে তেওঁলোকৰ বন্ধু হিচাপে সকলো প্ৰয়োজনত থিয় দি আছে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

দ্বিতীয়টো ঢৌ অৰ্থাৎ এপ্ৰিল আৰু মে’ মাহৰ সময়ছোৱাত মেডিকেল অক্সিজেনৰ অৰ্থে চাহিদা অপ্ৰত্যাশিতভাৱে বৃদ্ধি পোৱাৰ কথা ব্যক্ত কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰখনৰ সকলো চিষ্টেম মোতায়েন কৰি এই প্ৰত্যাহ্বানৰে মোকাবিলা কৰা হৈছিল। ভাৰতৰ ইতিহাসত, মেডিকেল অক্সিজেনৰ বাবে এনে ব্যাপক চাহিদাৰ কেতিয়াও সন্মুখীন হোৱা নহৈছিল, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বৈশ্বিকভাৱে, ভেকচিনৰ বাবে বৈশ্বিক দাবীৰ তুলনাত ভেকচিন প্ৰস্তুতকাৰী কোম্পানী আৰু ৰাষ্ট্ৰ বহুত কম। এনে প্ৰেক্ষাপটত, ভাৰতৰ বাবে মেড ইন ইণ্ডিয়া ভেকচিন আছিল গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অতীতত, বিদেশত প্ৰস্তুত হোৱা ভেকচিনৰ বাবে ভাৰতে কেইবা দশক ধৰি অপেক্ষা কৰিবলগীয়া হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতত পূৰ্বে এনে পৰিস্থিতিৰ উদ্ভৱ হৈছিল যে আন ৰাষ্ট্ৰসমূহে ভেকচিন ক্ৰিয়া সমাপনৰ পাছতো টিকাদান আৰম্ভ কৰিব নোৱাৰিছিল। শ্ৰী মোদীয়ে কয় যে মিছন ম’ডত কৰা কামৰ জৰিয়তে, আমি ৫-৬ বছৰত টিকাদান ক’ভাৰেজ ৬০ শতাংশৰপৰা ৯০ শতাংশলৈ বৃদ্ধি কৰিলো। আমি গতি বৃদ্ধি কৰাই নহয় বৰঞ্চ টিকাদানৰ সীমা সম্প্ৰসাৰিত কৰিছো, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে স্বচ্ছ অভিপ্ৰায়, নিকা নীতি আৰু নিৰবধি কঠোৰ শ্ৰমৰ জৰিয়তে ভাৰতে ক’ভিডৰ বাবে এটা নহয় দুটা মেড-ইন-ইণ্ডিয়া ভেকচিন আৰম্ভ কৰিছে। আমাৰ বিজ্ঞানীসকলে তেওঁলোকৰ সামৰ্থ্য প্ৰতিপন্ন কৰিছে। আজিলৈকে, দেশখনত ২৩ কোটিৰো অধিক পালি ভেকচিন প্ৰদান কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে ক’ভিড-১৯ ঘটনা মাথো কেইবা হাজাৰমান থাকোতেই ভেকচিন টাস্ক ফ’ৰ্চ গঠন কৰা হৈছিল আৰু পৰীক্ষণত ভাৰত চৰকাৰে ভেকচিন কোম্পানীসমূহক সকলো সম্ভাৱ্য ধৰণেৰেই সহায় আগবঢ়াইছিল আৰু গৱেষণা তথা উন্নয়নৰ অৰ্থে পুঁজি যোগান ধৰা গৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে ব্যাপক প্ৰচেষ্টা আৰু কঠোৰ শ্ৰমৰ পৰিপ্ৰেক্ষিতত, অহা দিনসমূহত ভেকচিনৰ যোগান বৃদ্ধি পাব। তেখেতে অৱগত কৰে যে আজি, সাতটা কোম্পানীয়ে ভিন্ন প্ৰকাৰৰ ভেকচিন উৎপাদন কৰি আছে। তিনিটা ভেকচিনৰ পৰীক্ষণ বহু আগবাঢ়ি আহিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি শিশুৰ বাবে আৰু ‘নাছল ভেকচিন’ বাবে পৰীক্ষণ চলাৰ কথাও ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰীয়ে টিকাদান অভিযানৰ ভিন্ন ত্ৰৈমাসিকৰপৰা ভিন্ন অভিমত সম্পৰ্কে কয়। ক’ৰোনা ঘটনা হ্ৰাস পাবলৈ আৰম্ভ হোৱাত, ৰাজ্যসমূহৰ অৰ্থে বিবেচনাৰ অভাৱৰ প্ৰসংগ উত্থাপিত হৈছিল আৰু একাংশ লোকে এনে প্ৰশ্নৰ অৱতাৰণা কৰিছিল যে কেন্দ্ৰীয় চৰকাৰখনেই কিয় সকলো সিদ্ধান্ত গ্ৰহণ কৰিব লাগে? লকডাউনৰ নমনীয়তা আৰু ওৱান-চাইজ-ডাজ-নট-ফিট-অল ধৰণৰ বিতৰ্কই মূৰ দাঙি উঠিছিল। শ্ৰী মোদীয়ে কয় যে ১৬ জানুৱাৰীত আৰম্ভ হৈ এপ্ৰিলৰ শেষলৈকে, কেন্দ্ৰীয় চৰকাৰৰ অধীনতেই ভাৰতৰ টিকাদান কাৰ্যক্ৰমৰ সিংহভাগ চালিত হৈছিল। সকলোৰে বাবে বিনামূলীয়া টিকাদানৰ প্ৰসংগক আগুৱাই অনা যায় আৰু টিকালাভৰ অৰ্থে জনসাধাৰণে তেওঁলোকৰ পাল পৰালৈ অপেক্ষাত নিয়মানুৱৰ্তিতা প্ৰদৰ্শন কৰিলে। টিকাদানৰ বিকেন্দ্ৰীকৰণৰ অৰ্থে উত্থাপিত এই সকলো দাবীৰ মাজতে, নিৰ্দিষ্ট বয়সৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ সন্দৰ্ভত সিদ্ধান্তৰ কথাও অৱতাৰণা হয়। বহু ধৰণৰ চাপৰ উদ্ভৱ হ’ল আৰু একাংশ মিডিয়াই ইয়াক অভিযান হিচাপে গ্ৰহণ কৰিলে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে টিকাদানৰ বিৰুদ্ধে উৰা বাতৰি বিয়পাই থকা লোকসকলৰ বিৰুদ্ধে সতৰ্ক কৰি দিয়ে। এনে লোকসকলে জনসাধাৰণৰ জীৱনৰে খেলা কৰি আছে আৰু তেওঁলোকৰ বিৰুদ্ধে সতৰ্ক হৈ থকাটো প্ৰয়োজনীয় বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s digital economy enters mature phase as video dominates: Nielsen

Media Coverage

India’s digital economy enters mature phase as video dominates: Nielsen
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves increase in the Judge strength of the Supreme Court of India by Four to 37 from 33
May 05, 2026

The Union Cabinet chaired by the Prime Minister Shri Narendra Modi today has approved the proposal for introducing The Supreme Court (Number of Judges) Amendment Bill, 2026 in Parliament to amend The Supreme Court (Number of Judges) Act, 1956 for increasing the number of Judges of the Supreme Court of India by 4 from the present 33 to 37 (excluding the Chief Justice of India).

Point-wise details:

Supreme Court (Number of Judges) Amendment Bill, 2026 provides for increasing the number of Judges of the Supreme Court by 04 i.e. from 33 to 37 (excluding the Chief Justice of India).

Major Impact:

The increase in the number of Judges will allow Supreme Court to function more efficiently and effectively ensuring speedy justice.

Expenditure:

The expenditure on salary of Judges and supporting staff and other facilities will be met from the Consolidated Fund of India.

Background:

Article 124 (1) in Constitution of India inter-alia provided “There shall be a Supreme Court of India consisting of a Chief Justice of India and, until Parliament by law prescribes a larger number, of not more than seven other Judges…”.

An act to increase the Judge strength of the Supreme Court of India was enacted in 1956 vide The Supreme Court (Number of Judges) Act 1956. Section 2 of the Act provided for the maximum number of Judges (excluding the Chief Justice of India) to be 10.

The Judge strength of the Supreme Court of India was increased to 13 by The Supreme Court (Number of Judges) Amendment Act, 1960, and to 17 by The Supreme Court (Number of Judges) Amendment Act, 1977. The working strength of the Supreme Court of India was, however, restricted to 15 Judges by the Cabinet, excluding the Chief Justice of India, till the end of 1979, when the restriction was withdrawn at the request of the Chief Justice of India.

The Supreme Court (Number of Judges) Amendment Act, 1986 further augmented the Judge strength of the Supreme Court of India, excluding the Chief Justice of India, from 17 to 25. Subsequently, The Supreme Court (Number of Judges) Amendment Act, 2008 further augmented the Judge strength of the Supreme Court of India from 25 to 30.

The Judge strength of the Supreme Court of India was last increased from 30 to 33 (excluding the Chief Justice of India) by further amending the original act vide The Supreme Court (Number of Judges) Amendment Act, 2019.