প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসভাত সংবিধান (এশ অষ্টবিংশ সংশোধনী) বিধেয়ক, ২০২৩ সন্দৰ্ভত বিতৰ্কৰ সামৰণি মাৰে আৰু মন্তব্য কৰে যে বিগত দুদিন ধৰি দুয়োখন সদনত ফলপ্ৰসূ আলোচনা আৰু বিতৰ্ক চলি আছে য’ত প্ৰায় ১৩২গৰাকী মাননীয় সদস্যই নিজৰ মতামত প্ৰকাশ কৰিছে। “এই আলোচনাৰ প্ৰতিটো শব্দৰ নিজস্ব তাৎপৰ্য আৰু অৰ্থ আছে”, প্ৰধানমন্ত্ৰীয়ে এই অৰ্থপূৰ্ণ আলোচনাসমূহ ৰাষ্ট্ৰৰ আগন্তুক সংসদীয় যাত্ৰাত অত্যন্ত উপযোগী হ’ব বুলি আলোকপাত কৰে।
বিধেয়কখনৰ প্ৰতি সদনৰ সদস্যসকলে দিয়া সমৰ্থন পুনৰবাৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰি কয়, “এই মনোভাবে দেশৰ জনসাধাৰণৰ মাজত এক নতুন আত্মবিশ্বাস পুনৰ জগাই তুলিব, আৰু সকলো সদস্য আৰু সকলো ৰাজনৈতিক দলে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে।” তেওঁ জোৰ দি কয় যে বিধেয়কখন গৃহীত হোৱাৰ লগে লগে যে নাৰী শক্তিয়ে বিশেষ সন্মান লাভ কৰিছে এনে নহয়, বৰঞ্চ এই বিধেয়কখনৰ প্ৰতি সকলো ৰাজনৈতিক দলৰ ইতিবাচক চিন্তাৰ জৰিয়তে আমাৰ দেশৰ নাৰী শক্তিত এক নতুন শক্তিৰ সঞ্চাৰ হৈছে। তেওঁ আৰু কয় যে এই বিধেয়কখন ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ নিশ্চয়তা হিচাপে পৰিগণিত হ’ব কাৰণ ই নেতৃত্বৰ সৈতে আগবাঢ়ি যাব আৰু নতুন আত্মবিশ্বাসেৰে জাতি গঠনৰ দিশত অৰিহণা যোগাব৷
ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ চিন্তাশীল আলোচনাত প্ৰকাশ পোৱা আৱেগৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি উচ্চ সদনক সৰ্বসন্মতিক্ৰমে বিধেয়কখন গৃহীত কৰিবলৈ আহ্বান জনায়।


