Ro-Pax service will decrease transportation costs and aid ease of doing business: PM Modi
Connectivity boost given by the ferry service will impact everyone starting from traders to students: PM Modi
Name of Ministry of Shipping will be changed to Ministry of Ports, Shipping and Waterways: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে গুজৰাটৰ হাজিৰাত এটা ‘ৰো-পাক্স টাৰ্মিনেল’ মুকলি কৰাৰ লগতে হাজিৰা আৰু ঘোঘাৰ মাজত পতাকা জোকাৰি ফেৰী সেৱাৰো  শুভাৰম্ভ কৰে। তেওঁ স্থানীয় ব্যৱহাৰকাৰীসকলৰ সৈতেও বাৰ্তালাপত মিলিত হয়। ইফালে, তেওঁ কেন্দ্ৰীয় ‘জাহাজ পৰিবহণ মন্ত্ৰালয়’ক ‘বন্দৰ, জাহজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়’ হিচাপে পুনৰ-নামকৰণ কৰাৰ সিদ্ধান্তৰ কথাও জানিবলৈ দিয়ে।

এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে গুজৰাটৰ জনতাই এয়া দীপাৱলীৰ উপহাৰ লাভ কৰিলে। উন্নত সংযোগৰ বাবে আৰম্ভ কৰা ব্যৱস্থাৰ দ্বাৰা সকলোৱেই উপকৃত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁ কয়, ইয়াৰ দ্বাৰা ব্যৱসায়-বাণিজ্যৰ উত্সাহ বঢ়াৰ লগতে যাতায়াত ব্যৱস্থা অধিক দ্ৰুত হ’ব। প্ৰসংগক্ৰমে তেওঁ উল্লেখ কৰি কয় যে, হাজিৰা আৰু ঘোঘাৰ মাজৰ ‘ৰো-পেক্স সেৱা’ আৰম্ভ হোৱাটো সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাটৰ জনতাৰ বাবে দীৰ্ঘদিনীয়া সপোন দিঠক হোৱাৰ লেখীয়া হৈছে। ইয়াৰ সুবাদত এতিয়া দুয়োটা স্থানৰ মাজৰ যাতায়াতৰ সময় ১০-১২ ঘণ্টাৰ পৰা ৩-৪ ঘণ্টালৈ হ্ৰাস পালে। ইয়ে সময় আৰু ধন দুয়োটাকে ৰাহি কৰিব। নতুনকৈ আৰম্ভ হোৱা এই ব্যৱস্থাৰে প্ৰতি বছৰে প্ৰায় ৮০,০০০ যাত্ৰী আৰু ৩০,০০০খন মালবাহী ট্ৰাকে সেৱা গ্ৰহণ কৰিব পাৰিব বুলিও তেও প্ৰসংগক্ৰমে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, সৌৰাষ্ট্ৰ আৰু চুৰাটৰ মাজত আৰম্ভ হোৱা এই উন্নত যাতায়তী ব্যৱস্থাই অঞ্চলসমূহৰ ৰাইজৰ জীৱন সলনি কৰি তুলিব। এই ব্যৱস্থাৰ জৰিয়তে ফলমূল, শাক-পাচলি আৰু গাখীৰ আদি সামগ্ৰী সহজে পৰিবহণ কৰিব পৰা যাব আৰু ই প্ৰদূষণৰ মাত্ৰাও বহু পৰিমাণে হ্ৰাস কৰাত সহায় আগবঢ়াব। তেওঁ বহু প্ৰত্যাহ্বানৰ মাজতো সাহসৰে কামত ব্ৰতী হৈ থাকি এই সেৱা আৰম্ভ কৰিব পৰাকৈ সকলো আন্তঃগাঁথনি নিৰ্মাণ কৰি উলিওৱাৰ বাবে সংশ্লিষ্ট সকলো অভিযন্তা, শ্ৰমিক-কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ ভাৱনগৰ আৰু চুৰাটৰ মাজত নতুন জলপথেৰে সংযোগ স্থাপন হোৱাৰ মুহূৰ্তত জনসাধাৰণক অভিনন্দন জনায়।

শেহতীয়া দুটা দশকত গুজৰাটে যি ধৰণে সামুদ্ৰিক বাণিজ্যৰ সম্ভাৱনীয়তা বৃদ্ধি কৰিছে আৰু বন্দৰ-সঞ্চালিত উন্নয়ণক গুৰুত্ব প্ৰদান কৰিছে তাক লৈ প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এয়া প্ৰতিগৰাকী গুজৰাটীৰ বাবে গৌৰৱৰ কথা বুলি মন্তব্য কৰে। তেওঁ ৰাজ্যখনৰ সামুদ্ৰিক সম্ভাৱনীয়তাৰ বিকাশ সাধন কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰি কয় যে, জাহাজ নিৰ্মাণ সন্দৰ্ভত এক নীতিৰ খচৰা প্ৰস্তুত কৰা, জাহাজ নিৰ্মাণ পাৰ্ক, বিশেষধৰণৰ টাৰ্মিনেল স্থাপন কৰা, জাহাজ চলাচল প্ৰবন্ধন ব্যৱস্থাৰ উত্তৰণ সাধন কৰা আৰু উদ্ভাৱনী সংযোগীকৰণ প্ৰকল্পৰ ৰূপায়ণৰ দিহা কৰিছে গুজৰাট চৰকাৰে। এনেবোৰ উদ্যোগৰ সুবাদত বন্দৰখণ্ডই এক নতুন মাত্ৰা লাভ কৰিব বুলিও তেওঁ মন্তব্য কৰে। উপকূলীয় এলেকাসমূহত ভৌতিক আন্তঃগাঁঠনি বিকশিত কৰাৰ লগতে সামগ্ৰিক ভাবে সম্পূৰ্ণ বাতাবৰণৰেই আধুনিকীকৰণ কৰাত তেওঁ গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয় কয়, গুজৰাটে প্ৰগতিৰ প্ৰৱেশ দ্বাৰ হিচাপে এক পৰিচিতি লাভ কৰাৰ মূলতে হৈছে ইয়াৰ ৰাজ্য চৰকাৰে বিকাশ নিশ্চিত কৰাৰ বাবে উপকূলীয় এলেকাত সকলো ধৰণৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে অব্যাহত ৰখা প্ৰয়াস। বিগত দুটা দশকত গুজৰাটত বন্দৰসমূহৰ পৰম্পৰাগত কাৰ্যপৰিচালনাৰ ৰূপান্তৰ সাধনৰে বন্দৰসমূহৰ এক অন্যন্য সংহত আৰ্হি বিকশিত হৈছিল আৰু সেয়াই আজি মাপক হিচাপে পৰিগণিত হৈছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। এইসমূহ প্ৰয়াসৰ পৰিণতিতে গুজৰাটৰ বন্দৰসমূহ দেশৰ গুৰুত্বপূৰ্ণ সামুদ্ৰিক কেন্দ্ৰ হিচাপে চিহ্নিত হৈছে। যোৱাটো বৰ্ষত এইসমূহ বন্দৰৰ জৰিয়তেই দেশৰ ৪০শতাংশ সামুদ্ৰিক বাণিজ্য সম্পাদিত হৈছিল।

আজিৰ প্ৰেক্ষাপটত গুজৰাটৰ সামুদ্ৰিক বাণিজ্যৰ আন্তগাঁথনি আৰু সামৰ্থ্য বৰ্দ্ধনে পূৰ্ণ বিকশিত পৰ্যায় লাভ কৰিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। গুজৰাট সামুদ্ৰিক ক্ষেত্ৰ, গুজৰাট সামুদ্ৰিক বিশ্ববিদ্যালয় আৰু ভাৱনগৰত দেশৰ প্ৰথমটো ‘চিএনজি টাৰ্মিনেল’ স্থাপনৰ দৰে বহুবোৰ সা-সুবিধা ইতিমধ্যে সাজু হৈ উঠিছে। ‘গিফ্ট চিটী’ত নিৰ্মাণ কৰিবলগীয়া ‘গুজৰাট মেৰিটাইম ক্লাষ্টাৰ পোৰ্ট’ সাগৰীয় ‘ল’জিষ্টিক্সটৰ বিভিন্ন সমস্যাৱলী সমাধানৰ বাবে এক উত্সৰ্গিত ব্যৱস্থা হিচাপে পৰিগণিত হ’ব। এইসমূহ ক্লাষ্টাৰে চৰকাৰ, উদ্যোগ প্ৰতিষ্ঠান আৰু শিক্ষায়তনিক প্ৰতিষ্ঠানসমূহৰ মাজৰ সহযোগিতামূলক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে এই খণ্ডৰ প্ৰমূল্য নিৰ্দ্ধাৰণৰ ক্ষেত্ৰতো সহায় কৰিব।

অতি সম্প্ৰতি গুজৰাটৰ দহেজত ভাৰতৰ প্ৰথমটো ‘ৰসায়নিক টাৰ্মিনেল’ স্থাপন কৰা হৈছিল, এতিয়া ভাৱনগৰ বন্দৰত দশৰ প্ৰথমটো ‘চিএনজি টাৰ্মিনেল’ স্থাপনৰ প্ৰক্ৰিয়া চলি আছে। সেইদৰে, ভাৱনগৰত ‘ৰো ৰো টাৰ্মিনেল’, ‘লিকুইড কাৰ্গো টাৰ্মিনেল’ আৰু নতুন ‘কণ্টেইনাৰ টাৰ্মিনেল’ৰো প্ৰস্তুতি চলি আছে। এনেবোৰ ‘টাৰ্মিনেল’ৰ সা-সুবিধাৰ সংযোজনেৰে, ভাৱনগৰ বন্দৰৰ সামৰ্থ্য বহু দিশত বৃদ্ধি পাব।

ইফালে, ঘোঘা-দহেজৰ মাজত অচিৰেই ফেৰী সেৱা পুনৰাম্ভ কৰাৰ বাবে চৰকাৰে প্ৰয়াস কৰি আছে বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয়, এই প্ৰকল্প বাস্তৱায়িত কৰাৰ পথত বহু প্ৰকৃতিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও আধুনিক প্ৰযুক্তিৰ সদ্ব্যৱহাৰৰে এইবোৰ আঁতৰোৱাৰ প্ৰয়াস কৰা হৈছে।  প্ৰসংগক্ৰমে তেওঁ, সামুদ্ৰিক বাণিজ্যৰ যাৱতীয় কাম-কাজৰ বাবে বিশেষজ্ঞ মানৱ সম্পদ গঢ়ি তোলাৰ ক্ষেত্ৰত ‘গুজৰাট সামুদ্ৰিক বিশ্ববিদ্যালয়’ক এক বৃহত্ কেন্দ্ৰ বুলি অভিহিত কৰে। এই বিশ্ববিদ্যালয়ত আজি ‘সামুদ্ৰিক আইন-বিধি’, ‘আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বিধি’, ‘সামুদ্ৰিক প্ৰবন্ধনৰ এমবিএ পাঠ্যক্ৰম’ আৰু ‘জাহাজ পৰিবহণ আৰু ল’জিষ্টিক্স’ৰ শিক্ষাদানৰ ব্যৱস্থা আছে। এই বিশ্ববিদ্যালয়ৰ উপৰি দেশৰ সামুদ্ৰিক ঐতিহ্যৰাশিৰ সংৰক্ষণৰ লক্ষ্যৰে লথোলত দেশৰ প্ৰথমটো ‘ৰাষ্ট্ৰীয় সংগ্ৰহালয়’ নিৰ্মাণৰ কাম চলি থকাৰ কথা জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰীয়ে।

আজি মুকলি কৰা ‘ৰো-পেক্স ফেৰী সেৱা’ অথবা দিনদিয়েক আগতে মুকলি কৰা ‘ছী প্লেন’ সেৱাৰ দৰে সা-সুবিধাসমূহে জল-ভিত্তিক অৰ্থনীতিৰ বিকাশৰ গতিক ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত বহুখিনি সহযোগিতা আগবঢ়াব পাৰে বুলিও মন্তব্য কৰে শ্ৰী মোডীয়ে।

দেশৰ বন্দৰসমূহৰ সামৰ্থ্য বহু পৰিমাণে বৃদ্ধি পাইছে বুলি উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে কয়, দেশত নতুন বন্দৰ নিৰ্মাণৰ প্ৰক্ৰিয়াও দ্ৰুত গতিৰে আগবাঢ়িছে।  দেশৰ উন্নয়ণৰ গতি ত্বৰান্বিত কৰাৰ স্বাৰ্থতে প্ৰায় ২১,০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ জলপথসমূহৰ সৰ্বাধিক ব্যৱহাৰটো গুৰু্ত্ব আৰোপ কৰা হৈছে। তেওঁ তথ্য দাঙি ধৰি কয় যে ‘সাগৰমালা প্ৰকল্প’ৰ অধীনত সমগ্ৰ দেশতে ৫০০ৰো অধিক প্ৰকল্পৰ কাম অব্যাহত আছে। আজিৰ তাৰিখত বংগোপসাগৰ আৰু ভাৰত মহাসাগৰত ভাৰতৰ সামৰ্থ্য প্ৰসাৰৰ পৰিসৰ অভুতপূৰ্ব বুলিয়ে উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। অতি সম্প্ৰতি দেশৰ সামুদ্ৰিক খণ্ড আত্মনিৰ্ভৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ উজলি উঠিছে বুলি তেওঁ অভিমত প্ৰকাশ কৰে।

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ‘জাহাজ পৰিবহণ মন্ত্ৰালয়’ক ‘বন্দৰ, জাহজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়’ হিচাপে পুনৰ-নামকৰণৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে। তেওঁ কয় পৃথিৱীৰ প্ৰয়বোৰ দেশতে জাহাজ পৰিবহণ মন্ত্ৰালয়েই বন্দৰ আৰু জলপথসমূহৰো কাম-কাজ পৰিচালনা কৰে। ‘নামটো অধিক স্পষ্ট হোৱাৰ লগে লগে কামতো স্পষ্টতা বাঢ়িব’ বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

ইফালে, উত্সৱৰ এই বতৰত ৰাইজক ‘ভোকেল ফৰ লোকেল’ হোৱাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে। তেওঁ সৰু সৰু ব্যৱসায়ী, ক্ষুদ্ৰ কাৰিকৰ, গঞা ৰাইজে তৈয়াৰ কৰা সা-সামগ্ৰী ক্ৰয় কৰাত মনোনিৱেশ কৰাৰ গোঁহাৰি জনায়। এনে পদক্ষেপে দিৱালীত গাঁৱৰ কাৰুশিল্পীসকলৰ ঘৰ পোহৰোৱাত সহায় কৰিব পাৰিব বুলি তেওঁ মন্তব্য কৰে।

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity

Media Coverage

From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to former PM Shri PV Narasimha Rao Ji on his birth anniversary
June 28, 2026

The Prime Minister, Shri Narendra Modi, today, paid tributes to former Prime Minister Shri PV Narasimha Rao Ji on his birth anniversary. Shri Modi remarked that Shri PV Narasimha Rao Ji made enduring contributions to India’s progress during a critical phase of our nation’s history.

The Prime Minister posted on X:

Tributes to former Prime Minister Shri PV Narasimha Rao Ji on his birth anniversary. He made enduring contributions to India’s progress during a critical phase of our nation’s history. He made a mark as an able administrator. He was also a distinguished scholar, blessed with immense knowledge and understanding of India’s diverse culture.