পাৰ্বতী কুণ্ডত পূজা অৰ্চনা আৰু দৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে গুঞ্জী গাঁও ভ্ৰমণ কৰিব, য’ত তেওঁ সেনা, আইটিবিপি আৰু বিআৰঅ’ জোৱানৰ লগতে স্থানীয় জনতাৰ সৈতে মত বিনিময় কৰিব
প্ৰধানমন্ত্ৰীয়ে জাগেশ্বৰ ধামত পূজা অৰ্চনা আৰু দৰ্শন কৰিব
পিথোৰাগড়ত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৪,২০০ কোটি টকাৰ একাধিক উন্নয়নমুলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰৰ নামত উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ অক্টোবৰ, ২০২৩ত উত্তৰাখণ্ড ভ্ৰমণ কৰিব৷

পুৱা প্ৰায় ৮:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে পিথোৰাগড় জিলাৰ জলিংকঙত উপস্থিত হ’ব, য’ত তেওঁ পাৰ্বতী কুণ্ডত পূজা অৰ্চনা আৰু দৰ্শন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই স্থানত পবিত্ৰ আদি-কৈলাশৰ পৰা আশীৰ্বাদো বিচাৰিব। আধ্যাত্মিক গুৰুত্ব আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে এই অঞ্চলটো সুপৰিচিত।

প্ৰধানমন্ত্ৰীয়ে পুৱা প্ৰায় ৯:৩০ বজাত পিথোৰাগড় জিলাৰ গুঞ্জী গাঁৱত উপস্থিত হ’ব, য’ত তেওঁ স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰিব আৰু স্থানীয় কলা আৰু সামগ্ৰীৰ ওপৰত আলোকপাত কৰা এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰিব। তেওঁ লগতে সেনা, ভাৰত-তীব্বত সীমান্ত আৰক্ষী (আইটিবিপি) আৰু সীমান্ত পথ সংস্থা (বিআৰঅ’)ৰ জোৱানৰ সৈতেও মত বিনিময় কৰিব।

দুপৰীয়া প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰীয়ে আলমোৰা জিলাৰ জাগেশ্বৰত উপস্থিত হ’ব, য’ত তেওঁ জাগেশ্বৰ ধামত পূজা অৰ্চনা আৰু দৰ্শন কৰিব। প্ৰায় ৬,২০০ ফুট উচ্চতাত অৱস্থিত জাগেশ্বৰ ধাম প্ৰায় ২২৪টা শিলৰ মন্দিৰেৰে গঠিত।

ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে দুপৰীয়া প্ৰায় ২:৩০ বজাত পিথোৰাগড়ত উপস্থিত হ’ব, য’ত তেওঁ গ্ৰাম্য উন্নয়ন, পথ, বিদ্যুৎ, জলসিঞ্চন, পানীয়, পানী, উদ্যান শস্য, শিক্ষা, স্বাস্থ্য আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি খণ্ডৰ সৈতে জড়িত প্ৰায় ৪,২০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰিব আৰু আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন আৰু ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰিবলগীয়া প্ৰকল্পসমূহৰ ভিতৰত পিএমজিএছৱাইৰ অধীনত গ্ৰামাঞ্চলত নিৰ্মাণ কৰা ৭৬টা গ্ৰাম্য পথ আৰু ২৫খন দলং; ৯খন জিলাত বিডিঅ’ৰ কাৰ্যালয়ৰ ১৫টা অট্টালিকা; কেন্দ্ৰীয় পথ পুঁজিৰ অধীনত নিৰ্মিত তিনিটা পথ যেনে-কৌসনী বাগেশ্বৰ পথ, ধৰী-দৌবা-গিৰিচিনা পথ আৰু নাগালা-কিচ্চা পথৰ উন্নীতকৰণ; ৰাষ্ট্ৰীয় ঘাইপথৰ দুটা পথৰ উন্নীতকৰণ যেনে-আলমোৰা পেটশাল- পানুৱানৌলা-দয়া (৩০৯বি নং ৰাষ্ট্ৰীয় ঘাইপথ) আৰু তানকপুৰ-চলথি (১২৫নং ৰাষ্ট্ৰীয় ঘাইপথ); খোৱাপানীৰ সৈতে জড়িত তিনিটা প্ৰকল্প যেনে-৩৮টা পাম্পিং খোৱাপানী আঁচনি, ৪১৯টা ঘনত্বভিত্তিক পানী যোগান আঁচনি আৰু তিনিটা টিউবৱেলভিত্তিক পানী যোগান আঁচনি; পিথোৰাগড়ৰ থাৰকোট কৃত্ৰিম হ্ৰদ; ১৩২ কেভি পিথোৰাগড়-লোহাঘাট (চাম্পাৱাট) বিদ্যুৎ পৰিবহন লাইন; উত্তৰাখণ্ডৰ ৩৯খন দলং আৰু বিশ্ব বেংকৰ পুঁজিৰে উত্তৰাখণ্ড দুৰ্যোগ পুনৰুদ্ধাৰ প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা ডেৰাডুনৰ উত্তৰাখণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ভৱন উদ্বোধন৷

আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহৰ ভিতৰত ২১,৩৯৮টা পলি-হাউচ নিৰ্মাণৰ আঁচনি, যিয়ে ফুল আৰু শাক-পাচলিৰ উৎপাদন বৃদ্ধি আৰু ইয়াৰ মান উন্নত কৰাত সহায় কৰিব; প্ৰচুৰ পৰিমাণে লগা আপেলৰ বাগিচা খেতিৰ বাবে এক আঁচনি; ৰাষ্ট্ৰীয় ঘাইপথৰ পথ উন্নীতকৰণৰ বাবে পাঁচটা প্ৰকল্প; ৰাজ্যখনত দুৰ্যোগৰ বাবে প্ৰস্তুতি আৰু সুস্থিৰতাৰ বাবে একাধিক পদক্ষেপ যেনে-দলং নিৰ্মাণ, দেৰাডুনত ৰাজ্যিক জৰুৰীকালীন অপাৰেচন চেণ্টাৰ উন্নীতকৰণ, বালিয়ানালা, নাইনিতালত ভূমিস্খলন প্ৰতিৰোধৰ পদক্ষেপ আৰু জুই, স্বাস্থ্য আৰু বনাঞ্চলৰ সৈতে জড়িত অন্যান্য আন্তঃগাঁথনিৰ উন্নতি; ৰাজ্যজুৰি ২০খন আদৰ্শ স্নাতক মহাবিদ্যালয়ত হোষ্টেল আৰু কম্পিউটাৰ লেবৰ উন্নয়ন; আলমোৰাৰ সোমেশ্বৰত ১০০ বিচনাযুক্ত উপ-জিলা চিকিৎসালয়; চম্পাৱতত ৫০খন বিচনাযুক্ত হাস্পতাল ব্লক; নাইনিতালৰ হালদ্বানী ষ্টেডিয়ামত এষ্ট্ৰ’টাৰ্ফ হকী খেলপথাৰ; ৰুদ্ৰপুৰৰ ভেলোড্ৰম ষ্টেডিয়াম; জাগেশ্বৰ ধাম (আলমোৰা), হাট কালিকা (পিথোৰাগড়) আৰু নাইনা দেৱী (নাইনিতাল) মন্দিৰকে ধৰি মন্দিৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মনচাকাণ্ড মন্দিৰ মালা মিছন আঁচনি আদি উল্লেখযোগ্য।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Defence ministry inks Rs 5,083 cr pact for acquisition of six Mk-III light helicopters and missiles

Media Coverage

Defence ministry inks Rs 5,083 cr pact for acquisition of six Mk-III light helicopters and missiles
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 মাৰ্চ 2026
March 04, 2026

Citizens Celebrate Colours of Confidence: PM Modi's Vision Powers Holi Joy, Jobs, Security, and Global Trust