PM takes stock of relief work underway across the state
PM Modi expresses solidarity with the people of Gujarat
PM announces financial assistance of Rs. 1,000 crore for immediate relief activities in the State
Union Government will deploy an Inter-Ministerial Team to visit the state to assess the extent of damage in the State
Centre assures all help for restoration and rebuilding of the infrastructure in the affected areas
PM also takes stock of COVID-19 situation in Gujarat
Rs. 2 lakh Ex gratia for the next of kin of the dead and Rs 50,000 for the injured due to Cyclone Tauktae would be given to all those affected across India
Immediate financial assistance would be given to all affected states after they send their assessments to the Centre

টাউক্টে’ ঘূৰ্ণিয়ে চলোৱা তাণ্ডৱৰ পৰিণতিত গুজৰাটত সৃষ্টি হোৱা অনাহূত পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত পৰিভ্ৰমণ কৰে। আকাশ মাৰ্গৰে চলোৱা এই যাত্ৰাত তেওঁ গুজৰাট আৰু ডিউৰ উনা(গিৰ সোমনাথ), জাফৰাবাদ(আমৰেলি), মহুৱা(ভাৱনগৰ) আদি অঞ্চল সামৰি লয়।

ইয়াৰ পিচতে তেওঁ আহমেদাবাদত অনুষ্ঠিত এক সভাত ৰাজ্যখনত অব্যাহত ৰখা সাহায্য আৰু পুনৰ সংস্থাপন অভিযানৰ সমীক্ষা কৰে।

তেওঁ ঘূৰ্ণি প্ৰভাৱিত গুজৰাটৰ ৰাইজৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে ৰাজ্যখনত তাত্ক্ষণিক ভাবে সাহায্য অভিযান চলাব পৰাকৈ ১,০০০কোটি টকাৰ বিত্তীয় সহযোগিতা পুঁজি আৱণ্টণ দিয়াৰ কথা ঘোষণা কৰে। ইফালে,

ৰাজ্যখনত সংঘটিত ক্ষয়-ক্ষতিৰ সমীক্ষা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অচিৰেই এটি আন্তঃ মন্ত্ৰালয়ৰ প্ৰতিনিধিৰে গঠিত দল প্ৰেৰণ কৰাৰ কথাও ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে। এই দলৰ প্ৰতিবেদনৰ আধাৰতে পৰৱৰ্তি সময়ত সাহায্য আগবঢ়োৱা হ’ব।

প্ৰধানমন্ত্ৰীয়ে, ক্ষতিগ্ৰস্ত এলেকাসমূহত হোৱা আন্তঃগাঁথনিৰ পুনৰ-কাৰ্যক্ষম কৰি তোলা তথা পুনৰ্নিৰ্মাণৰ বাবে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱা হ’ব বুলিও আশ্বাস দিয়ে।

পৰিদৰ্শনৰ সময়ছোৱাতে প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ ক’ভিড-১৯ৰ শেহতীয়া পৰিস্থিতিৰো বুজ লয়। ৰাজ্যখনৰ বিষয়াবৰ্গই এই সম্পৰ্কীয় যাৱতীয় তথ্যৰে প্ৰধানমন্ত্ৰীক ক’ভিড পৰিস্থিতি সন্দৰ্ভত সবিশেষ অৱগত কৰাৰ ব্যৱস্থা কৰে।

এই যাত্ৰাত প্ৰধানমন্ত্ৰীক সংগ দিয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানী আৰু অন্যান্য শীৰ্ষ বিষয়াবৰ্গই।

ইফালে, দেশৰ বিভিন্ন ৰাজ্যত ‘টাউক্টে’ৰ তাণ্ডৱত ক্ষতিগ্ৰস্থ হোৱা ৰাইজৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে প্ৰধনমন্ত্ৰীয়ে এই দুৰ্যোগত হতাহত হোৱা লোকসকলৰ নিকটাত্মীয়লৈ সমবেদনা জ্ঞাপন কৰে।

 

তেওঁ ‘টাউক্টে’ৰ সংহাৰত কেৰালা, কৰ্ণাটক, গোৱা, মহাৰাষ্ট্ৰ, গুজৰাট, ৰাজস্থান আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ক্ৰমে দমন আৰু দিউ আৰু দাদ্ৰা আৰু নগৰ হাভেলীত নিহত হোৱাসকলৰ নিকটাত্মীয়লৈ ২লাখ আৰু আহতসকললৈ ৫০,০০০টকাৰ এককালীন সাহায্যও ঘোষণা কৰে।

এই সন্দৰ্ভত কৰা মন্তব্যত প্ৰধানমন্ত্ৰীয়ে ক্ষতিগ্ৰস্থ হোৱা ৰাজ্যসমূহে তেওঁলোকৰ ক্ষয়-ক্ষতিৰ প্ৰতিবেদন দাখিল কৰিলেই বিত্তীয় সহযোগিতা আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India remains among best-performing major economies: S&P Global

Media Coverage

India remains among best-performing major economies: S&P Global
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 এপ্ৰিল 2026
April 19, 2026

Building a Stronger Bharat: Infrastructure Revolution, Economic Resilience & Inclusive Welfare Under PM Modi