The Sagarmala project is ushering not only development of ports but also port-led development: PM
The Government of India is devoting significant efforts towards the development of waterways: PM Modi
India's aviation sector is growing tremendously, this makes quality infrastructure in the aviation sector of prime importance: PM
Our Government had the honour of bringing an aviation policy that is transforming the sector: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি নৱী মুম্বাই বিমানবন্দৰৰ আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে। নৱী মুম্বাইত এক অনুষ্ঠানত তেওঁ চতুৰ্থ জৱাহৰলাল নেহৰু পৰ্ট ট্ৰাষ্ট কন্টেইনাৰ টাৰ্মিনেল ৰাইজৰ বাবে মুকলি কৰে।

এক জনসভাক উদ্দেশ্যি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ মহাৰাষ্ট্ৰলৈ মহান শিৱাজী মহাৰাজৰ জয়ন্তীৰ এদিন আগত আহিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বায়নৰ লগত খাপ খুৱাই চলিবলৈ হ’লে আমাক উন্নত মানৰ আন্তঃগাঁথনি লাগিব। তেওঁ কয় যে বন্দৰসমূহৰ উন্নয়নৰ বাবে হাতত লোৱা সাগৰমালা প্ৰকল্পই কেৱল বন্দৰসমূহৰে নহয়, ইয়াৰ লগত জড়িত বিভিন্ন উন্নয়ন সম্ভৱ কৰি তুলিছে। তেওঁ কয় যে ভাৰত চৰকাৰে জলপথসমূহৰ উন্নয়নৰ বাবে যথেষ্ট প্ৰয়াস কৰিছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে নৱী মুম্বাই বিমানবন্দৰৰ প্ৰকল্পটো কেইবাবছৰ ধৰি পৰি আছিল। প্ৰকল্পৰ কাম লেহেমীয়া হ’লে বহু অসুবিধা হয় আৰু সেয়ে আধৰুৱা প্ৰকল্পৰ ক্ষীপ্ৰ ৰূপায়ণৰ বাবে ‘প্ৰগতি’ পদক্ষেপ লোৱা হৈছে।

তেওঁ কয় যে বিমান ক্ষেত্ৰখনত ক্ষীপ্ৰ গতিত উন্নয়ন হৈছে আৰু বিমান সেৱা গ্ৰহণ কৰা যাত্ৰীৰ সংখ্যা বাঢ়িছে। ইয়াৰ ফলত বিমান ক্ষেত্ৰত মানসম্পন্ন আন্তঃগাঁথনি গুৰুত্বপূৰ্ণ হৈ পৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে বিমান নীতি হাতত লৈছে যি বিমান খণ্ডলৈ পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। তেওঁ লগতে কয় যে বিমান ক্ষেত্ৰখনে অধিক অৰ্থনৈতিক সুবিধা প্ৰদান কৰিব পাৰে। ভাল সংযোগ ব্যৱস্থাই ভাৰতলৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাত সহায় কৰিব, তেওঁ কয়।

Click here to rad full text of speech.

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Merchandise Exports Defy Global Headwinds, Rise 15 Per Cent In April–14 June Period

Media Coverage

India's Merchandise Exports Defy Global Headwinds, Rise 15 Per Cent In April–14 June Period
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 জুন 2026
June 22, 2026

A New Era of Growth, Good Governance and Global Leadership for India with the Modi Government