প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ মে’, ২০২৩ত জাপানৰ হিৰোছিমাত মহাত্মা গান্ধীৰ আৱক্ষ মুৰ্তি উন্মোচন কৰে৷

উন্মোচনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী বিশেষ উপদেষ্টা তথা সাংসদ শ্ৰীযুত নাকাটানী জেন, হিৰোছিমা চহৰৰ মেয়ৰ শ্ৰীযুত কাজুমী মাটছুই; হিৰোছিমা চহৰ বিধানসভাৰ অধ্যক্ষ শ্ৰীযুত টাটছুনৰী ম’টানী; হিৰোছিমানৰ সাংসদ তথা জ্যেষ্ঠ চৰকাৰী বিষয়াবৰ্গ; ভাৰতীয় সমূদায়ৰ সদস্য আৰু জাপানৰ মহাত্মা গান্ধীৰ অনুৰাগী উপস্থিত থাকে৷

 

১৯-২১ মে’, ২০২৩লৈ জি-৭ সন্মিলনলৈ প্ৰধানমন্ত্ৰী যাত্ৰা উপলক্ষে ভাৰত চৰকাৰে ভাৰত আৰু জাপানৰ মাজত বন্ধুত্ব আৰু সদিচ্ছাৰ এক প্ৰতীক হিচাপে হিৰোছিমা চহৰত মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তিটো উপহাৰ দিছে৷

৪২ ইঞ্চি উচ্চতাৰ এই ব্ৰঞ্জৰ আৱক্ষটো পদ্ম ভূষণ বঁটা বিজয়ী ভাস্কৰ্যশিল্পী শ্ৰী ৰাম বানজী ছুটাৰে নিৰ্মাণ কৰিছে৷ মট’য়াছু নদীৰ কাষতে থকা এই আৱক্ষমূৰ্তি স্থলী আইকনিক এ-বম ড’মৰ ওচৰত য’ত প্ৰতিদিনে হাজাৰ হাজাৰ স্থানীয় লোক আৰু পৰ্যটকে ভ্ৰমণ কৰে।

শান্তি আৰু অহিংসাৰ বাবে সংহতিৰ চিন হিচাপে এই স্থান বাছি লোৱা হৈছে। মহাত্মা গান্ধীয়ে শান্তি আৰু অহিংসাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। এই স্থানে প্ৰকৃতাৰ্থত গান্ধীজীৰ নীতি আৰু জীৱনৰ সৈতে অনুৰণন ঘটাইছে, যি বিশ্ব আৰু ইয়াৰ নেতাসকলক অনুপ্ৰাণিত কৰি আহিছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways clears ₹755-crore project to build third line between Champa and Korba

Media Coverage

Indian Railways clears ₹755-crore project to build third line between Champa and Korba
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 জুন 2026
June 17, 2026

PM Narendra Modi's Dual Legacy: Commanding Global Respect While Delivering Health Miracles, Rail Revolution & Digital Leadership