Swami Vivekananda's ideas are relevant in present times: PM Modi
Whole world looks up to India's youth: PM Modi
Citizenship Act gives citizenship, doesn't take it: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বামী বিবেকানন্দ জয়ন্তী আৰু ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে কলকাতাৰ বেলুৰ মঠ দৰৰ্শন কৰে৷ তেওঁ মঠৰ সাধু-সন্তসকলৰ সৈতেও মতবিনিময় কৰে৷

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে দেশবাসীৰ বাবে বেলুৰ মঠৰ এই পবিত্ৰ ভূমি তীৰ্থভূমিত কৈ কোনোগুণে কম নহয়, কিন্তু মোৰ বাবে এয়া ঘৰসদৃশ৷ এই পবিত্ৰ স্থানত নিশা কটাই সৌভাগ্য অনুভৱ কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে স্বামী ৰামকৃষ্ণ পৰমহংস, মা সাৰদা দেৱী, স্বামী ব্ৰহ্মানন্দ আৰু স্বামী বিবেকানন্দৰ দৰে গুৰুসকলৰ উপস্থিতি এই স্থানত অনুভৱ কৰা যায়৷

তেওঁৰ পূৰ্বৰ ভ্ৰমণৰ স্মৃতি সোঁৱৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ স্বামী আত্মাস্থানন্দাজীৰ আশীৰ্বাদ লাভ কৰি জনসেৱাৰ বাবে প্ৰেৰণা পাইছিল৷

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ তাত কেইবাগৰাকীও যুৱ ব্ৰহ্মচাৰীৰ সৈতে সময় কটোৱাৰ সুযোগ পাইছিলো আৰু অনুভৱ কৰিছিল যে ব্ৰহ্মচাৰীসকলৰ দৰে মানসিকতা এটা সময়ত তেওঁৰো আছিল৷

“জানি-বুজি অথবা অজানিতে দেশৰ প্ৰতিগৰাকী যুৱক বিবেকানন্দৰ আদৰ্শৰ অংশ৷ সময় সলনি হ’ল, দশক সলনি হ’ল, শতিকা সলনি হ’ল, কিন্তু স্বামীজীৰ আদৰ্শই এতিয়াও যুৱ প্ৰজন্মক অনুপ্ৰাণিত আৰু সজাগ কৰে৷ অকলে পৃথিৱীখন সলনি কৰিব নোৱাৰে বুলি ভবা দেশৰ সেইসকল যুৱ প্ৰজন্মক মই ক’ব বিচাৰো যে আমি কেতিয়াও অকলশৰীয়া নহয়৷”

১৩০কোটি দেশবাসী আৰু দেশৰ যুৱ প্ৰজন্মৰ সংকল্প আৰু দৃঢ়তাৰে ২১ শতিকাৰ বাবে দেশে এক নতুন ভাৰত গঢ়াৰ দিশে অগ্ৰসৰ হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা ৫বছৰৰ অভিজ্ঞতাৰ পৰা তেওঁ এই কথা শিকিছে যে দেশৰ যুৱ প্ৰজন্মৰ সৈতে সংযোগ স্থাপনৰ প্ৰচাৰ অভিযানে নিশ্চিত সফলতা কঢ়িয়াই আনে৷ ৫ বছৰ আগলৈ সকলোৰে মনত এক আশংকাৰ ভাৱ আছিল যে ভাৰত স্বচ্ছ হ’ব পাৰিবনে? ভাৰতত ডিজিটেল লেনদেনৰ ধাৰণা সফল হ’বনে? কিন্তু দেশৰ যুৱ প্ৰজন্মই এই দিশত নেতৃত্ব ল’লে আৰু সকলো আশংকা দূৰ হ’ল৷

তেওঁ কয় যে যুৱ প্ৰজন্মৰ উদ্যম আৰু আগ্ৰহ হ’ল ২১ শতিকাৰ এই দশকত পৰিৱৰ্তিত ভাৰতৰ মূল ভেটি৷ যুৱচামে সমস্যাৰ মোকাবিলা কৰে, ইয়াক সমাধান কৰে আৰু প্ৰত্যাহ্বান নেওচি আগুৱাই যায়৷ এই চিন্তাৰে কেন্দ্ৰীয় চৰকাৰেও দেশৰ দশক-পুৰণি সমস্যাসমূহ সমাধানৰ চেষ্টা চলাই আছে৷

ৰাষ্ট্ৰীয় যুৱ দিৱসত প্ৰধানমন্ত্ৰীয়ে অনুভৱ ব্যক্ত কৰে যে নাগৰিকত্ব সংশোধনী আইনৰ বিষয়ে দেশৰ প্ৰতিগৰাকী যুৱক-যুৱতীক বুজোৱা, ইয়াক লৈ তেওঁলোকৰ ভুল ধাৰণাসমূহ দূৰ কৰাতো তেওঁৰ দায়িত্ব৷ তেওঁ স্পষ্ট কৰে যে নাগৰিকত্ব সংশোধনী আইনে কাৰো নাগৰিকত্ব কাঢ়ি নিনিয়ে, বৰং নাগৰিকত্ব দিবহে৷ নাগৰিকত্ব সংশোধনী আইন হ’ল দেশ বিভাজনৰ পাছত পাকিস্তানত ধৰ্মীয় নিৰ্যাতনৰ সন্মুখীন হোৱা লোকসকলৰ বাবে প্ৰস্তুত কৰা মাথো এক সংশোধন৷ মহাত্মা গান্ধীকে ধৰি বহুকেইগৰাকী নেতাইও আনকি ইয়াক সমৰ্থন কৰিছিল৷ প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে এই আইনৰ ফলত উত্তৰ-পূৰ্বাঞ্চলে সন্মুখীন হ’ব পৰা নেতিবাচক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে অঞ্চলটোৰ বাবে বিশেষ ব্যৱস্থা ৰাখিছে৷ এনে স্পষ্টতা থকা সত্ত্বেও একাংশ লোকে ৰাজনৈতিক কাৰণৰ বাবে নাগৰিকত্ব সংশোধনী আইনক লৈ বিভিন্ন ভুল ধাৰণা মানুহৰ মাজত বিয়পাই আছে৷ তেওঁ কয় যে নাগৰিকত্ব সংশোধনী আইনক লৈ বিতৰ্ক সৃষ্টি নহ’লেও সমগ্ৰ বিশ্বই জানে যে পাকিস্তানত সংখ্যালঘু লোকসকলৰ ওপৰত কিধৰণৰ অত্যাচাৰ চলি আছে, কিদৰে মানৱ অধিকাৰ উলংঘা কৰা হৈছে৷

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi inaugurates Micron’s ₹22,516-crore ATMP facility in Gujarat; calls chips ‘Regulator of 21st century’

Media Coverage

PM Modi inaugurates Micron’s ₹22,516-crore ATMP facility in Gujarat; calls chips ‘Regulator of 21st century’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
The Prime Minister speaks with the Prime Minister of Israel
March 02, 2026

Prime Minister Shri Narendra Modi held a telephone conversation with the Prime Minister of Israel, Benjamin Netanyahu, to discuss the current regional situation.

​During the call, the Prime Minister conveyed India's concerns regarding recent developments and emphasised the safety of civilians as a priority.

​The Prime Minister Modi further reiterated India's position on the need for an early cessation of hostilities.