নমস্কাৰ,

মই সৰ্ব প্ৰথমে অধ্যাপক ক্লাছ শ্বাব আৰু বিশ্ব অৰ্থনৈতিক মঞ্চৰ সমূহ সদস্যক অভিনন্দন জনাইছো৷ বিশ্ব অৰ্থব্যৱস্থাৰ এই গুৰুত্বপূৰ্ণ মঞ্চক আপোনালোকে এই কঠিন সময়তো জীৱন্ত কৰি ৰাখিছে৷ এনে সময়ত যেতিয়া এই প্ৰশ্ন উত্থাপিত হয় যে বিশ্বৰ অৰ্থ ব্যৱস্থা কিদৰে আগবাঢ়িব, সেই সময়ত সকলোৰে চকু এই মঞ্চত নিৱদ্ধ হোৱাটো স্বাভাৱিক৷

বন্ধুসকল,

অনেক আশংকাৰ মাজতো আজি মই আপোনালোকৰ সন্মুখত ১.৩ বিলিয়নতকৈও অধিক ভাৰতীয়ৰ তৰফৰ পৰা বিশ্বৰ বাবে বিশ্বাস, ইতিবাচক আৰু আশাৰ এক বাৰ্তা লৈ আহিছো৷ যেতিয়া ক’ৰোনা আহিছিল তেতিয়া ভাৰততো সমস্য কম নাছিল৷ মোৰ মনত আছে যোৱা বছৰ ফেব্ৰুৱাৰী-মাৰ্চ-এপ্ৰিলত বিশ্বৰ বহু বিশেষজ্ঞ আৰু বৃহৎ বৃহৎ সংস্থাসমূহে কি কৈছিল৷ তেওঁলোকে ভৱিষ্যদ্বাণী কৰিচিল যে সমগ্ৰ বিশ্বৰ ভিতৰত ক’ৰোনাৰ দ্বাৰা ভাৰত সবাতোকৈ প্ৰভাৱিত হ’ব৷ কোৱা হৈছিল যে ভাৰতত ক’ৰোনাৰ চুনামি আহিব, কোনোবাই ৭০০-৮০০ মিলিয়ন ভাৰতীয় ক’ৰোনাক দ্বাৰা আক্ৰান্ত হোৱাৰ কথা কৈছিল, আন কোনোবাই ২ মিলিয়নতকৈও অধিক লোকৰ মৃত্যুৰ আশংকা প্ৰকাশ কৰিছিল৷

বিশ্বৰ বৃহৎ বৃহৎ আধুনিক স্বাস্থ্য আন্তঃগাঁথনিৰ দেশসমূহত সেই সময়ত যি অৱস্থাৰ সৃষ্টি হৈছিল তাকে দেখি ভাৰতৰ দৰে উন্নয়নশীল দেশৰ বাবে বিশ্বৰ চিন্তা স্বাভাৱিক আছিল৷ আপোনালোকে আন্দাজ লগাব পাৰে যে তেতিয়া আমাৰ আৱস্থা কি হৈছিল৷ কিন্তু ভাৰতে নিজেই নিৰাশা দূৰ কৰিলে৷ ভাৰত প্ৰ’-এক্টিভ, জন সহযোগিতাৰ বিচাৰৰ সৈতে অগ্ৰসৰ হ’ল৷

আমি ক’ভিডভিত্তিক স্বাস্থ্য আন্তঃগাঁথনি বিকশিত কৰাত গুৰুত্ব প্ৰদান কৰিলো৷ আমি আমাৰ মানৱ সম্পদক ক’ৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰশিক্ষণ প্ৰদান কৰিলো, পৰীক্ষণ আৰু অনুসৰণৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ কৰিলো৷

এই যুদ্ধত ভাৰতৰ প্ৰত্যেক ব্যক্তিয়ে ধৈৰ্যৰ সৈতে নিজৰ কৰ্তব্যসমূহ পালন কৰিলে, ক’ৰোনাৰ বিৰুদ্ধে হোৱা যুদ্ধক জন আন্দোলনলৈ পৰিৱৰ্তিত কৰিলে৷ আজি ভাৰত বিশ্বৰ সেই দেশসমূহৰ ভিতৰত অন্যতম যিয়ে নিজৰ সৰ্বাধিক সংখ্যক নাগৰিকৰ জীৱন ৰক্ষা কৰিবলৈ সমৰ্থ হৈছে৷ আজি ভাৰতত ক’ৰোনাৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা হ্ৰাস হৈছে৷

বন্ধুসকল,

ভাৰতৰ সফলতা আন দেশৰ সফলতাৰ সৈতে তুলনা কৰাটো ঠিক নহ’ব৷ যি দেশত বিশ্বৰ ১৮ শতাংশ জনবসতি আছে সেই দেশে ক’ৰোনাৰ ওপৰত আৱশ্যকীয় ধৰণে নিয়ন্ত্ৰণ কৰি সমগ্ৰ বিশ্বক, মানৱতাক ত্ৰাসৰ পৰা উদ্ধাৰ কৰিছে৷ ক’ৰোনা আৰম্ভ হোৱাৰ সময়ত মাস্ক, পিপিই কিট, টেষ্ট কিট আমদানি কৰা হৈছিল৷ আজি আমি কেৱল ঘৰুৱা চাহিদা পূৰণ কৰাই নহয় বৰঞ্চ অন্য দেশলৈও ইয়াক ৰপ্তানি কৰি নাগৰিকক সেৱা প্ৰদান কৰিছো৷ আৰু ভাৰতেই হ’ল একমাত্ৰ দেশ যিয়ে বিশ্বৰ সবাতোকৈ বৃহৎ ক’ৰোনা টীকাকৰণ কাৰ্যসূচী আৰম্ভ কৰিছে৷

প্ৰথম পৰ্যায়ত আমি আমাৰ ৩০ মিলিয়ন স্বাস্থ্য আৰু সন্মুখৰ শাৰীৰ কৰ্মীৰ টীকাকৰণ কৰিছো৷ ভাৰতৰ গতি আপোনালোকে অনুধাৱন কৰিব পাৰিছে যে কেৱল ১২ দিনতে ভাৰতে নিজৰ ২.৩ মিলিয়নতকৈও অধিক স্বাস্থ্য কৰ্মীৰ টীকাকৰণ কৰিছে৷ আগন্তুক কেইটামান মাহত আমি আমাৰ প্ৰায় ৩০০ মিলিয়ন বয়সস্থ আৰু ক’-মৰ্বিডিটী ৰোগীৰ টীকাকৰণৰ লক্ষ্য পূৰণ কৰিম৷

বন্ধুসকল,

সৰ্বে সন্তু নিৰাময়া- সমগ্ৰ সংসাৰ সুস্থ হৈ থাকক, ভাৰতৰ এই সহস্ৰবৰ্ষ পুৰণি প্ৰাৰ্থনাত অগ্ৰসৰ হৈ সংকটৰ সময়ছোৱাত ভাৰতে নিজৰ বৈশ্বিক দায়িত্ব পালন কৰিছে৷ যেতিয়া বিশ্বৰ অন্য দেশত এয়াৰস্পেচ বন্ধ হৈ আছিল তেতিয়া এক লক্ষাধিক নাগৰিকক তেওঁলোকৰ দেশলৈ প্ৰেৰণ কৰাৰ লগতে ভাৰতে ১৫০খনতকৈও অধিক দেশলৈ আৱশ্যকীয়া ঔষধো প্ৰেৰণ কৰিছিল৷ অনেক দেশৰ স্বাস্থ্য কৰ্মচাৰীক ভাৰতে অনলাইন প্ৰশিক্ষণ প্ৰদান কৰিছিল৷ ভাৰতৰ পৰম্পৰাগত চিকিৎসা- আয়ুৰ্বেদে কিদৰে ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধিত সহায়ক হ’ব পাৰে, সেয়া আমি বিশ্বক প্ৰদৰ্শিত কৰিছো৷

আজি ভাৰতে ক’ভিডৰ প্ৰতিষেধক বিশ্বৰ অন্য দেশলৈ প্ৰেৰণ কৰি তাত প্ৰতিষেধকৰ সৈতে জড়িত আন্তঃগাঁথনি প্ৰস্তুত কৰি আন দেশৰ নাগৰিকৰ জীৱন ৰক্ষা কৰিআছে আৰু এই কথা জানি ডব্লিউইএফ-ৰ সমূহ সদস্য আশ্বস্ত হ’ব যে এতিয়ালৈ কেৱল দুটা ভাৰতত প্ৰস্তুত ক’ৰোনা প্ৰতিষেধক বিশ্বত মুকলি কৰা হৈছে, আগন্তুক সময়ছোৱাত আৰু অধিক প্ৰতিষেধক ভাৰতত প্ৰস্তুত কৰা হ’ব৷ এই প্ৰতিষেধকে বিশ্বৰ বিভিন্ন দেশক অধিক ক্ষীপ্ৰতাৰে আগবঢ়াত সহায় কৰিব৷

ভাৰতৰ সফলতাৰ এই ছবি, ভাৰতৰ সামৰ্থৰ এই ছবি লগতে বিশ্বৰ অৰ্থ জগতক মই আশ্বস্ত কৰিব বিচাৰিছো যে আৰ্থিক মঞ্চতো পৰিস্থিতি ক্ষীপ্ৰতাৰে পৰিৱৰ্তিত হ’ব৷ ক’ৰোনাৰ সময়তো ভাৰতে আন্তঃগাঁথনিৰ লক্ষাধিক টকাৰ প্ৰকল্প আৰম্ভ কৰি নিয়োজনৰ বাবে বিশেষ আঁচনি প্ৰণয়ন কৰি, অৰ্থনৈতিক গতিবিধি সচল কৰি ৰাখিছিল৷ তেতিয়া আমি এটা এটা জীৱন ৰক্ষাৰ বাবে গুৰুত্ব প্ৰদান কৰিছিলো, এতিয়া ভাৰতৰ এটা এটা জীৱন দেশৰ প্ৰগতিৰ বাবে প্ৰাণে-পণে সমৰ্পিত হৈ পৰিছে৷ এতিয়া ভাৰতে আত্মনিৰ্ভৰ হৈ উঠাৰ সংকল্পৰ সৈতে আগবাঢ়িছে৷ ভাৰতৰ আত্মনিৰ্ভৰতাৰ এই আকাংক্ষাই বিশ্বজনীনতাক শক্তিশালী কৰিব৷ আৰু মই আশ্বস্ত যে এই অভিযান ইণ্ডাষ্ট্ৰী ৪.০ৰ দ্বাৰাও শক্তিশালী হ’ব৷ ইয়াৰ অন্তৰালত কাৰণো আছে আৰু এই বিশ্বাসৰ আধাৰো আছে৷

বন্ধুসকল,

বিশেষজ্ঞসকলে এয়া কৈছে যে ইণ্ডাষ্ট্ৰী ৪.০ৰ চাৰিটা মুখ্য ধাৰা হ’ব- Connectivity, Automation, Artificial Intelligence অথবা Machine Learning আৰু Real-Time Data. আজি ভাৰত বিশ্বৰ সেই সমূহ দেশৰ ভিতৰত অন্যতম য’ত সস্তীয়া ডাটা সেৱা উপলব্ধ, য’ত দূৰ্গম অঞ্চলতো ম’বাইলৰ সেৱা আছে, স্মাৰ্ট ফোন আছে৷ ভাৰতৰ অটোমেচন, ডিজাইনৰ এক্সপাৰ্ট পুলো বৃহৎ আৰু অধিকাংশ বৈশ্বিক উদ্যোগৰ ইঞ্জিনিয়াৰিং কেন্দ্ৰও ভাৰততেই আছে৷ কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্ণিঙত ভাৰতৰ ছফটৱেৰ ইঞ্জিনিয়াৰ বৰ্ষজুৰি নিজৰ ক্ষমতা বিশ্বক অৱগত কৰি আহিছে৷

বন্ধুসকল,

বিগত ৬টা বৰ্ষত ভাৰতত যিদৰে ডিজিটেল আন্তঃগাঁথনিৰ বাবে কাম হৈছে সেয়াও বিশ্ব অৰ্থনৈতিক মঞ্চৰ বিশেষজ্ঞসকলৰ বাবে এটা অধ্যয়নৰ বিষয় হিচাপে বিবেচিত হৈছে৷ এই আন্তঃগাঁথনিয়ে ডিজিটেল সমাধানক ভাৰতৰ জনসাধাৰণৰ দৈনন্দিন জীৱনৰ অংশ কৰি তুলিছে৷ আজি ভাৰতৰ ১.৩ বিলিয়নতকৈও অধিক লোকৰ ওচৰত আধাৰ আছে৷ জনসাধাৰণৰ বেংক একাউণ্ট আৰু আধাৰ তেওঁলোকৰ ফোনৰ সৈতে সংযোজিত হৈ আছে৷ এতিয়া ডিচেম্বৰ মাহতেই ভাৰতত ৪ ত্ৰিলিয়ন টকাৰ লেনদেন ইউপিআইৰ জৰিয়তে হৈছে৷ ইয়াত বেংকিং খণ্ডৰ যিসকল লোক আছে তেওঁলোকে জানে যে বিশ্বৰ ডাঙৰ ডাঙৰ দেশে ভাৰতৰ দ্বাৰা বিকশিত ইউপিআই ব্যৱস্থাক আদৰি লৈছে৷

বন্ধুসকল,

আমি দেখা পাইছো যে ক’ৰোনাৰ সংকটৰ সময়ছোৱাত অনেক দেশ চিন্তাক্লিষ্ট হৈ আছিল যে নিজৰ নাগৰিকলৈ আৰ্থিক সুবিধা কিদৰে আগবঢ়াব? আপোনালোকে এয়া জানি আচৰিত হ’ব যে এই সময়ছোৱাত ভাৰতে ৭৬০ মিলিয়নতকৈও অধিক লোকৰ বেংক একাউণ্টত ১.৮ ট্ৰিলিয়নতকৈও অধিক টকা প্ৰত্যক্ষভাৱে স্থানান্তৰ কৰিছে৷ এয়া ভাৰতৰ শক্তিশালী ডিজিটেল আন্তঃগাঁথনিৰ শক্তিৰ উদাহৰণ৷ আমাৰ ডিজিটেল আন্তঃগাঁথনিলে জনবিতৰণ সেৱা দক্ষ কৰি তুলিছে আৰু স্বচ্ছও কৰি তুলিছে৷ এতিয়া ভাৰতে নিজৰ ১.৩ বিলিয়ন নাগৰিকক সহজ স্বাস্থ্যসেৱা প্ৰদানৰ বাবে অনন্য স্বাস্থ্য আইডি প্ৰদানৰ অভিযান আৰম্ভ কৰিছে৷

আৰু বন্ধুসকল,

মই আজি এই প্ৰতিষ্ঠিত মঞ্চত সকলোকে এই বুলি আশ্বাস প্ৰদান কৰিবলৈ বিচাৰিছো যে ভাৰতৰ প্ৰতিটো সফলতাই সমগ্ৰ বিশ্বৰ সাফল্যক সহায় কৰিব৷ আজি আমি যি আত্মনিৰ্ভৰ ভাৰত অভিযান প্ৰণয়ন কৰিছো সেয়াও Global Good আৰু Global Supply Chainৰ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিৱদ্ধ৷ ভাৰতৰ বৈশ্বিক যোগান শৃংখলক শক্তিশালী কৰাৰ বাবে সামৰ্থও আছে আৰু তাতোকৈ ডাঙৰ কথা বিশ্বাসযোগ্যতাও আছে৷ ভাৰতৰ ওচৰত আজি ডাঙৰ গ্ৰাহক ভেঁটি আছে আৰু ই যিমানেই প্ৰসাৰিত হ’ব সিমানেই বিশ্বৰ অৰ্থনীতিও উপকৃত হ’ব৷

বন্ধুসকল,

অধ্যাপক ক্লাছ শ্বাবে কৈছিল- ভাৰত সম্ভাৱনাৰে ভৰা এখন দেশ৷ মই তাত আন এটা কথা সংযোজন কৰিবলৈ বিচাৰিছো যে ভাৰত সম্ভাৱনাৰ সৈতে আত্মবিশ্বাসেৰে ভৰা এখন দেশ, নতুন শক্তিৰে ভৰা এখন দেশ৷ বিগত বৰ্ষসমূহত ভাৰতে সংস্কাৰ আৰু Incentives Based Stimulus অধিক গুৰুত্ব প্ৰদান কৰিছে৷ ক’ৰোনাৰ এই সময়ছোৱাতো ভাৰতে প্ৰায় প্ৰতিটো খণ্ডত আন্তঃগাঁথনিমূলক সংস্কাৰক গতি প্ৰদান কৰিছে৷ এই সংস্কাৰ Production Linked Incentivesৰ দ্বাৰা সৱলীকৃত কৰা হৈছে৷ এতিয়া ভাৰতত কৰ প্ৰশাসনৰ পৰা আৰম্ভ কৰি এফডিআই নীতিলৈ এক অনুমানযোগ্য আৰু অনুকূল পৰিবেশৰ সৃষ্টি হৈছে৷

ভাৰতত ইজ অব্ ডুয়িং বিজনেছৰ স্থিতি নিৰন্তৰে উন্নত হওক, এই দিশতো কাম অব্যাহত আছে৷ আৰু বিশেষ কথা এয়াই যে ভাৰতে নিজৰ উন্নতিক জলবায়ু পৰিৱৰ্তনৰ লক্ষ্যৰ সৈতে দ্ৰুত গতিত সামঞ্জস্য কৰিছে৷

বন্ধুসকল,

Industry 4.0ক লৈ হোৱা এই আলোচনাত আমি সকলোৱে এটা কথা মনত ৰাখিব লাগিব৷ ক’ৰোনাৰ সংকটে আমাৰ মানৱীয়তা ঘূৰাই আনিছে৷ আমি মনত ৰাখিব লাগিব যে Industry 4.0 ৰবটৰ বাবে নহয়, মানুহৰ বাবেহে৷ আমি এয়া সুনিশ্চিত কৰিব লাগিব যে প্ৰযুক্তি, ইজ অব্ লিভিঙৰ সঁজুলিৰ বাবে আমি সকলোলে ঐক্যৱদ্ধ হৈ আগবাঢ়িব লাগিব৷ আমি ইয়াত সফল হ’ম বুলি মোৰ বিশ্বাস আছে৷

এই বিশ্বাসৰ সৈতে এতিয়া মই প্ৰশ্নোত্তৰ শিতানলৈ আগবাঢ়িছো আৰু আমি সেই দিশলৈ অগ্ৰসৰ হৈছো…..

ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
RBI sees resilient economy despite West Asia conflict, monsoon concerns

Media Coverage

RBI sees resilient economy despite West Asia conflict, monsoon concerns
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights the importance of fostering beneficial thoughts, words, and actions
July 24, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting how continuous practice in thought, word, and action shapes one's character and direction in life.

The Prime Minister wrote on X;

"कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते।

तदेवापहरत्येनं तस्मात् कल्याणमाचरेत्॥"

Whatever a person continuously practices through their actions, thoughts, and words ultimately shapes their personality and draws them in that very direction; therefore, one should always give space only to beneficial subjects in one's thoughts and conversations.