PM Fasal Bima Yojana is continuously playing an important role in protecting the economic interests of the hardworking farmers by reducing the risk associated with weather uncertainties: PM
Through comprehensive coverage and transparent claim redressal process over the last five years, Fasal Bima scheme has emerged as an example of our determined efforts for farmers' welfare: PM Modi
Today the country is rapidly moving towards building a strong, prosperous and self-reliant India with a vision of all-round development: PM Modi

যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৈনিক ৰুটিন অতিশয় ব্যস্ত, তথাপিতো বহু লোকেই এই কথা অৱগত নহয় যে যেতিয়াই তেখেতে সময় পাই, তেখেতে জনসাধাৰণৰ পত্ৰ আৰু তেওঁলোকৰ বাৰ্তাৰ সঁহাৰি জনাবলৈ সুযোগ নেহেৰুৱায়। তেনে এখনি পত্ৰ লাভ কৰিছে উত্তৰাখণ্ডৰ নৈনিতালৰ খেমানন্দই, তেওঁ নৰেন্দ্ৰ মোদী এপ (নমো এপ) টোৰ জৰিয়তে প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ পাঁচটা সফল বৰ্ষ পূৰ্তি আৰু চৰকাৰখনৰ আন প্ৰচেষ্টাৰাজি সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীক অভিনন্দন জনাইছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে খেমানন্দলৈ তেওঁৰ মূল্যবান ভাৱনা অৱগত কৰাৰ বাবে ধন্যবাদ জনাই এখনি পত্ৰ লিখে।

"কৃষিকে ধৰি ভিন্ন খণ্ডৰ উন্নয়ন আৰু দেশখনক উন্নয়নৰ নতুন শিখৰত আৰোহণ কৰাবলৈ চৰকাৰখনে গ্ৰহণ কৰা নিৰন্তৰ প্ৰচেষ্টাৰাজি সন্দৰ্ভত আপোনাৰ মূল্যবান মতামত ব্যক্ত কৰাৰ বাবে ধন্যবাদ জনাইছো," পত্ৰখনিত এইবুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে। “এনে বাৰ্তাই দেশখনৰ সেৱাৰ অৰ্থে নিজকে উদ্বুদ্ধ কৰিবলৈ মোক নতুন শক্তি প্ৰদান কৰে।”

প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ সফলতাৰ উদ্ধৃতিৰে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, " প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাই কঠোৰ পৰিশ্ৰমী কৃষকসকলৰ আৰ্থিক স্বাৰ্থ সুৰক্ষিতকৰণত নিৰন্তৰভাৱে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। যিয়ে বতৰৰ অনিশ্চয়তাৰে জড়িত দুৰ্ভাৱনাসমূহ হ্ৰাস কৰি তুলিছে। আজি উক্ত কৃষক-অনুকূল বীমা আঁচনিৰ জৰিয়তে কোটি-কোটি কৃষক উপকৃত হৈছে।”

কৃষি আৰু কৃষকৰ কল্যাণৰ অৰ্থে চৰকাৰখনৰ অংগীকাৰবদ্ধ প্ৰচেষ্টাৰ প্ৰসংগ টানি আনি, প্ৰধানমন্ত্ৰী মোদীয়ে পত্ৰখনিত লগতে এইবুলি লিখে, "যোৱা পাঁচটা বছৰত বিস্তৃত ক’ভাৰেজ আৰু স্বচ্ছ দাবী নিষ্পত্তি প্ৰক্ৰিয়াৰ জৰিয়তে, এই 'ফচল বীমা' আঁচনি কৃষকৰ কল্যাণৰ অৰ্থে আমাৰ নিৰ্ধাৰিত প্ৰচেষ্টাৰ এটা উদাহৰণ হিচাপে পৰিগণিত হৈছে। আজি, ‘বীজৰপৰা বজাৰলৈকে’ কৃষকসকলৰ যাত্ৰা পথটোত প্ৰতিটো ক্ষুদ্ৰ আৰু বৃহৎ জটিলতা আঁতৰ কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা হাতত লোৱা হৈছে তথা তেওঁলোকৰ কৃষিৰ সমৃদ্ধি আৰু প্ৰগতি নিশ্চিত কৰিবলৈ একে পন্থা গ্ৰহণ কৰা হৈছে।"

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি পত্ৰখনিত দেশখনৰ প্ৰগতিত জনসাধাৰণৰ বৰঙণি আৰু ভূমিকাক প্ৰশংসা কৰে আৰু এই সন্দৰ্ভত লিখেঃ “আজি দেশখনে সৰ্বাংগীন উন্নয়নৰ দৃষ্টিৰে এখনি শক্তিশালী, সমৃদ্ধিশালী আৰু আত্ম-নিৰ্ভৰ ভাৰত গঢ়াৰ অভিমুখে ক্ষীপ্ৰভাৱে অগ্ৰসৰ হৈছে। সকলো জনসাধাৰণৰ বিশ্বাসৰে পুষ্ট হৈ উঠি, ৰাষ্ট্ৰখনি ৰাষ্ট্ৰীয় লক্ষ্যসমূহ অৰ্জন কৰিবলৈ সংকল্পবদ্ধ আৰু মই নিশ্চিত যে বিশ্বৰ দৰবাৰত দেশখনক নতুন শিখৰত আৰোহণ কৰাবলৈ আমাৰ প্ৰচেষ্টা অধিক তীব্ৰ হৈ পৰিব।”

পূৰ্বে, খেমানন্দই তেওঁৰ বাৰ্তাত ফচল বীমা আঁচনিখনৰ পাঁচ বছৰ সফল পূৰ্তিত প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনায়। খেমানন্দই লগতে কয় যে প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰখনে, বিভিন্ন কল্যাণ আঁচনিৰ জৰিয়তে নাগৰিক আৰু দেশখনৰ প্ৰগতিৰ অৰ্থে অবিৰাম প্ৰচেষ্টা অব্যাহত ৰাখিছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Apple exports record $2 billion worth of iPhones from India in November

Media Coverage

Apple exports record $2 billion worth of iPhones from India in November
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 ডিচেম্বৰ 2025
December 17, 2025

From Rural Livelihoods to International Laurels: India's Rise Under PM Modi