১৫০০কোটি টকাৰো অধিক পুঁজিৰে নিৰ্মিত আৰু প্ৰস্তাৱিত প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৫ জুলাই, ২০২১ত বাৰাণসী ভ্ৰমণ কৰিব। এই ভ্ৰমণ কালতে তেওঁ বহুকেইটা উন্নয়নী প্ৰকল্প উদ্বোধন কৰাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব।

দিনৰ প্ৰায় ১১বজাত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত স্থাপিত ১০০খন বিচনাযুক্ত চিকিত্সা মহাবিদ্যালয় হাস্পটালৰ এটা গোটৰ লগতে গদৈলিয়াত এটা ‘মাল্টী-লেভেল পাৰ্কিং’ ব্যৱস্থা, গংগা নদীত পৰ্যটন উন্নয়ণৰ বাবে ৰ’-ৰ’ ফেৰী সেৱা আৰু বাৰাণসী-গাজীপুৰ ঘাইপথত এখন তিনিখলপীয়া উৰণসেঁতুকে ধৰি প্ৰায় ৭৪৪কোটি টকা ব্যয় সাপেক্ষ প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। এই অনুষ্ঠানতে তেওঁ প্ৰায় ৮৩৯কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া বহুকেইটা উন্নয়ণী প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। এইসমূহ প্ৰকল্পৰ ভিতৰত আছে কেন্দ্ৰীয় পেট্ৰোকেমিকেল ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠান(চিআইপিইটি)ৰ এটা দক্ষতা আৰু কাৰিকৰী সহযোগিতা কেন্দ্ৰ, জল জীৱন মিছনৰ অধীনস্থ ১৪৩টা গ্ৰামীণ প্ৰকল্প আৰু কাৰ্খিয়ান্বত স্থাপিত হব লগা এটা আম আৰু পাচলিৰ সংহত ‘পেক-হাউছ’ নিৰ্মাণ প্ৰকল্প।

আনহাতে প্ৰায় ১২.১৫বজাত প্ৰধানমন্ত্ৰীয়ে জাপানৰ সহযোগিতাৰে ৰুদ্ৰাক্ষত স্থাপিত এটা আন্তঃৰাষ্ট্ৰীয় সমবায় আৰু সন্মিলন কেন্দ্ৰ আনুষ্ঠানিক ভাবে উদ্বোধন কৰিব। ইয়াৰ পিচত তেওঁ প্ৰায় ২বজাত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত স্থাপিত ‘মাতৃ আৰু শিশু স্বাস্থ্য গোট’টো মুকলি কৰাৰ পিচতে তেওঁ স্বাস্থ্য তথা চিকিত্সা বিভাগৰ চিকিত্সা বিশেষজ্ঞ আৰু বিষয়া-বৰ্গৰ সৈতে ক’ভিড পৰিস্থিতি সন্দৰ্ভত এক আলোচনাত মিলিত হব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry

Media Coverage

How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 জুলাই 2026
July 28, 2026

From Factories to Space & High-Speed Rail: How PM Modi’s Vision is Rewiring India’s Future