প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কগনিজেণ্টৰ মুখ্য কাৰ্যবাহী বিষয়া ৰবি কুমাৰ এছ আৰু অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ৰাজেশ ভেৰিয়াৰৰ সৈতে বৈঠকত মিলিত হয়।
আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভৱিষ্যতৰ খণ্ডসমূহৰ মাজেৰে ভাৰতৰ যাত্ৰাক আগুৱাই নিয়াৰ ক্ষেত্ৰত কগনিজেণ্টৰ অবিৰত অংশীদাৰিত্বক আদৰণি জনায়। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতৰ যুৱক-যুৱতীসকলে কৃত্ৰিম বুদ্ধিমত্তা আৰু দক্ষতাৰ ওপৰত দৃঢ় মনোনিৱেশ কৰি দেশৰ প্ৰযুক্তিগত ভৱিষ্যত গঢ় দিয়া এক সজীৱ সহযোগিতাৰ সুৰ নিৰ্ধাৰণ কৰিছে।
কগনিজেণ্ট হেণ্ডেলৰ এক্সত এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে এনেদৰে লিখিছে-
'ৰবি কুমাৰ এছ আৰু ৰাজেশ ভেৰিয়াৰৰ সৈতে এক সুন্দৰ বৈঠকত মিলিত হ'লো ।ভাৰতে ভৱিষ্যতৰ খণ্ডসমূহত কগনিজেণ্টৰ অবিৰত অংশীদাৰিত্বক আদৰণি জনাইছো।
আমাৰ যুৱক-যুৱতীসকলৰ এআই আৰু দক্ষতাৰ বিষয়ত গুৰুত্ব দিয়াটোৱে আগন্তুক এক সজীৱ সহযোগিতাৰ পথ নিৰ্ধাৰণ কৰিছে।
@Cognizant
@imravikumars”
Had a wonderful meeting with Mr. Ravi Kumar S and Mr. Rajesh Varrier. India welcomes Cognizant's continued partnership in futuristic sectors. Our youth's focus on AI and skilling sets the tone for a vibrant collaboration ahead.@Cognizant @imravikumars https://t.co/qsq4DbakfF
— Narendra Modi (@narendramodi) December 9, 2025


