প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি পদৰ ফলপ্ৰসূ কাৰ্যকালৰ বাবে শুভকামনা জনাইছে। প্ৰধানমন্ত্ৰীয়ে কয় যে মুৰ্মুৰ কাৰ্যভাৰ গ্ৰহণ ভাৰতৰ বাবে বিশেষকৈ দৰিদ্ৰ, প্ৰান্তীয় আৰু নিপীড়িতসকলৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। যি সময়ত ভাৰতে আজাদী কা অমৃত মহোৎসৱ পালন কৰি আছে সেই সময়ত ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ভাষণত ভাৰতৰ সাফল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভৱিষ্যতক লৈ নিজৰ দৃষ্টিভংগী দাঙি ধৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়-

“গোটেই দেশে আজি গৌৰৱেৰে প্ৰত্যক্ষ কৰিছে যে শ্ৰীমতী দ্ৰৌপদী মুৰ্মু জীয়ে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। তেওঁ ৰাষ্ট্ৰপতি পদ গ্ৰহণ কৰাটো ভাৰতৰ বাবে বিশেষকৈ দৰিদ্ৰ, প্ৰান্তীয় আৰু নিপীড়িতসকলৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। ৰাষ্ট্ৰপতি পদৰ ফলপ্ৰসূ কাৰ্যকালৰ বাবে মই তেওঁক শুভকামনা জনাইছো।”

“শপত গ্ৰহণ কৰাৰ পিছত দিয়া ভাষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু জীয়ে আশা আৰু মমতাৰ বাৰ্তা প্ৰদান কৰে। ভাৰতৰ সাফল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ আগন্তুক পথৰ এক ভৱিষ্যৎ দৃষ্টিভংগী দাঙি ধৰে।”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Parliament on verge of history, says PM Modi, as it readies to take up women's bills

Media Coverage

Parliament on verge of history, says PM Modi, as it readies to take up women's bills
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Dr. Babasaheb Ambedkar in the Parliament complex
April 14, 2026

The Prime Minister, Shri Narendra Modi has paid homage to Dr. Babasaheb Ambedkar in the Parliament complex earlier today.

The Prime Minister wrote on X;

“Paid homage to Dr. Babasaheb Ambedkar in the Parliament complex earlier today.”